গ্ৰহ
From Wikipedia, the free encyclopedia
গ্ৰহ (ইংৰাজী: Planet) হৈছে কোনো তৰা বা মৃত তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা এক প্ৰকাৰৰ জ্যোতিৰ্বৈজ্ঞানিক পিণ্ড যি
- নিজৰ মাধ্যাকৰ্ষণৰ ফলত গোলাকৃতিৰ হৈ থাকে,
- তাপনিউক্লিয় সংযোজন ঘটাবলৈ অপৰাগ, আৰু
- মাধ্যাকৰ্ষণিক পৰিসৰ থকা সকলো বস্তুকে নিজৰ ফাললৈ আকৰ্ষিত কৰে।[টোকা 1][1][2]
| ||||
সৌৰ জগতৰ গ্ৰহ আঠটা
সূৰ্যৰ পৰা ক্ৰমান্নয়ে আৰু প্ৰকৃত ৰঙত দেখুওৱা হৈছে। আকাৰ মাপ অনুযায়ী নাই। |
গ্ৰহৰ ইংৰাজী প্ৰতিশব্দ planet এটা পুৰনা শব্দ, ই ঐতিহাসিক, জ্যোতিৰ্বৈজ্ঞানিক, বৈজ্ঞানিক, পৌৰাণিক, আৰু ধৰ্মীয় বিষয়ৰ সৈতে জড়িত আছে। সৌৰজগতৰ কেইবাটাও গ্ৰহ খালি চকুৰে দেখা পোৱা যায়। বহুতো সংস্কৃতিত এই গ্ৰহবোৰক স্বৰ্গীয়, অথবা দেৱতা বুলি বিবেচনা কৰা হৈছিল। মানুহৰ বৈজ্ঞানিক জ্ঞানৰ অগ্ৰগতিৰ লগে লগে গ্ৰহ সম্পৰ্কীয় এই ধাৰণাসমূহ সলনি হবলৈ ধৰে।
গ্ৰীক জ্যোতিৰ্বিদ টলেমিৰ মতে গ্ৰহসমূহে ভিন্ন আৰু উপ-বৃত্তাকাৰ পথেৰে পৃথিৱীক পৰিভ্ৰমণ কৰে। গ্ৰহবোৰে সূৰ্যৰ প্ৰদক্ষিণ কৰাৰ ধাৰণাটো বহু সময়ত উত্থাপন কৰা হৈছিল, যদিও ১৭শ শতিকাত গেলিলিওৰ দূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰা পৰ্যবেক্ষণ কৰি প্ৰমাণ আহৰণ কৰাৰ পিছতহে ইয়াক মানি লোৱা হৈছিল।