ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ভাৰতৰ মহাকাশ সংস্থা / From Wikipedia, the free encyclopedia
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী: Indian Space Research Organisation), চমুকৈ ইছৰো ভাৰতৰ প্ৰধান মহাকাশ গৱেষণা সংস্থা। ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণাধীন এই সংস্থাটি বিশ্বৰ অগ্ৰণী মহাকাশ গৱেষণা সংস্থাসমূহৰ অন্যতম। অতীতৰ বহুতো সুসংহত প্ৰচেষ্টাৰ ফলস্ৰুতিত ১৯৬৯ চনত ইছৰোৱে বৰ্তমানৰ ৰূপত প্ৰতিষ্ঠিত হয়। ইছৰোৰ প্ৰধান উৎক্ষেপন কেন্দ্ৰ হৈছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰ।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা Indian Space Research Organization | |
---|---|
ISRO logo (adopted in 2002)[1][2] | |
চমু নাম | ইছৰো |
নীতিবাক্য | मानव जाति की सेवा में अंतरिक्ष प्रौद्योगिकी IAST: Mānav Jāti Kī Sevā Men Antarikṣa Praudyogikī (মানৱ জাতিৰ সেৱাত মহাকাশ প্ৰযুক্তি) |
প্ৰতিষ্ঠা | ১৫ আগষ্ট ১৯৬৯; ৫৪ বছৰ আগত (1969-08-15) (১৯৬২ চনত INCOSPAR) |
প্ৰধান কাৰ্যালয় | বাংগালোৰ, কৰ্ণাটক, ভাৰত |
Administrator | এছ সোমনাথ, সঞ্চালক[3] |
Primary spaceport | সতীশ ধৱন মহাকাশ কেন্দ্ৰ, শ্ৰীহৰিকোটা, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
বাজেট | ₹১০,৭৮৩.৪২ কোটি (১.৫১ বিলিয়ন ডলাৰ) (২০১৮–১৯ est.)[4] |
ৱেবছাইট | isro |
একাধিক বৈজ্ঞানিকৰ তত্ত্বাবধানত ইছৰোৱে ভাৰতীয় আৰু বিদেশী উভয় পক্ষৰ হৈ বিভিন্ন গৱেষণা কৰি থাকে। ইছৰো উপগ্ৰহ উৎক্ষেপণৰ বাবে বিভিন্ন উৎক্ষেপন যান আৰু উৎক্ষেপণ স্থল আছে। ২০০৮ চনত ইছৰোৱে সফলভাৱে চন্দ্ৰযান ১ নামে মহাকাশযান চন্দ্ৰলৈ প্ৰেৰণ কৰে। ২০১৩ চনৰ ৫ নৱেম্বৰত ইছৰোৰ দ্বাৰা পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ মঙ্গলযান সফলতাৰে প্ৰেৰণ কৰি পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়। ভৱিষ্যতে এই সংস্থাই মানৱচালিত মহাকাশ অভিযান, পুনৰ চন্দ্ৰাভিযান আৰু অন্যান্য গ্ৰহৰ অভিযানৰ পৰিকল্পনা গ্ৰহণ কৰিছে।