প্ৰাক্-ছক্ৰেটেছীয় দৰ্শন
From Wikipedia, the free encyclopedia
প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনক (ইংৰাজী: Pre-Socratic philosophy) গ্ৰীক দৰ্শনৰ আৰম্ভণি-কাল বুলিও ক’ব পাৰি। প্ৰাচীন এই গ্ৰীক দৰ্শনটোৰ আৰ্ৱিভাৱ ঘটিছিল ছক্ৰেটিছৰ আগতে। প্ৰাক্-ছক্ৰেটেছীয় দাৰ্শনিকসকলক ব্ৰহ্মাণ্ড বিজ্ঞান, ব্ৰহ্মাণ্ডৰ আদিমতম অৱস্থা, ব্ৰহ্মাণ্ডৰ পদাৰ্থবোৰে আকৃষ্ট কৰিছিল। তেওঁলোকৰ অনুসন্ধানে প্ৰাকৃতিক পৃথিৱী, মানৱ সমাজ, নীতিকথা আৰু ধৰ্মক সমৃদ্ধ কৰিছিল। ঈশ্বৰ-নিৰ্দেশিত কাৰ্যকলাপৰ পৰিৱৰ্তে তেওঁলোকে প্ৰাকৃতিক নিয়মৰ আধাৰত ব্যাখ্যাৰ সন্ধান কৰিছিল। তেওঁলোকৰ কৰ্মৰাজি আৰু লিখা-মেলাৰ প্ৰায়বোৰেই হেৰাই গৈছে। তেওঁলোকৰ দৃষ্টিভংগীৰ সামান্য উমান পোৱা যায় পৰৱৰ্তী সময়ৰ লেখকসকলৰ ৰচনাত, যাক “টেষ্টিমনিয়া” বুলি কোৱা হয়। প্ৰাচীন গ্ৰীক পৃথিৱীতেই দৰ্শনে এক সাৰুৱা ভূমি লাভ কৰিছিল, কিয়নো তেওঁলোকে তেওঁলোকৰ প্ৰতিৱেশী সভ্যতাসমূহৰ লগত ঘনিষ্ঠতা বৰ্তাই চলিছিল। স্বতন্ত্ৰ সভ্য সমাজৰো উত্থান ঘটিছিল।
থেলছ, এনাক্সিমেণ্ডাৰ আৰু এনাক্সিমেনেছৰ জৰিয়তে প্ৰাক্-ছক্ৰেটেছীয় দৰ্শনে ষষ্ঠ খ্ৰীষ্টপূৰ্বত পাতনি মেলে। তেওঁলোকে পৃথিৱীৰ ‘আৰ্চি’ (arche-যাৰ অৰ্থ “উৎপত্তি”, “পদাৰ্থ” অথবা “নীতি” হ’ব পাৰে)-ক যথাক্ৰমে পানী, আপেইৰন (অসীম), আৰু ‘নাউছ’ (মন বা বুদ্ধিমত্তা) বায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় বুলি উল্লেখ কৰিছিল। আনতিনিগৰাকী প্ৰাক্-ছক্ৰেটেছীয় দাৰ্শনিক আছিল সমীপৱৰ্তী আইনিয়ান চহৰৰ। তেওঁলোক হৈছে-জেনোফেনছ্, হেৰাক্লিটাছ, আৰু পাইথাগোৰাছ। জেনোফেনছে ঈশ্বৰৰ নৰৰূপীকৰণ সম্বন্ধে কেতবোৰ সমালোচনা কৰি পৰিচিত হৈছিল। হেৰাক্লিটাছ জুইক পৃথিৱীৰ উৎপত্তিৰ কাৰণ বুলি অভিহিত কৰিছিল আৰু ‘অস্থায়িত্ব’ সন্দৰ্ভত উক্তি প্ৰদান কৰিছিল, যিসমূহ বুজিবলৈ অতি জটিল। পাইথাগোৰাছে মতবাদ দাঙি ধৰিছিল যে বিশ্ব-ব্ৰহ্মাণ্ডখন সংখ্যাৰ দ্বাৰা তৈয়াৰ হৈছে। পঞ্চম খ্ৰীষ্টপূৰ্বত ইলেয়াটিক স্কুলৰ পাৰমেনিডেছ, ইলিয়াৰ জেনো আৰু মেলিছাছ চৰ্চালৈ আহিছিল। পাৰমেনিডেছে দাবী তুলিছিল যে, কেৱল এটা মাত্ৰ বস্তুৰহে অস্তিত্ব থাকিব পাৰে আৰু একোৰেই পৰিৱৰ্তন নঘটে। জেনো আৰু মেলিছাছে পাৰমেনিডেছৰ দাবীক সমৰ্থন কৰিছিল। এনাক্সাগোৰাছ আৰু এম্পেড’ক্লিছে ব্ৰহ্মাণ্ড-সৃষ্টিৰ বিষয়টোক ‘বহুত্ববাদী দৃষ্টি’ৰে নিৰীক্ষণ কৰিছিল। ‘অণুবাদ’ৰ সমৰ্থন কৰি আৰু কেৱল পদাৰ্থ তথা ‘নিৰাকাৰ’ৰহে অস্তিত্ব আছে বুলি মত দি লিউচিপাচ আৰু ডেমোক্ৰিটাচো জনাজাত হৈছিল। ছফিবাদীসকলে সমালোচনাত্মক চিন্তা আৰু দাৰ্শনিক আপেক্ষিকতাক আগুৱাই নিছিল।