![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e0/Pythagoras_in_the_Roman_Forum%252C_Colosseum.jpg/640px-Pythagoras_in_the_Roman_Forum%252C_Colosseum.jpg&w=640&q=50)
পাইথেগাৰাছ
From Wikipedia, the free encyclopedia
পাইথেগাৰাছ (ইংৰাজী: Pythagoras; আনুমানিক খ্ৰীষ্টপূৰ্ব ৫৭০ – খ্ৰীষ্টপূৰ্ব ৪৯৫)[2][3] আছিল প্ৰাচীন গ্ৰীচৰ গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু দাৰ্শনিক। তেওঁৰ জন্ম আৰু মৃত্যুৰ সঠিক সময় জনা নাযায়। তেওঁৰ জন্ম হৈছিল গ্ৰীচৰ ছামোছত। পাইথেগাৰাছে প্ৰচাৰ কৰিছিল যে ক্ষমতালোভী লোক কিছুমানক পৰম্পৰাগতভাৱে শাসকৰ আসনত বহুওৱাৰ সলনি গুণী-জ্ঞানী লোককহে তেনে পদত বহুৱাব লাগে। ইয়াৰ ফলত তেওঁ শাসকসকলৰ ৰোষত পৰিল। খ্ৰীষ্টপূৰ্ব ৫৩২ত তেওঁ ছামোছ এৰি ইটালীৰ ক্ৰটন নগৰলৈ যায় আৰু তাত নীতি আৰু ধৰ্মশাস্ত্ৰ অধ্যয়নৰ এক টোল গঢ়ি তোলে।
![]() ৰোমৰ কেপিটালিন সংগ্ৰহালয় থকা পাইথেগাৰাছৰ মূৰ্তি[1] | |
সম্পূৰ্ণ নাম | পাইথেগাৰাছ |
---|---|
জন্ম | আনুমানিক ৫৭০ খ্ৰীষ্টপূৰ্ব চাম'চ |
মৃত্যু | আনুমানিক ৪৯৫ খ্ৰীষ্টপূৰ্ব (বয়স প্ৰায় ৭৫ বছৰ) either Croton or Metapontum |
যুগ | Pre-Socratic philosophy |
অঞ্চল | Western philosophy |
ধাৰা | পাইথেগাৰাছবাদ |
আগ্ৰহ | |
উল্লেখযোগ্য কৰ্ম |
Attributed ideas:
|
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে
|
কোনো কোনোৱে বিশ্বাস কৰে যে পাইথেগাৰাছ থেলিছৰ চিন্তা-চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। থেলিছৰ সমস্ত ৰচনা তেওঁৰ হাতত পৰিছিল বুলিও বিশ্বাস কৰা হয়। পাইথেগাৰাছৰ কোনো ৰচনা বা গ্ৰন্থয়েই পোৱা হোৱা নাই। তেওঁৰ মতে বাস্তৱ জগতখনৰ সকলো তথ্যয়েই আনকি সংগীতকো গণিতৰ ভাষাত বা সংখ্যাত প্ৰকাশ কৰিব পাৰি। জ্যামিতিৰ কেইবাটাও কথা যেনে বিখ্যাত ‘পাইথেগাৰাছৰ উপপাদ্য’ তেওঁ আৱিষ্কাৰ কৰা বুলি কোৱা হয়।
পঞ্চম শতিকাৰ মাজভাগত পাইথেগাৰাছৰ মতবাদৰ বিৰুদ্ধে শাসকগোষ্ঠী আৰু ৰাইজ সজাগ হৈ উঠে আৰু টোলবোৰ ধ্বংস কৰা হয়। পাইথেগাৰাছৰ ছাত্ৰ ফিল’লাউছে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ নানা উদ্ভাৱন কিতাপৰ আকাৰত লেখি উলিয়াইছিল। পাছৰ দাৰ্শনিক এৰিষ্ট'টলে এই সকলো ধাৰণাকে পাইথেগাৰাছ আৰু তেওঁৰ ছাত্ৰসকলৰ সন্মিলিত ধাৰণা বুলি অভিহিত কৰিছে। পাইথেগাৰাছ আছিল অসামান্য প্ৰতিভাৰ অধিকাৰী। তেওঁ আছিল গণিত, দৰ্শন, জ্যোতিবিজ্ঞান আদি সকলোতে পাৰ্গত। পাইথেগাৰাছৰ শিক্ষাত গণিত শাস্ত্ৰ আৰু অতীন্দ্ৰিয়বাদ ধাৰণাৰ সংমিশ্ৰণত দেখা যায়।
তেখেতে গণিতলৈ দুটা অমূল্য অৱদান আগবঢ়াইছে। প্ৰথম, জ্যামিতিৰ প্ৰমেয়ৰ যুক্তিযুক্ত প্ৰমাণ দিয়া আৰু তেওঁ আঢ়ৈহাজাৰ বছৰ পূৰ্বেই অনুভৱ কৰিছিল যে স্বাভাৱিক সংখ্যাসমূহেই যথেষ্ট নহয়। তেওঁ স্বাভাৱিক সংখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। যথাযথভাৱে বিন্দু সজ্জিত কৰি কেনেকৈ বৰ্গক্ষেত্ৰ আৰু ত্ৰিভুজ নিৰ্মাণ কৰিব পৰা যায়, উদঙাই দেখুৱাই তেওঁ এহাতে সংখ্যাৰ লগত জ্যামিতিৰ সম্বন্ধ স্থাপন কৰিছিল আৰু তাঁৰৰ দৈৰ্ঘ্যৰ সৰল অনুপাত ক্ৰমে সুষম সংগীতধৰ্মী ধ্বনি, যেনে: তৃতীয়, অষ্টক আদি যে সৃষ্টি কৰিব পৰা যায়, সেই কথা আৱিষ্কাৰ কৰি তেখেতে পদাৰ্থবিদ্যাৰ লগত সংখ্যাৰ সম্বন্ধ স্থাপন কৰিছিল। ত্ৰিভুজ, বৰ্গক্ষেত্ৰ আৰু পঞ্চভুজৰ ওপৰত মহাজাগতিক গুৰুত্ব আৰোপ কৰি পাইথেগাৰাছৰ শিষ্যসকলে সমগ্ৰ গ্ৰীক জ্যামিতিৰ ভেটি গঢ়ি তুলিছিল।