From Wikipedia, the free encyclopedia
প্ৰশাসনিক সুবিধাৰ বাবে অসমক পাঁচটা প্ৰশাসনিক বিভাগত ভাগ কৰা হৈছে। এই প্ৰশাসনিক বিভাগ বোৰকে সংমণ্ডল বোলা হয়। প্ৰতিটো সংমণ্ডল কেইখনমান জিলাৰ সমষ্টি। এই বিভাগ সমূহ সংমণ্ডলীয় কমিছনাৰৰ দ্বাৰা শাসিত।
১৮৭৪ চনত চিফ কমিছনাৰছ প্ৰভিডেন্স হিচাপে অসম গঠন কৰা হৈছিল। তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং। প্ৰশাসনিক সুবিধাৰ বাবে তেতিয়া অসমক ছয়খন জিলাত বিভক্ত কৰা হয়। সেইকেইখন হল: গোৱালপাৰা, কামৰূপ, শোণিতপুৰ, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ জিলা। এই গোটেইকেখন জিলা ব্ৰহ্মপুত্ৰ উপত্যকাৰ। তেতিয়া ইয়াক অসম উপত্যকা বুলিও জনা গৈছিল। ১৮৮০ চনত অসম উপত্যকাৰ ন্যায়াধীশ জনক কমিছনাৰ ৰূপে অতিৰিক্ত দায়িত্ব দিয়া হৈছিল।[3]১৯০৫ চনত অসম উপত্যকাৰ ন্যায়াধীশ আৰু কমিছনাৰৰ কাৰ্যালয় পৃথক কৰা হয়।[4] লগতে পাৰ্বত্য জিলা আৰু সুৰমা উপত্যকাৰ প্ৰশাসনৰ বাবে কমিছনাৰৰ কাৰ্যালয় স্থাপন কৰা হয়।[5]
সংমণ্ডলৰ নাম | বিভাগীয় কাৰ্যালয় | অন্তৰ্ভুক্ত জিলা |
---|---|---|
পাৰ্বত্য আৰু বৰাক উপত্যকা | দিছপুৰ | কাছাৰ, ডিমা হাছাও, হাইলাকান্দি, কাৰ্বি আংলং, আৰু কৰিমগঞ্জ |
নামনি অসম | পাণবজাৰ | বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, আৰু কোকৰাঝাৰ |
উত্তৰ অসম | তেজপুৰ | দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, আৰু ওদালগুৰি |
উজনি অসম | যোৰহাট | ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, আৰু তিনিচুকীয়া |
সংমণ্ডল | বিভাগীয় কাৰ্যালয় | অন্তৰ্ভুক্ত জিলা |
---|---|---|
বৰাক উপত্যকা | শিলচৰ | কাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ |
মধ্য অসম | নগাঁও | ডিমা হাছাও, হোজাই, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, আৰু নগাঁও |
নামনি অসম | পাণবজাৰ | বাক্সা, বৰপেটা, বজালী, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, আৰু দক্ষিণ শালমাৰা মানকাচৰ |
উত্তৰ অসম | তেজপুৰ | বিশ্বনাথ, দৰং, শোণিতপুৰ, আৰু ওদালগুৰি |
উজনি অসম | যোৰহাট | চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, আৰু তিনিচুকীয়া |
সংমণ্ডল | বিভাগীয় কাৰ্যালয় | অন্তৰ্ভুক্ত জিলা |
---|---|---|
পাৰ্বত্য অসম | ডিফু | ডিমা হাছাও, পূব কাৰ্বি আংলং, আৰু পশ্চিম কাৰ্বি আংলং |
বৰাক উপত্যকা | শিলচৰ | কাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ |
বড়োলেণ্ড | কোকৰাঝাৰ | বাক্সা, চিৰাং, কোকৰাঝাৰ, আৰু ওদালগুৰি |
মধ্য অসম | নগাঁও | হোজাই, মৰিগাঁও, আৰু নগাঁও |
কামৰূপ | পাণবজাৰ | দৰং, কামৰূপ মেট্ৰ', আৰু কামৰূপ গ্ৰাম্য |
নামনি অসম | বঙাইগাঁও | বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, নলবাৰী, আৰু দক্ষিণ শালমাৰা–মানকাচৰ |
উত্তৰ অসম | তেজপুৰ | বিশ্বনাথ, লখিমপুৰ, আৰু শোণিতপুৰ |
উজনি অসম | যোৰহাট | চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, আৰু তিনিচুকীয়া |
ভাৰতে স্বাধীনতা লাভ কৰা আগৰে পৰা অসমৰ কেইখন ঠাই নগৰ হিচাপে স্বীকৃতি পাইছিল। এই নগৰ সমূহত প্ৰশাসনৰ বাবে পৌৰসভা গঠন কৰা হৈছিল। সেই পুৰণি নগৰ সমূহৰ তালিকা তলত দিয়া হৈছে:[8][9]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.