![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/41/Flag_of_India.svg/langas-640px-Flag_of_India.svg.png&w=640&q=50)
গ্ৰীষ্মকালীন অলিম্পিক ২০২০ত ভাৰত
From Wikipedia, the free encyclopedia
ভাৰতে জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰে। ২০২০ চনৰ ২৪ জুলাইৰ পৰা ৯ আগষ্টলৈকে অনুষ্ঠিত হ'বলগীয়া ক্ৰীড়া সমাৰোহখন ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে ২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ পিছুৱাই দিয়া হৈছিল।[2] ভাৰতে ১৯২০ চনৰ পৰা গ্ৰীষ্মকালীন অলিম্পিকৰ প্ৰতিটো সংস্কৰণত অৱতীৰ্ণ হৈছে যদিও ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত দেশখনে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল। ভাৰতে মুঠ ১২৪জন প্ৰতিযোগীৰ এটা দল ২০২০ চনৰ অলিম্পিকলৈ প্ৰেৰণ কৰিছিল। ১৯২০ চনত প্ৰথম নিয়মীয়া অলিম্পিকত অৱতীৰ্ণ হোৱাৰ পিছত এতিয়ালৈকে ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক হৈছে ভাৰতৰ বাবে আটাইতকৈ সফল অলিম্পিক।[3][4] এই প্ৰতিযোগিতাত ভাৰতীয় অলিম্পিয়ানসকলে মুঠ ৭টা পদক (১টা সোণ, ২টা ৰূপ আৰু ৪টা ব্ৰঞ্জ) জয় কৰিবলৈ সক্ষম হয়।[5]
অলিম্পিক গেমছত ভাৰতবৰ্ষ | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
| ||||||||||||
২০২০ গ্ৰীষ্মকালীন অলিম্পিক, ত | ||||||||||||
প্ৰতিযোগী | ১২৪ জন ১৮ টা ক্ৰীড়াত | |||||||||||
পতাকা বহনকাৰী | মেৰী কম, মনপ্ৰীত সিং[1] (উদ্বোধনী) বজৰং পুনিয়া (সামৰণি) |
|||||||||||
পদক স্থান: ৪৮ |
স্বৰ্ণ ১ |
ৰূপ ২ |
ব্ৰঞ্জ ৪ |
মুঠ ৭ |
||||||||
অলিম্পিক ইতিহাস | ||||||||||||
গ্ৰীষ্মকালীন গেমছ | ||||||||||||
শীতকালীন গেমছ | ||||||||||||
|
ভাৰতীয় দলটোৱে বিভিন্ন ক্ৰীড়া শাখাত পদক অৰ্জন কৰে।[4] পুৰুষৰ জেভলিন থ্ৰোত নীৰজ চোপ্ৰাই এথলেটিকছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে।[3] ই হৈছে দেশৰ দ্বিতীয়টো ব্যক্তিগত স্বৰ্ণ আৰু ২০০৮ চনৰ পিছত প্ৰথমটো ব্যক্তিগত স্বৰ্ণ পদক। ১৯৪৮ চনত স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰথম অলিম্পিকত অৱতীৰ্ণ হোৱাৰ পিছত এইটো ভাৰতৰ প্ৰথম এথলেটিকছ পদক আৰু ১৯০০ চনত নৰমান প্ৰিচাৰ্ডৰ ৰূপৰ পদকৰ পিছত সামগ্ৰিকভাৱে এথলেটিকছৰ তৃতীয়টো পদক আছিল। পি. ভি. সিন্ধুৱে মহিলাৰ বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰি প্ৰথম ভাৰতীয় মহিলা এথলীট আৰু ব্যক্তিগত ইভেণ্টৰ বাবে একেৰাহে দুটা অলিম্পিক পদক জয় কৰা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয় (২০১৬ চনত বেডমিণ্টনত ৰূপৰ পদক অৰ্জন)। আনহাতে পুৰুষৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দলে ব্ৰঞ্জৰ পদক লাভেৰে ১৯৮০ চনৰ পিছত হকীত প্ৰথম অলিম্পিক পদক অৰ্জন কৰিবলৈ সক্ষম হয়।[6] পুৰুষৰ ৪ x ৮০০ মিটাৰ ৰিলে দলে ৩:০০:২৫ ৰ এক নতুন এছিয়ান অভিলেখ স্থাপন কৰে। মহিলা গল্ফত অদিতি অশোক আৰু পুৰুষৰ ফ্ৰীষ্টাইল মল্লযুদ্ধত দীপক পুনিয়া (৮৬ কি:গ্ৰা:), এই দুয়োগৰাকী খেলুৱৈ চূড়ান্ত ৰেংকিঙত চতুৰ্থ স্থানত থাকে। মহিলা ৰাষ্ট্ৰীয় ফিল্ড হকী দলে ১৯৮০ চনত অলিম্পিকত আত্মপ্ৰকাশ কৰাৰ পিছত এই প্ৰতিযোগিতাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন অৰ্জন কৰে।