From Wikipedia, the free encyclopedia
গিৰীশ ৰঘুনাথ কৰ্ণাড (ইংৰাজী: Girish Karnad; ১৯ মে' ১৯৩৮ – ১০ জুন ২০১৯)[1] এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক,[2] নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। তেওঁ ঘাইকৈ দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ উদ্যোগ আৰু বলিউডত সক্ৰিয় আছিল। ১৯৬০ৰ দশকত নৱ ভাৰতীয় নাট্যজগতত তেওঁ কন্নড় ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।[3] তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।[4]
গিৰীশ কৰ্ণাড | |
---|---|
কৰ্ণেল বিশ্ববিদ্যালয়ত গিৰীশ কৰ্ণাড, ২০০৯ | |
জন্ম | গিৰীশ ৰঘুনাথ কৰ্ণাড ১৯ মে', ১৯৩৮ মাথেৰণ, বোম্বে প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ১০ জুন, ২০১৯ (৮১ বছৰ) বেংগালুৰু, কৰ্ণাটক, ভাৰত |
পেচা | নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, অভিনেতা, চিত্ৰ্যনাট্যকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | কৰ্ণাটক বিশ্ববিদ্যালয় অক্সফোৰ্ড বিশ্ববিদ্যালয় |
সময় | ১৯৩৮-২০১৯ |
ধৰণ | কল্পসাহিত্য |
সাহিত্যিক বিপ্লৱ | নব্য কন্নড় সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি | টুঘলক ১৯৬৪ তালেদণ্ড |
সন্তান | ৰঘু কৰ্ণাড |
চাৰি দশক জুৰি গিৰীশ কৰ্ণাডে ঐতিহাসিক আৰু ধৰ্মীয় আখ্যানমূলক কাহিনীক বৰ্তমান সময়ৰ লগত খাপ খুৱাই নাট্যৰ যোগেৰে প্ৰতিফলিত কৰিছে। তেওঁৰ নাটক সমূহ ইংৰাজীকে আদি কৰি বিভিন্ন ভাষাত অনূদিত হৈছে। লগতে বহুতে বিখ্যাত নাট্য পৰিচালকে তেওঁৰ নাটক মঞ্চস্থ কৰিছে।
তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ জগতৰ লগতো সক্ৰিয় ভাবে চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু চিত্ৰনাট্যকাৰ হিচাপে জড়িত হৈ আছিল। তেওঁৰ হিন্দী আৰু কন্নড় বোলছবিয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিব সক্ষম হৈছে। তেওঁ বিভিন্ন শাখাৰ সৰ্বমুঠ ১০টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৭টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ১৯৭৪ চনত পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।
২০১৯ চনৰ ১০ জুন তাৰিখে দীৰ্ঘদিন অসুস্থতাৰ ফলত ৮১ বছৰ বয়সত বেংগালুৰুত গিৰীশ কৰ্ণাডে শেষ নিশ্বাস ত্যাগ কৰে।
১৯৩৮ চনৰ ১৯ মে' তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেচিডেন্সিৰ মাথেৰণত গিৰীশ কৰ্ণাডৰ জন্ম হৈছিল। তেওঁৰ এটি সন্তানৰ সৈতে বিধৱা মাতৃ কৃষ্ণাবাঈয়ে ধাত্ৰীবিদ্যাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থাকোঁতে বোম্বে মেডিকেল সেৱাত কৰ্মৰত ডাঃ ৰঘুনাথ কৰ্ণাডক লগ পায়। সমাজত বিধৱা পুনৰবিবাহৰ নিয়ম নথকাৰ বাবে তেওঁলোকে পাঁচ বছৰলৈ বিয়া কৰাব পৰা নাছিল। পিছত আৰ্য সমাজৰ সহায়ত তেওঁলোকৰ বিবাহ সম্পন্ন হয়। তেওঁলোকৰ তাৰপিছত জন্ম হোৱা চাৰি সন্তানৰ ভিতৰত গিৰীশ তৃতীয় সন্তান।[5]
তেওঁ প্ৰাৰম্ভিক শিক্ষা মাৰাঠী ভাষাত গ্ৰহণ কৰিছিল। তেওঁ কৰ্ণাটকৰ সৃষ্টিত থাকোঁতে তেওঁ থিয়েটাৰ দল, নাটক মণ্ডলীত যোগ দিয়াৰ সুযোগ লাভ কৰে।[6] শৈশৱত তেওঁ গাঁৱৰ থিয়েটাৰ যক্ষগণৰ ডাঙৰ প্ৰশংসক আছিল।[7] ১৪ বছৰ বয়সত তেওঁৰ পৰিয়ালে কৰ্ণাটকৰ ধাৰৱাদলৈ উঠি আহে।[8]
১৯৫৮ চনত তেওঁ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ধাৰৱাদৰ কৰ্ণাটক কলা মহাবিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰ আৰু পৰিসংখ্যা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায় আৰু তত তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ মেগডালেন কলেজত দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি অধ্যয়ন কৰে। ৰডছ স্কলাৰ হিচাপে তেওঁ ১৯৬৩ চনত দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[9] তেওঁ ১৯৬২-৬৩ চনত অক্সফোৰ্ড ইউনিয়নৰ অধ্যক্ষ পদত নিৰ্বাচিত হৈছিল।[10]
– চান্থ শিশুনাল চাৰিফা
গিৰীশ কৰ্ণাডে সৰস্বতী গণপতিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী সন্তান আছে। তেওঁ বেংগালুৰুত বসবাস কৰিছিল।[9] ২০১৯ চনৰ ১০ জুন তাৰিখে দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত বেংগালুৰুত তেওঁৰ মৃত্যু হয়।[17][18]
গিৰীশ কৰ্ণাডে বহুসাংস্কৃতিবাদ আৰু অভিব্যক্তিৰ স্বাধীনতাৰ প্ৰতি সদায় মাত মাতিছিল। তেওঁ ধৰ্মৰ নামত কুসংস্কাৰ, ধৰ্মীয় মৌলবাদ আৰু হিন্দুত্বৰ বিষয়ে সমালোচনা কৰিছিল। ১৯৯২ চনৰ বাবৰী মছজিদ ধ্বংসক তেওঁ ৰাজহুৱাকৈ নিন্দা কৰিছিল।[9] তেওঁ সদায় ধৰ্মনিৰপেক্ষতাৰ পক্ষত থিয় দিছিল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ভাৰতীয় জনতা পাৰ্টি আৰু অন্যান্য হিন্দু সংস্থা সমূহৰ প্ৰবল বিৰোধিতা কৰিছিল।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.