নগাঁও জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
নগাঁও জিলা (ইংৰাজী: Nagaon) হৈছে ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ এখন জিলা৷ নগাঁৱৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী, শোণিতপুৰ জিলা, দক্ষিণে হোজাই, ডিমা হাছাও জিলা, পূবে গোলাঘাট আৰু কাৰ্বি আংলং জিলা আৰু পশ্চিমে মৰিগাঁও জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা। [1]
নগাঁও জিলা | |
---|---|
— জিলা — | |
নগাঁও চহৰ.jpgনগাঁও চহৰৰ কিছু অংশ | |
অসমত নগাঁও জিলাৰ অৱস্থান | |
ভৌগোলিক স্থানাংক: 26°21′N 92°41′E | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | নগাঁও |
মাটিকালি | |
- মুঠ | ৩,৮৩১ কি.মি.২ (১,৪৭৯.২ বৰ্গ মাইল) |
জনসংখ্যা (২০০৯) | |
- মুঠ | ২৩,১৪,৬২৯ জন |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫.৩০) |
অঞ্চল কোড | 91-3672 |
আই এচ অ’ ৩১৬৬ কোড | IN-AS-DB |
ৱেবছাইট | nagaon.gov.in |
নগাঁও জিলা সাৰুৱা সমভূমি আৰু অৰণ্যানিৰে সমৃদ্ধ৷ জিলাখনৰ জলবায়ু সেমেকা আৰু আদ্ৰ৷ জিলাখনত ঠায়ে-ঠায়ে আৰু সীমামূৰীয়া অঞ্চলসমূহত বিল আৰু জলাহভূমি দেখিবলৈ পোৱা যায়৷ জিলাখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত৷ নানা তৰহৰ পশু-পক্ষী, বহুধাবিভক্ত জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ সমাৱেশে নগাঁও জিলাক বিবিধতা প্ৰদান কৰিছে৷ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা, বৰগীত, অঙ্কীয়া নাট আদিৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ শতিকাত নগাঁৱৰে বৰদোৱাৰ অন্তৰ্গত আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল৷ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত, ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থানপ্ৰাপ্ত ভাৰতৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ কিছু অংশ নগাঁৱতে অন্তৰ্ভুক্ত হৈছে৷ [1]ইয়াৰোপৰি লাওখোৱা অভয়াৰণ্য, চাপানালা জলপ্ৰপাত নগাঁও জিলাৰ অন্তৰ্ভুক্ত৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁৱৰ মুঠ জনসংখ্যা ১৮,৯২, ৫৫০৷ [2]
২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে হোজাইক এখন নতুন জিলাৰ মৰ্যাদা দিয়ে৷ [3]পূৰ্বতে হোজাই নগাঁৱৰ মহকুমা আছিল৷ বৰ্তমান নগাঁৱৰ মহকুমা দুটা৷ নগাঁও আৰু কলিয়াবৰ৷