মৰিগাঁও জিলা ভাৰতঅসম ৰাজ্যৰ ৩৫খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামও মৰিগাঁও। পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। সমগ্ৰ অসম তথা উত্তৰপূৰ্বাঞ্চল বিখ্যাত জোনবিল মেলা এই জিলাতে অনুষ্ঠিত হয়। পবিতৰা অভয়াৰণ্যৰ বাবেও মৰিগাঁও জিলা জনাজাত।[1]

ক্ষিপ্ৰ তথ্য মৰিগাঁও জিলা, দেশ ...
মৰিগাঁও জিলা
Thumb
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ মৰিগাঁও
কালি
  মুঠ ১,৫৫০ km2 (600 sq mi)
জনসংখ্যা
 (২০১১)
  মুঠ ৯৫৭৮৫৩
বন্ধ কৰক

নামৰ উৎপত্তি

আগতে মৰিগাঁওখনক পশ্চিম নগাঁও বুলি জনা গৈছিল;[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু যেতিয়া ইয়াত কলেৰা মহামাৰীৰ প্ৰকোপ বেছি হ’ব ধৰিলে তাৰ ফলত বহুতো মানুহৰ মৃত্যু হ’বলৈ ধৰিলে আৰু তাৰ পিছত এই ঠাইখনৰ নাম মৰিগাঁও ৰখা হ’ল।

ভূগোল

মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১৫৫১ বৰ্গ কিঃমিঃ। জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে। কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে। কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ।

অৰ্থনীতি

২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত)। এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১খন জিলাৰ ভিতৰত অন্যতম।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩। মৰিগাঁও জিলাৰ সাক্ষৰতাৰ হাৰ হৈছে ৬৮.০৩ শতাংশ (২০১১ চনৰ লোকপিয়ল অনুসৰি)।

প্ৰশাসনিক গঠন

মৰিগাঁও জিলাত বৰ্তমান ৭টা উন্নয়ন খণ্ড (Development Block) আছে। ইয়াৰে ৫টা উন্নয়ন খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২টা উন্নয়ন খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত। বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ন খণ্ডসমূহ হ’ল:

  • ভূৰবন্ধা উন্নয়ন খণ্ড
  • কপিলী উন্নয়ন খণ্ড
  • লাহৰিঘাট উন্নয়ন খণ্ড
  • মায়ং উন্নয়ন খণ্ড
  • মৈৰাবাৰী উন্নয়ন খণ্ড
  • বটদ্ৰৱা উন্নয়ন খণ্ড (অংশ)
  • দলংঘাট উন্নয়ন খণ্ড (অংশ)

মৰিগাঁও জিলাত মুঠ ৫টা ৰাজহ চক্ৰ (Revenue Circle) আছে। ৰাজহ চক্ৰ কেইটা হ’ল: মায়ং ৰাজহ চক্ৰ, মৰিগাঁও ৰাজহ চক্ৰ, ভূৰাগাঁও ৰাজহ চক্ৰ, লাহৰিঘাট ৰাজহ চক্ৰ আৰু মিকিৰভেটা ৰাজহ চক্ৰ। মৰিগাঁও জিলাত সৰ্ব্বমুঠ ৮৫টা গাঁও পঞ্চায়ত আছে। ইয়াৰে ভূৰবন্ধা উন্নয়ন খণ্ডত ১৩ টা, কপিলী উন্নয়ন খণ্ডত ৫টা (মুঠ ৮টা গাঁও পঞ্চায়ত, তাৰে ৩টা নগাঁও জিলা ত অৱস্থিত), লাহৰিঘাট উন্নয়ন খণ্ডত ২৪ টা, মায়ং উন্নয়ন খণ্ডত ২৭ টা, মৈৰাবাৰী উন্নয়ন খণ্ডত ১১টা (মুঠ ১৭টা গাঁও পঞ্চায়ত, তাৰে ৬টা নগাঁও জিলাত অৱস্থিত), বটদ্ৰৱা উন্নয়ন খণ্ডত ১টা আৰু দলংঘাট উন্নয়ন খণ্ডত ৪টা গাঁও পঞ্চায়ত আছে।

ৰাজনীতি

এই জিলাত মুঠ বিধানসভা সমষ্টি আছিল ৩টা, ১) মৰিগাঁও ২) জাগীৰোড ৩) লাহৰীঘাট। কিন্তু শেহতীয়া সংযোজন অনুসৰি মায়ঙক বিধান সভা সমষ্টি ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। সেয়ে মৰিগাঁৱত বৰ্তমান মুঠ বিধান সভা সমষ্টিৰ সংখ্যা ৪ খন। এই জিলাত পঞ্চায়ত আছে ৮৫ টা। মুঠ গাওঁ ৬৩২খন। মুঠ চহৰ ৪খন। মৰিগাঁৱৰ উত্তৰ দিশে বৈ গৈছে ব্ৰক্ষ্মপুত্ৰ নদীখন।মধ্যভাগত জালুগুটি, বৰচকাবাহ, ভূৰবন্ধা, দলবাৰী, দন্দুৱা, বৰঙাবাৰী; উত্তৰে ভূৰাগাওঁ, লাহৰীঘাট, মৈৰাবাৰী; পূবে ধিং (একাংশ), জাজৰি (একাংশ), হাবি-বৰঙাবাৰী, চৰাইবাহী, বাৰপূজীয়া (একাংশ) মিকিৰভেটা; দক্ষিণে আহঁতগুৰি, তেলাহী, ধৰমতুল; পশ্চিমে জাগীৰোড, কাঁহিকুছি আদি উল্লেখযোগ্য অঞ্চল।

উল্লেখযোগ্য স্থান

মায়ং - এইখন ঠাই গুৱাহাটীৰ পৰা ৩০কিলোমিটাৰ আৰু পবিতৰা অভয়াৰণ্যৰ সমীপবৰ্তী। এক যাদুৰ পৰিবেশেৰে পৰিপুষ্ট মায়ং হৈছে এক ৰহস্যময়ী স্থান, যʼত কেইবাগৰাকীও ওজা বা বেজ আছে। তেওঁলোকৰ ওচৰত প্ৰায় সকলো অসুবিধাৰেই সমাধান আছে আৰু ভূতে ধৰা মানুহকো এওঁলোকে চিকিৎসা কৰে। মায়াংৰ চাৰিওকাষে টিলা সমূহত থকা মন্দিৰ সমূহৰ অৱশিষ্টই অতীতৰ কলা যাদু সাধনাৰ সাক্ষ্য বহন কৰে।

অঞ্চলটোত থকা চাৰিটা মূল মন্দিৰ হৈছে বুঢ়া মায়াংৰ কেচাইখাইতি মন্দিৰ, হিলৈখুন্দা নৰসিংহ আশ্ৰম, হাতীমূৰীয়াৰ গণেশ মন্দিৰ আৰু কেঁচাশিলাৰ শিৱ মন্দিৰ আৰু লগতে সম্প্ৰতি সংগ্ৰহালয়ে প্ৰাচীন যাদু সাধনাৰ কথাকে প্ৰদৰ্শন কৰে।[2]

বাহ্যিক সংযোগ

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.