![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/0c/Assam_Districts.as.jpg/640px-Assam_Districts.as.jpg&w=640&q=50)
অসমৰ জিলাসমূহ
ভাৰতৰ অসম ৰাজ্যৰ জিলাসমূহ / From Wikipedia, the free encyclopedia
ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা আয়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দায়িত্ব বহন কৰা জিলা দণ্ডাধীশৰ কাৰ্যালয়সমূহ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ৰাজহ বিষয়াসকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়াসকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা আয়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে। আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয়সমূহ নিয়াৰিকৈ চলোৱাৰ দায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে। বৰ্তমান অসমৰ মুঠ জিলা ৩৫ খন।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/0/0c/Assam_Districts.as.jpg/640px-Assam_Districts.as.jpg)