দৰ্শন
জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা / From Wikipedia, the free encyclopedia
দৰ্শন (ইংৰাজী: Philosophy) জ্ঞানৰ অন্যতম প্ৰাচীন এটি শাখা। ফিল’ছফী শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিলে গ্ৰীক চিন্তাবিদ থেলচ্। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সময়ত শব্দটো প্ৰথম ব্যৱহৃত হয়। থেলচ্ এ ফিল’ছফী শব্দটো ব্যৱহাৰ কৰে love of wisdom অৰ্থাত্ জ্ঞানৰ প্ৰতি অনুৰাগ হিচাপে।[1] দৰ্শনৰ সংজ্ঞা হিছাপে এই বিষয়টোকেই গ্ৰহণ কৰা যায়। আৰু নিৰ্দিষ্টভাৱে ক’ব গ’লে দৰ্শন জ্ঞানৰ এনে এটা ধাৰা য’ত, মানুহে কিভাবে জীৱন নিৰ্বাহ কৰা উচিত (নীতিবিদ্যা); কোন ধৰণৰ বস্তুৰ অস্তিত্ব আছে আৰু সিহঁতৰ প্ৰকৃতি কি (অধিবিদ্যা); প্ৰকৃত জ্ঞান বুলিলে যি বুজায় আৰু কাৰণ প্ৰদৰ্শনৰ সঠিক নীতি কি কি (যুক্তিবিদ্যা); এই বিষয়সমূহ সম্পৰ্কে আলোচনা কৰে।[2]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ফিল’ছফী শব্দটি প্ৰাচীন গ্ৰীক ভাষাৰ পৰা উত্পত্তি হৈছে। গ্ৰীক ভাষাত φιλοσοφία (philosophía) শব্দটো φίλος (ফিলছ: বন্ধু, ভালপোৱাৰ পাত্ৰ) আৰু σοφία (ছফিয়া: প্ৰজ্ঞা) শব্দদুটা জড়িত হৈ উত্পত্তি হৈছে।[3][4] ইয়াৰ পৰা স্পষ্টভাৱে বুজা যায় যে, দৰ্শনৰ লগত প্ৰজ্ঞা, আৰু নিৰ্দিষ্টভাৱে ক’ব গ’লে প্ৰজ্ঞাৰ প্ৰতি ভালপোৱাৰ মূল সম্পৰ্ক আছে। জ্ঞান আৰু প্ৰজ্ঞা একেই নহয়। ঘটনা আৰু তথ্য সম্পৰ্কে স্পষ্ট আৰু নিৰ্ভুল ধাৰণাৰ পৰা জ্ঞান লাভ কৰা যায়, কিন্তু দাৰ্শনিক (যিয়ে দৰ্শন চৰ্চা কৰে সেই ব্যক্তিক দাৰ্শনিক বোলা হয়) কেৱল তথ্যগত জ্ঞানৰ ওপৰতে নিৰ্ভৰ নকৰে। দৰ্শনৰ প্ৰধান কাম্য বিষয় প্ৰজ্ঞা। প্ৰজ্ঞাৰ অনুসন্ধান আৰু চৰ্চাৰ মাধ্যমৰে দৰ্শনে বিকাশ লাভ কৰে।[1]
আন এক দিশৰপৰা চাবলৈ গ'লে দৰ্শন শব্দটো সংস্কৃত দৃশ ধাতুৰ পৰা আহিছে যাৰ সাধাৰণ অৰ্থ দেখা পোৱা যদিও ইয়াত দৰ্শন শব্দটোৱে গভীৰ তাৎপর্য গ্ৰহণ কৰিছে।ইয়াত দৰ্শন মানে মাথোঁ দেখা পোৱাই নহয়, ই সত্যৰ সাক্ষাৎ উপলব্ধি অৰ্থাৎ দৰ্শনৰ জৰিয়তে আমি জগৎ আৰু জীৱনৰ সত্যক উপলব্ধি কৰাৰ চেষ্টা কৰোঁ।[2]
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে, "দৰ্শন হৈছে বাস্তৱ প্ৰকৃতিৰ তৰ্কমূলক অনুসন্ধান।"(Philosophy is the logical enquiry into the nature of reality.)