স্বাভাৱিক সংখ্যা
From Wikipedia, the free encyclopedia
স্বাভাৱিক সংখ্যা (ইংৰাজী: Natural Number) মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তিয় কাম কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক বুজায়। এই সংখ্যা হৈছে মানুহে ব্যৱহাৰ কৰা সবাতোকৈ আদিম সংখ্যা পদ্ধতিবোৰৰ এটা।
এই গণিত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
■ স্বাভাৱিক সংখ্যাৰ সংহতি (seats) অসীম। ইয়াক ইংৰাজী N আখৰেৰে প্ৰকাশ কৰা হয়। [1]
■ স্বাভাৱিক সংখ্যাৰ সংহতি হ'ল- {১,২,৩,৪,৫,৬,৭,৮,৯,১০,...}
গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল ১
[বিঃদ্ৰ] স্বাভাৱিক সংখ্যাৰ সংহতিত শূন্যক অন্তভুৰ্ক্ত কৰাক লৈ মতভেদ আছে। কোনোবাই মাথোঁ ধনাত্মক পূৰ্ণসংখ্যাক স্বাভাৱিক সংখ্যা বুলি কয়; {১,২,৩, ...}। আকৌ কোনোবাই অঋণাত্মক সংখ্যাৰ সংহতি {০,১,২,৩, ...} দি সংজ্ঞা প্ৰদান কৰে। প্ৰথম সংজ্ঞাটো প্ৰাচীনকালৰ পৰাই চলি আহিছে, দ্বিতীয়টো উনিশ শতকত জনপ্ৰিয় হয়। আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিত প্ৰথমটোক প্ৰাধান্য দিয়া হৈছে।
গণিত শিক্ষাৰ আৰম্ভণি হয় নিম্নোক্ত পূৰ্ণ সংখ্যাবোৰৰ পৰা:
১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ...
পৰৱৰ্তীকালত শূন্যৰ অন্তৰ্ভুক্তিৰ দ্বাৰা গণিতৰ জ্ঞান আৰু এধাপ ওপৰলৈ আগবাঢ়িল।
০, ১, ২, ৩, ৪, ৫, ৬, ৯,৮, ...
গণিত স্বাভাৱিক সংখ্যৰ দুটা অৰ্থ প্ৰচলিত হৈ আছে। স্বাভাবিক সংখ্যাৰ প্ৰথম গাণিতিক সংজ্ঞা দিছিল গটলব ফ্ৰেগে (ঊনবিংশ শতাব্দীতে) আৰু ইয়াৰ পিছৰজন আছিল বাৰ্ট্ৰাণ্ড ৰাচেল।