বিশ্বনাথ চাৰিআলি
বিশ্বনাথ জিলাৰ এখন নগৰ / From Wikipedia, the free encyclopedia
বিশ্বনাথ চাৰিআলি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উল্লেখযোগ্য নগৰ আৰু বিশ্বনাথ জিলাৰ সদৰ । বিশ্বনাথ চাৰিআলি নগৰ বৰ্তমান বিশ্বনাথ চাৰিআলি পৌৰসভাৰ অন্তৰ্গত । ই তেজপুৰৰ পৰা প্ৰায় ৭৫ কিঃমিঃ আৰু গুৱাহাটীৰ পৰা প্ৰায় ২৫৫ কিঃমিঃ নিলগত অৱস্থিত। বিশ্বনাথ মন্দিৰ বা গুপ্তকাশী আৰু বিশ্বনাথ ঘাট পৰ্যটকৰ বাবে এক আকৰ্ষণীয় ঠাই । মূলতঃ ব্ৰিটিছৰ দিনতে স্থাপন হোৱা কেইবাখনো চাহ বাগিছা আৰু তাৰ লগত জড়িত ব্যৱসায় বাণিজ্যক কেন্দ্ৰ কৰিয়েই নগৰখন গঢ় লৈ উঠিছিল । বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত মোনাবাৰী চাহ বাগান এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ চাহ বাগান[1]।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বিশ্বনাথ চাৰিআলি | |||
চাৰিআলি | |||
— নগৰ — | |||
স্থানাঙ্ক | 26.75°N 94.22°E / 26.75; 94.22 | ||
দেশ | ভাৰত | ||
অঞ্চল | উজনি অসম | ||
ৰাজ্য | অসম | ||
জিলা | বিশ্বনাথ জিলা | ||
উপায়ুক্ত | |||
জনসংখ্যা | 19,145 (2011[update]) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
ক'ড
|