গোলাঘাট
অসমৰ এখন চহৰ / From Wikipedia, the free encyclopedia
গোলাঘাট উজনি অসমৰ এখন উল্লেখযোগ্য চহৰ। ১৯৮৭ চনৰ ১৫ আগষ্টত গোলাঘাট জিলা গঠন হোৱাৰ পিছত ই জিলাখনৰ সদৰ হয়। প্ৰথম অসমীয়া চনেট কবি হেমচন্দ্ৰ গোস্বামী, মিতভাষৰ স্ৰষ্টা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়া, গল্প সম্ৰাট চৈয়দ আব্দুল মালিক, ড° হীৰেন গোহাঁই, শ্বহীদ কুশল কোঁৱৰ, অলিম্পিকৰ পদকজয়ী প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই, কমনৱেলথ গেমছৰ স্বৰ্ণ পদকজয়ী প্ৰথম অসমীয়া মহিলা নয়নমণি শইকীয়া, আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক বিশ্বজিৎ বৰা আৰু মুনিন বৰুৱাকে আদি কৰি অনেক ব্যক্তি মূলতঃ গোলাঘাটৰ।
ক্ষিপ্ৰ তথ্য গোলাঘাট, দেশ ...
গোলাঘাট | |
---|---|
— চহৰ — | |
City Skyline - Golaghat.png | |
ভৌগোলিক স্থানাংক: 26.52°N 93.97°E / 26.52; 93.97 | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোলাঘাট জিলা |
উচ্চতা | ৯৫ মিটাৰ (৩১১.৬৮ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৬০,৭৮২ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 785 621 |
Telephone code | 91 (0) 3774 |
যানবাহনৰ নম্বৰ | AS-05 |
ৱেবছাইট | www |
বন্ধ কৰক