সৌৰজগত
From Wikipedia, the free encyclopedia
সূৰ্য আৰু তাক কেন্দ্ৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন লগতে সিহঁতৰ উপগ্ৰহসমূহ, গ্ৰহবোৰৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণু, লগতে সূৰ্য্যৰ লগত মহাকৰ্ষণ শক্তিৰ বলত বান্ধ খাই ইয়াক প্ৰদক্ষিণ কৰি থকা সকলো মহাজাগতিক পদাৰ্থক একেলগে সৌৰজগত (ইংৰাজী: Solar System) বোলে। আজিৰ পৰা প্ৰায় ৪.৬ বিলিয়ন বছৰৰ পূৰ্বে এক বৃহৎ আণৱিক ডাৱৰৰ খুন্দাৰ ফলত সৌৰজগতৰ সৃষ্টি হৈছিল। সূৰ্য ইয়াৰ সকলো সদস্যৰ সৈতে প্ৰায় কাঁহী আকাৰত আছে যাক “ইক্লিপ্টিক প্লে’ন” (ইংৰাজী: ecliptic plane) বুলি কোৱা হয়। ইক্লিপ্তিক প্লে’নৰ মূঠ ভৰৰ অধিকাংশ অধিকাৰ কৰি থকা গ্ৰহ কেইটাই প্ৰায় বৃত্তকাৰ কক্ষপথেৰে সূৰ্য্যক প্ৰদক্ষিণ কৰে। ইয়াৰে তুলনামূলক ভাৱে সৰু ৪টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল বিশেষকৈ শিল আৰু ধাতুৰ দ্বাৰা গঠিত। এই গ্ৰহ কেইটাক অভ্যন্তৰীণ গ্ৰহ বোলে। বাকী চাৰিটা গ্ৰহক বাহ্যিক গ্ৰহ বোলে। এই গ্ৰহকেইটা প্ৰধানকৈ হাইড্ৰ’জেন আৰু হিলিয়াম গেছৰ দ্বাৰা গঠিত।
সৌৰজগতত ৫টা গ্ৰহাণুপুঞ্জৰ পটি আছে – এটা মংগল আৰু বৃহস্পতিৰ মাজত যি শিল আৰু ধাতুৰে গঠিত আৰু আনটো পতি আছে নেপচুন গ্ৰহৰ পাছত যাক কুইপাৰ বেল্ট (ইংৰাজী: Kuiper belt) বোলা হয়, ই বৰফ, এম’নিয়া আৰু মিথেনৰ দ্বাৰা গঠিত। এই বেল্টৰ ৫টা মহাজাগতিক খণ্ড – প্লুট', হাউনেয়া, মাকেমাকে (ইংৰাজী: makemake) আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ(dwarf planet) বুলিও কোৱা হয়। কাল্পনিক অ’ৰ্ট ক্লাওড (oort cloud) যি অতি দীৰ্ঘ সময়ৰ মূৰত দেখা দিয়া ধুমকেতুৰ উৎস বুলি ভৱা হয়, এই ক্ষেত্ৰৰ পৰা প্ৰায় এহেজাৰ গুণ আঁতৰত।
সৌৰজগতৰ অন্যান্য সদস্য সমূহ হ’ল -ধুমকেতু, আন্তঃগ্ৰহীয় ধূলি, আৰু উপগ্ৰহ সমূহ। উপগ্ৰহ হ’ল গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰা গ্ৰহ গুণ সম্পন্ন মহাকাশীয় অৱয়ব।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
সৌৰজগতৰ গ্ৰহ আৰু বাওনা গ্ৰহ; আকাৰ স্কেলত আছে, কিন্তু সূৰ্যৰ পৰা দূৰত্ব স্কেলত নাই। | |
বয়স | 4.568 billion years |
---|---|
অৱস্থান | Local Interstellar Cloud, Local Bubble, Orion–Cygnus Arm, Milky Way |
প্ৰণালীটোৰ ভৰ | 1.0014 solar masses |
নিকটতম তৰা | Proxima Centauri (4.22 ly), Alpha Centauri system (4.37 ly) |
Nearest known planetary system | Alpha Centauri system (4.37 ly) |
Semi-major axis of outer planet (Neptune) | 4.503 billion km (30.10 AU) |
কুইপাৰ ক্লিফলৈ দূৰত্ব | 50 AU |
জনসংখ্যা | |
তৰা | 1 |
গ্ৰহ | 8 |
জ্ঞাত বাওনা গ্ৰহ | 5 (dozens more awaiting confirmation, possibly hundreds) |
জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ | 403 (176 of planets[1] and 227 of minor planets[2]) |
জ্ঞাত গৌণ গ্ৰহ | 590,543[1] |
জ্ঞাত ধূমকেতু | 3,162[1] |
চিনাক্তকৃত গোলাকাৰ উপগ্ৰহ | 19 |
Invariable-to-galactic plane inclination | 60.19° (ecliptic) |
গেলেক্টিক কেন্দ্ৰলৈ দূৰত্ব | 27,000±1,000 ly |
কক্ষীয় দ্ৰুতি | 220 km/s |
কক্ষীয় কাল | 225–250 Myr |
বৰ্ণালী-সম্বন্ধীয় প্ৰকাৰ | G2V |
ফ্ৰ'ষ্ট ৰেখা | 2.7 AU |
হেলিঅ'প'জলৈ দূৰত্ব | ~120 AU |
Hill sphere radius | ~1–2 ly |