উজনি অসম
From Wikipedia, the free encyclopedia
উজনি অসম হৈছে অসমৰ এক প্ৰশাসনিক খণ্ড বা সংমণ্ডল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উচ্চাংশৰ অবিভক্ত লখিমপুৰ আৰু শিৱসাগৰৰে ই গঠিত হৈছে। অইন খণ্ডসমূহ হৈছে নামনি অসম, উত্তৰ অসম আৰু পৰ্বতীয়া আৰু বৰাক উপত্যকা। এই বিশেষ খণ্ডটো যোৰহাট জিলাৰ বিচাৰ-ব্যৱস্থাৰ অধীন।
উজনি অসম | |
---|---|
— অসমৰ সংমণ্ডল — | |
A bird's eye view of Dibrugarh city.jpgডিব্ৰুগড়, উজনি অসমৰ এক উল্লেখযোগ্য চহৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
ৰাজধানী | চৰাইদেউ, গড়গাঁও, শদিয়া (মধ্যযুগৰ) |
জনসংখ্যা | |
- মুঠ | ৭৫,০০,০০০ জন |
সময় অঞ্চল | ইউ টি চি +০৫:৩০ (ভাৰতীয় মান সময়) |
প্ৰাৰম্ভিক অৱস্থাত সাতখন জিলাৰে গঠিত হোৱা উজনি অসমৰ খণ্ডটিত জিলাৰ সংখ্যা এতিয়া নখনলৈ বৃদ্ধি পাইছে। সেইকেইখন হৈছে-যোৰহাট, ডিব্ৰুগড়, ধেমাজি, শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, লখিমপুৰ, মাজুলী,আৰু তিনিচুকীয়া। উল্লেখনীয় যে, চৰাইদেউ আৰু মাজুলী নতুনকৈ গঠিত হোৱা জিলা। ২০১৬ চনত এই দুখনে জিলাৰ মৰ্যাদা পাইছিল।[1][2] বৰ্গকিলোমিটাৰৰ ভিত্তিত বৃহত্তম গোলাঘাট আৰু তিনিচুকীয়া জিলাই ১৯৮৭ আৰু ১৯৮৯ চনত যথাক্ৰমে জিলাৰ মৰ্যাদা পাইছিল।[3][4]
ডিব্ৰুগড়,1 গোলাঘাট2 আৰু যোৰহাট3 জিলাও এই খণ্ডৰ পুৰণি আৰু জনবসতিৰে পূৰ্ণ চহৰাঞ্চল (পৌৰ অঞ্চল)। স্বাধীনতাৰ পূৰ্বতেই এই তিনিখন জিলাৰ গঠন আৰম্ভ হৈছিল।[5]
বৃহত্তৰ উজনি অসম অঞ্চলটোৱে শোণিতপুৰ, বিশ্বনাথ জিলা, কাৰ্বি আংলং আৰু নগাঁও জিলাকো সামৰি লৈছে। এই খণ্ডটো ৰাজ্যৰ সৰ্বাধিক উৎপাদনশীল অংশ। উজনি অসম প্ৰাকৃতিক সম্পদ যেনে কয়লা, তেল আৰু প্ৰাকৃতিক গেছত চহকী। উজনি অসমত চাহৰ খেতি ব্যাপক ৰূপত কৰা হয়।