হিন্দু ধৰ্মৰ কিংবদন্তি From Wikipedia, the free encyclopedia
সমুদ্ৰ মন্থন বা সাগৰ মন্থন বা ক্ষীৰসাগৰ মন্থন (সংস্কৃত: समुद्रमन्थन , ইংৰাজী: Samudra Manthana) হিন্দু ধৰ্মৰ বহুলভাৱে জনাজাত কিংবদন্তিসমূহৰ অন্যতম।[1][2] সমুদ্ৰ মন্থনৰ বিষয়ে ভাগৱত পুৰাণ, মহাভাৰত আৰু বিষ্ণু পুৰাণত বিস্তৃত বৰ্ণনা পোৱা যায়। দেৱতা আৰু অসুৰসকলে মিলি বিষ্ণুৰ সহযোগত ক্ষীৰ সাগৰ মন্থন কৰে। সাগৰ মন্থনৰ মূল উদ্দেশ্য আছিল সমুদ্ৰৰ পৰা অমৃত আহৰণ কৰা। এই কাৰ্যৰ যোগেদি অমৃতৰ লগতে সমুদ্ৰৰ পৰা বহুকেইবিধ ৰত্ন, দৈৱিক জন্তু, লক্ষ্মী, অলক্ষ্মী, অপ্সৰা, হলাহল, কল্পবৃক্ষ আদিৰো আৱিৰ্ভাৱ ঘটে।
আখ্যান অনুসৰি এবাৰ স্বৰ্গাধিপতি ইন্দ্ৰই বাহন ঐৰাৱতত আৰোহণ কৰি গৈ থাকোঁতে বাটতে ঋষি দুৰ্বাসাই লগ পাই এধাৰ মালা উপহাৰ দিয়ে। ইন্দ্ৰই মালাধাৰ ঐৰাৱতৰ শুঁৰত স্থাপন কৰে। কিন্তু ঐৰাৱতে মালাডাল মাটিত নিক্ষেপ কৰে। ঋষিৰ উপহাৰৰ অৱমাননা দেখি দুৰ্বাসাই খংত অগ্নিশৰ্মা হৈ ইন্দ্ৰ আৰু দেৱতাসকলক শ্ৰীহীন হ'বলৈ অভিশাপ দিয়ে।
এই ঘটনাৰ পিছত দেৱতাসকলে অসুৰৰাজ বলিৰ হাতত পৰাজয় বৰণ কৰে আৰু তিনিওলোকতে অসুৰৰ আধিপত্য আৰম্ভ হয়। দুৰ্বাসাৰ অভিশাপত শক্তিহীন হৈ পৰা দেৱতাসকলে এই বিপদৰ পৰা উদ্ধাৰ বিচাৰি বিষ্ণুৰ কাষ চাপে। বিষ্ণুৱে ইন্দ্ৰক হৃত গৌৰৱ উদ্ধাৰ পোৱাৰ লগতে অমৃত আহৰণৰ বাবে অসুৰসকলক লগত লৈ ক্ষীৰসাগৰ মন্থন কৰিবলৈ পৰামৰ্শ দিয়ে। সেইমতে অমৃতৰ লোভ দেখুৱাই দেৱতাসকলে অসুৰৰ সৈতে সন্ধি স্থাপন কৰে। সমুদ্ৰ মন্থনৰ বাবে মন্দৰ পৰ্বতক মন্থন স্তম্ভ হিচাপে অনা হয়। নাগৰাজ বাসুকীক মন্থন কাৰ্যৰ জৰী হিচাপে ব্যৱহাৰ কৰিবলৈ থিৰাং কৰা হয়। মন্দৰ পৰ্বতক ডুবি নাযাবলৈ ধৰি ৰাখিবৰ বাবে বিষ্ণুৱে কূৰ্ম অৱতাৰ ধাৰণ কৰে।[3][4]
সমুদ্ৰ মন্থনৰ ফলত সাগৰতলিৰ পৰা হলাহল নামৰ এক প্ৰাণঘাতী বিষৰ উৎপত্তি হয়। এই বিষ ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত সমস্ত সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হয়। দেৱাসুৰে ভয় খাই শিৱক স্তুতি কৰাত তেওঁ এই হলাহল নিজৰ কণ্ঠত ধাৰণ কৰে। বিষৰ প্ৰভাৱত শিৱৰ কণ্ঠ নীলবৰ্ণৰ হৈ পৰে আৰু তেতিয়াৰপৰাই তেওঁ নীলকণ্ঠ নাম পায়।[5]
মন্থনৰ ফলত সৰ্বশেষত হাতত অমৃতৰ কলহ লৈ দেৱবৈদ্য ধন্বন্তৰিৰ আৱিৰ্ভাৱ ঘটে। অমৃতৰ বাবে দেৱতা আৰু অসুৰৰ মাজত ভয়ংকৰ যুদ্ধ হয়। গৰুড়ই অমৃত লৈ যুদ্ধক্ষেত্ৰৰ পৰা উৰা মাৰে। বিষ্ণুৱে মোহিনী নামৰ অতীৱ সুন্দৰী নাৰীৰ ৰূপ লৈ অমৃত কলহ দেৱতা আৰু অসুৰৰ মাজত সমানে বিতৰণ কৰাৰ আশ্বাস দিয়ে। কিন্তু তেওঁ চল কৰি কেৱল দেৱতাকহে অমৃত পান কৰোৱায়। স্বৰভানু নামৰ এজন অসুৰে দেৱতাৰ বেশ লৈ দেৱতাৰ মাজত বহি অমৃত পান কৰে। চন্দ্ৰ আৰু সূৰ্যই স্বৰভানুক চিনিব পাৰি মোহিনীক এই কথা জনায়।[6] লগে লগে মোহিনীৰূপী বিষ্ণুৱে অমৃত স্বৰভানুৰ ডিঙি পাৰ হ'বলৈ নাপাওঁতেই সুদৰ্শন চক্ৰৰে তেওঁৰ শিৰচ্ছেদ কৰে। অমৃতৰ স্পৰ্শ পোৱাৰ বাবে স্বৰভানুৰ শিৰ অংশই ৰাহু আৰু বাকী দেহাংশই কেতু নাম পাই গ্ৰহত পৰিণত হয়।
সমুদ্ৰ মন্থনৰ ফলত সাগৰৰ পৰা বহুবিধ ৰত্ন, দেৱী, দৈৱিক জন্তু আদিৰ উদ্ভৱ হয়। সাধাৰণতে লেখনিসমূহত পোৱা তালিকাসমূহত ৯ৰ পৰা ১৪ বিধ ৰত্নৰ উল্লেখ আছে। কিন্তু কোনো কোনো ক্ষেত্ৰত এই সংখ্যাৰ তাৰতম্য দেখা যায়। এইসমূহ দেৱতা, অসুৰ, বিষ্ণু, শিৱ, ব্ৰহ্মা আদিৰ মাজত ভাগ-বটোৱাৰা কৰা হয়। [7]
ক্ৰম | ৰত্ন | বৰ্ণনা | গৰাকী/সংগী/স্থাপিত |
---|---|---|---|
১ | লক্ষ্মী | সৌভাগ্য আৰু ঐশ্বৰ্যৰ দেৱী | বিষ্ণু |
২ | অলক্ষ্মী/জ্যেষ্ঠা | দুৰ্ভাগ্যৰ দেৱী | - |
৩ | অপ্সৰা | নৃত্য পটিয়সী | গন্ধৰ্ব |
৪ | বৰুণী | সুৰাৰ দেৱী | অসুৰ বা বৰুণ |
৫ | কামধেনু/সুৰভি | ইচ্ছাপূৰ্ণ কৰা গাই | ব্ৰহ্মাই লৈ ঋষিসকলক দিয়ে |
৬ | ঐৰাৱত | হস্তী | ইন্দ্ৰ |
৭ | উচ্চৈশ্ৰৱা | সাতোটা মূৰযুক্ত ঘোঁৰা | বলি |
৮ | কৌস্তুভ | বহুমূলীয়া ৰত্ন | বিষ্ণু |
৯ | পাৰিজাত | দৈৱিক পুষ্পবৃক্ষ | ইন্দ্ৰলোক |
১০ | সাৰংগ | ধনু | বিষ্ণু |
১১ | চন্দ্ৰ | দেৱতা | শিৱৰ জঁটা |
১২ | ধন্বন্তৰি | দেৱতাৰ কবিৰাজ | স্বৰ্গলোক |
১৩ | অমৃত | সঞ্জীৱনী ৰস | দেৱতা |
১৪ | কল্পবৃক্ষ | ইচ্ছাপূৰণ কৰা বৃক্ষ | ইন্দ্ৰ |
১৫ | কুণ্ডল | অলংকাৰ | অদিতি |
১৬ | শঙ্খ | বাদ্য | বিষ্ণু |
১৭ | ছত্ৰ | শিৰোছত্ৰ | বৰুণ |
মধ্যযুগীয় হিন্দু সাহিত্যসমূহৰ মতে দেৱাসুৰৰ মাজত হোৱা যুদ্ধত কেইটোপালমান অমৃত পৃথিৱীৰ চাৰি ঠাইত পৰে: হৰিদ্বাৰ, প্ৰয়াগ,[8] ত্ৰিম্বগ আৰু উজ্জয়িনী।[9] ইয়াৰ ফলত এই চাৰিখন ঠায়ে এক অলৌকিক শক্তি আৰু আধ্যাত্মিক গুৰুত্ব লাভ কৰে। সেয়ে প্ৰতিবছৰে এই স্থানসমূহত কুম্ভ মেলা অনুষ্ঠিত কৰা হয়। সেই স্থানত কুম্ভমেলাত স্নান কৰিলে মোক্ষপ্ৰাপ্তি হয় বুলি লোকবিশ্বাস আছে।
পুৰাণকে ধৰি প্ৰাচীন সাহিত্যসমূহত সমুদ্ৰ মন্থনত এই চাৰি স্থানত অমৃত পতিত হোৱাৰ কথা উল্লেখ নাই।[9][10] এই ৰচনাৱলীসমূহত কুম্ভমেলাৰো উল্লেখ পোৱা নাযায়। বহু পণ্ডিতে মত প্ৰকাশ কৰে যে এই স্থানসমূহৰ আধ্যাত্মিক গুৰুত্ব বঢ়াবৰ বাবে এই আখ্যানটোৰ সৃষ্টি কৰা হৈছিল।[11]
Seamless Wikipedia browsing. On steroids.