![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/9b/Assam_locator_map.svg/langas-640px-Assam_locator_map.svg.png&w=640&q=50)
খাদৈচুক গাঁও
From Wikipedia, the free encyclopedia
খাদৈচুক (ইংৰাজী: Khadoi chuck) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এখন গাঁও। [1] জামুগুৰিহাটৰ কেন্দ্ৰ অংশৰ পৰা পশ্চিম দিশলৈ প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈত এই গাঁওখন অৱস্থিত। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এই গাওঁখনৰ লোকসকল নাথ-যোগী সম্প্ৰদায়ৰ।
ক্ষিপ্ৰ তথ্য খাদৈচুক, দেশ ...
খাদৈচুক | |
---|---|
— গাঁও — | |
![]() |
|
ভৌগোলিক স্থানাংক: 26.7205°N 92.9146°E / 26.7205; 92.9146 | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | শোণিতপুৰ |
চহৰ | জামুগুৰিহাট |
চৰকাৰ | |
- পৰিষদ | গাঁও পঞ্চায়ত |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
পিন নং | ৭৮৪১৮০ |
কাষৰীয়া চহৰ | তেজপুৰ, বিশ্বনাথ চাৰিআলি |
নাগৰিক সংস্থা | গাঁও পঞ্চায়ত |
বন্ধ কৰক
মূলতঃ জামুগুৰি-চকিঘাট সংযোগী পথৰ দুয়োপাৰে এই গাঁৱৰ বসতি বিস্তাৰিত হৈছে। মুখ্য পথৰপৰা এৰাবাৰী-চুটিয়ামৰ ফালে গাঁওখনৰ এটা অংশ ফাটি গৈছে। কিছুদূৰ পশ্চিমলৈ আগুৱাই আহি আন এটা অংশ উধৱৰা চুক গাঁৱৰ ফালে ফাটি গৈছে। এই পথৰ সোঁ-হাতে গাঁওখনৰ নামঘৰটো (26.721493°N 92.914789°E / 26.721493; 92.914789) আছে। পশ্চিম জামুগুৰিৰ দিশত গাঁওখনৰ পৰা আন এটা পথ হাটবৰ গাঁৱলৈ বুলি ফাটি গৈছে। এই অংশতে এটা এম/এছ এম বি পেট্ৰ’ল-ডিজেল ৰিফিল ষ্টেচন (26.720456°N 92.912246°E / 26.720456; 92.912246) আৰু এটা মন্দিৰ আছে।