হেৰী পটাৰ
ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা / From Wikipedia, the free encyclopedia
হেৰী পটাৰ (ইংৰাজী: Harry Potter) হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিঙৰ সাতখন কল্প কাহিনীৰ উপন্যাসৰ শৃংখলা। ৰাউলিঙৰ মতে এই কাহিনীটোৰ ধাৰণাটো প্ৰথমে তেওঁৰ মনলৈ ১৯৯০ চনত এক ৰেলযাত্ৰাৰ সময়ত আহে।[1] কাহিনীৰ নায়ক হৈছে কিশোৰ যাদুকৰ হেৰী পটাৰ আৰু মূল খলনায়ক ক'লা যাদুকৰ ভলডেম'ৰ্ট। ইয়াত মূলতঃ হেৰী পটাৰ, তেওঁৰ বন্ধু-বান্ধৱী আৰু সৎ যাদুকৰসকলৰ ভলডেম'ৰ্ট আৰু তেওঁৰ সহযোগী ক'লা যাদুকৰবিলাকৰ বিৰুদ্ধে ৰোমাঞ্চকৰ অভিযান বৰ্ণিত হৈছে। এই শৃংখলাটোত লেখিকাই সাধাৰণ মানুহৰপৰা নিজৰ অস্তিত্ব গোপনে ৰখা এখন যাদু জগতৰ ঘটনাৱলী চিত্ৰন কৰিছে যি যাদুশক্তিৰহিত সাধাৰণ মানুহৰ সমাজকো প্ৰভাৱিত কৰে। প্ৰথমখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ফিল'চ'ফাৰ্ছ ষ্ট'ন-ত নায়ক হেৰী পটাৰৰ মাক-দেউতাকৰ হত্যা তথা ভলডেম'ৰ্টৰ সাময়িক পতনেৰে গোটেই কাহিনীটো আৰম্ভ হৈছে।[2] শেষৰখন গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ-ত খলনায়কৰ সম্পূৰ্ণ পতন তথা তাৰ ১৯ বছৰৰ পাছৰ এক সুস্থিৰ পৰিৱেশৰ বৰ্ণনাৰে শেষ হৈছে।[3]
![]() হেৰী পটাৰ ছিৰিজৰ সাতখন গ্ৰন্থ | |
হেৰী পটাৰ এণ্ড দ্য ফিলোচফাৰ্চ ষ্ট’ন হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অফ চিক্ৰেটচ হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবান হেৰী পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰ হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্যা ফিনিক্স হেৰী পটাৰ এণ্ড দ্য হাফ-ব্লাড প্ৰিন্স হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ | |
লেখক | জে কে ৰাউলিং |
---|---|
দেশ | যুক্তৰাজ্য |
ভাষা | ইংৰাজী |
বৰ্গ | কল্পকাহিনী, ইয়াং-এডাল্ট কথাসাহিত্য, থ্ৰিলাৰ, ৰহস্য |
প্ৰকাশক | ব্লুমচবাৰি পাবলিছিং |
প্ৰকাশকাল | ১৯৯৭ - ২০০৭ |
মিডিয়াৰ ধৰন | মুদ্ৰণ (হাৰ্ডব্যাক আৰু পেপাৰব্যাক), অডিঅ’বুক |
১৯৯৭ চনত হেৰী পটাৰ এণ্ড দ্য ফিলোচফাৰ্চ ষ্ট’ন (আমেৰিকাত হেৰী পটাৰ এণ্ড চৰচৰাৰ্চ ষ্ট’ন নামেৰে প্ৰকাশিত) নামৰ এই ছিৰিজৰ প্ৰথম গ্ৰন্থ প্ৰকাশিত হয়। প্ৰকাশিত হোৱাৰ পাছৰ পৰাই এই ছিৰিজৰ গ্ৰন্থসমূহে ৰচনাৰ শৈল্পিক উৎকৰ্ষৰ বাবে সমালোচকসকলৰ কাষত প্ৰশংসিত হৈছে আৰু সমগ্ৰ্ৰবিশ্বৰ পাঠকমহলত তুমুল জনপ্ৰিয়তা আৰু ব্যবসায়িক সাফল্য অৰ্জন কৰিছে।[4] গ্ৰন্থৰ ৰাজ্যৰ সমানেই চিনেমা আৰু ভিডিঅ’ গেমৰ দুনিয়াতো আলোড়ন সৃষ্টি কৰিছে। ২০০৭ চনৰ এপ্ৰিল মাহ পৰ্যন্ত সাতখন গ্ৰন্থৰ প্ৰথম ছখন গ্ৰন্থ সমগ্ৰ পৃথিৱীতে ৩২৫ মিলিয়ন কপিৰো বেছি বিক্ৰী হৈছে[5] আৰু ৬৪টাৰো অধিক ভাষালৈ অনূদিত হৈছে।[6] কেৱলমাত্ৰ বাইবেল আৰু বুক অব মৰমন (মৰমনসকলৰ ধৰ্মগ্ৰন্থ) বাদে আৰু কোনো গ্ৰন্থই এই ৰেকৰ্ড নাই।[7] এই ছিৰিজৰ সপ্তম আৰু সৰ্বশেষ গ্ৰন্থ, হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জ, প্ৰকাশিত হৈছে ২০০৭ চনৰ ২১ জুলাইত।[8] প্ৰকাশসকলে কেবল আমেৰিকা যুক্তৰাষ্ট্ৰতেই গ্ৰন্থখনৰ ৰেকৰ্ড-ভঙ্গকাৰী ১২ মিলিয়ন কপি বিক্ৰিৰ ঘোষনা কৰিছিল।[9]
এই গ্ৰন্থৰ সাফল্যই ৰাউলিঙক ইতিহাসত সবাতোকৈ বেছি উপাৰ্জন কৰা লেখকৰ তালিকাত শীৰ্ষস্থান দিছে।[10] গ্ৰন্থসমূহৰ ইংৰাজী সংস্কৰন প্ৰকাশ কৰে ব্লুমচবাৰি যুক্তৰাজ্যত, স্কলাষ্টিক প্ৰেচ যুক্তৰাষ্ট্ৰত, অ্যালেন আৰু আনউইন অষ্ট্ৰেলিয়াত আৰু ৰেইনকোষ্ট বুকচ কানাডাত।
এই পৰ্যন্ত প্ৰথম ছখন গ্ৰন্থৰ কাহিনীক লৈ কৰা ছখন সফল চলচ্চিত্ৰই মুক্তি পাইছে। সৰ্বশেষ গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য ডেথ্লী হেল'জৰ কাহিনীৰ আধাৰত দুই পৰ্ব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মিত হৈছে। ইয়াৰ প্ৰথম পৰ্বটি মুক্তি পাইছে ১৯ নৱেম্বৰ ২০১০ চনত আৰু দ্বিতীয় পৰ্বটি মুক্তি পায় ১৫ জুলাই ২০১১ চনত।[11][12]