![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/cd/Mars_Orbiter_Mission_-_India_-_ArtistsConcept.jpg/640px-Mars_Orbiter_Mission_-_India_-_ArtistsConcept.jpg&w=640&q=50)
মংগল গ্ৰহৰ কক্ষপথ অভিযান
From Wikipedia, the free encyclopedia
মংগল গ্ৰহৰ কক্ষপথ অভিযান বা বেচৰকাৰীভাৱে কোৱামঙ্গলযান (ইংৰাজী: Mars Orbiter Mission বা চমুকৈ MOM, সংস্কৃত: मंगलयान, "Mars-craft") পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ কৰা এক মহাকাশ অভিযান। ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা ইয়াক সফলতাৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়।[9][10][11] আন্তঃগ্ৰহীয় অভিযানৰ পৰিকল্পনা, পৰিচালনা, ৰূপাঙ্কণ আদিত ব্যৱহৃত প্ৰযুক্তিৰ বিকাশৰ লক্ষ্যয়েই এই অভিযানৰ মুখ্য উদ্দেশ্য।[12]
![]() | |
অভিযানৰ প্ৰকাৰ | মঙ্গল কক্ষক |
---|---|
নিয়ন্ত্ৰক | ইছৰো |
COSPAR ID | 2013-060A |
SATCAT no. | 39370 |
ৱেবছাইট | www |
অভিযানৰ সময় | ৩০০ দিন |
মহাকাশযানৰ বৈশিষ্টসমূহ | |
বাছ | I-1K[1] |
নিৰ্মাতা | ইছৰো উপগ্ৰহ কেন্দ্ৰ (ISAC) |
উত্ক্ষেপিত ভৰ | ১,৩৩৭ কেজি (২,৯৫০ পাউণ্ড)[2] |
শুস্ক ভৰ | ৫০০ কেজি (১,১০০ পাউণ্ড)[3] |
পেলোড ভৰ | ১৫ কেজি (৩৩ পাউণ্ড)[4] |
মাত্ৰা | ১.৫ মিটাৰ (U=ft}}) cube |
ক্ষমতা | ৮৪০ ৱাট[1] |
অভিযানৰ আৰম্ভণি | |
উৎক্ষেপণৰ তাৰিখ | 5 November 2013, 09:08 (2013-11-05UTC09:08Z) UTC[5] |
ৰকেট | PSLV-XL C25[6] |
উৎক্ষেপণ স্থলী | সতীশ ধৱন প্ৰথম নিক্ষেপণ মঞ্চ |
Contractor | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
কক্ষীয় পৰিমাপসমূহ | |
প্ৰসংগ প্ৰণালী | এৰিঅ'কেন্দ্ৰিক |
Periএৰিয়ন altitude | 365.3 km (227.0 মাইল) |
Apoএৰিয়ন altitude | 80,000 km (50,000 মাইল) |
Inclination | ১৫০.০[7] |
পৰ্যায়কাল | ৭৬.৭২ ঘণ্টা |
Epoch | পৰিকল্পিত |
Invalid value for parameter "type" | |
Invalid parameter | ২৪ ছেপ্তেম্বৰ, ২০১৪[8] (পৰিকল্পিত) |
আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি মঙ্গলযানক ২০১৩ চনৰ ৫ নৱেম্বৰৰ আবেলি ঠিক ২.৩৮ মিনিটত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা এক PSLV C25 ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হয়।[13] ইয়াৰ উৎক্ষেপণ সময়সূচী প্ৰায় ২০ দিনীয়া আছিল আৰু ২০১৩ চনৰ ২৮ অক্টোবৰত আৰম্ভ হৈছিল। ই ভাৰতৰ প্ৰথম আন্তঃগ্ৰহীয় অভিযান আৰু ইয়াৰ সফলতাৰ পাছত ছোভিয়েট মহাকাশ কাৰ্যসূচী, নাছা আৰু ইউৰোপীয়ান ইউনিয়'নৰ পাছতেই মঙ্গল গ্ৰহলৈ যোৱা ভাৰতৰ ইছৰো পৃথিৱীৰ চতুৰ্থটো মহাকাশ সংস্থা হিচাপে পৰিগণিত হয়।[14] ই ভাৰতক মংগল গ্ৰহৰ কক্ষপথত উপনীত হোৱা প্ৰথম এছিয়ান ৰাষ্ট্ৰ আৰু প্ৰথম প্ৰচেষ্টাত তেনে কৰা বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল। তদুপৰি ই ভাৰতক আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ পিছত আন গ্ৰহৰ প্ৰদক্ষিণ কৰা তৃতীয় ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিছিল।[15][16][17][18]