হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)
From Wikipedia, the free encyclopedia
হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাটি ব্ৰিটিছ লেখিকা জে কে ৰাউলিং ৰচিত সাত খণ্ডৰ হেৰী পটাৰ উপন্যাস শৃংখলাৰ কাহিনীৰ আধাৰত নিৰ্মিত। শৃংখলাটিৰ কিতাপৰ সংখ্যা সাতখন আৰু, চলচ্চিত্ৰৰ সংখ্যা আঠখন। অন্তিমখন কিতাপৰ কাহিনী অপেক্ষাকৃত ভাবে দীঘল আৰু জটিল হোৱাৰ বাবে কিতাপখনৰ আধাৰত দুটা খণ্ডত চলচ্চিত্ৰ নিৰ্মিত কৰা হৈছে।[5][6]
হেৰী পটাৰ | |
---|---|
আঠঁখন চলচ্চিত্ৰৰ ডিভিডি বক্স ছেট | |
পৰিচালক | ক্ৰিছ কলম্বাচ (১-২) আলফানচো কোৱান (৩) মাইক নিউয়েল (৪) ডেভিড য়েটচ (৫-৭) |
ৰচনা | চিত্ৰনাট্য ষ্টিভ ক্লোভচ (১-৪, ৬-৭) মাইকেল গোল্ডেনবাৰ্গ (৫) উপন্যাস জে কে ৰাউলিং |
প্ৰযোজক | ডেভিড হেইমেন ক্ৰিছ কলম্বাচ (৩) মাৰ্ক ৰেডক্লিফ (৩) ডেভিড বেইৰন (৫-৭) জে কে ৰাউলিং[1][2] (৭) |
অভিনয়ত | ডেনিয়েল ৰেডক্লিফ ৰুপাৰ্ট গ্ৰিণ্ট এমা ৱাটচন ৰিচাৰ্ড হেচিছ মেগি স্মিথ ৰ’বি কলট্ৰেন এলেন ৰেকমেন জন হাৰ্ট ইয়ান হাৰ্ট কেনেথ ব্ৰানাফ ৰিচাৰ্ড গ্ৰিফিথচ ফায়োনা শ্য মাইকেল গেমবন ডেভিড থেউলিচ গেৰি অ’ল্ডমেন টিমথি স্প’ল ৰাল্ফ ফাইনেচ ইমেল্ডা ষ্টনটন হেলেনা বনহাম কাৰ্টাৰ মিৰাণ্ডা ৰিচাৰ্ডছন জিম ব্ৰডবেণ্ট বিল নাইৰি ৰ’বাৰ্ট হাৰ্ডি ৰ’বাৰ্ট পেটিনচন মাৰ্ক উইলিয়ামছ জুলি ৱাল্টাৰ্ছ ৱাৰৱিক ডেভিছ ডেভিড বেডলি ব্ৰেণ্ডন গ্লিচন |
চিত্ৰগ্ৰহণকাৰী | জন চিল (১) ৰ’জাৰ পেট (২, ৪) মাইকেল চেৰেছিন (৩) শ্লাভোমিৰ ইদজিয়াক (৫) ব্ৰুনো ডেলবনেল (৬) এডোয়াৰ্ডো সিয়েৰা (৭) |
সম্পাদনা | ৰিচাৰ্ড ফ্ৰান্সিস-ব্ৰুচ (১) পিটাৰ অনেচ (২) ষ্টিভেন ৱেজবাৰ্গ (৩) মাইক অ’ডচলি (৪) মাৰ্ক ডে (৫-৭)মাৰ্ক ডে |
সংগীত পৰিচালক | জন উইলিয়ামচ (১-৩) পেট্ৰিক ডয়েল (৪) নিকোলাচ হুপাৰ (৫,৬) আলেকজেণ্ডাৰ ডেচপ্লেট[3] (৭) থিমস: জন উইলিয়ামচ অৰ্কেষ্ট্ৰ্যাটৰ কনৰাড পোপ (১-৩, ৭) |
প্ৰযোজনা কোম্পানী |
হেয়ডে ফিল্মচ |
পৰিবেশক | ৱাৰ্ণাৰ ব্ৰাদাৰ্চ |
মুক্তি |
৪ নভেম্বৰ ২০০১ (১) ৩ নভেম্বৰ ২০০২ (২) ৩১ মে ২০০৪ (৩) ১৮ নভেম্বৰ ২০০৫ (৪) ১১ জুলাই ২০০৭ (৫) ১৫ জুলাই ২০০৯ (৬) ১৯ নভেম্বৰ ২০১০ (৭, পৰ্ব-১) ১৫ জুলাই ২০১১ (৭, পৰ্ব-২) |
দৈৰ্ঘ্য |
১০৪৯ মিনিট[4] |
দেশসমূহ | যুক্তৰাজ্য যুক্তৰাষ্ট্ৰ |
ভাষা | ইংৰাজি |
বাজেট | $১,২৮০,০০০,০০০ |
সৰ্বমুঠ আয় | $৬,৩৪৩,৮৬৫,৮৪২ |
ডেভিড হেইমেনে প্ৰযোজনা কৰা হেৰী পটাৰ শৃংখলাটিৰ চলচ্চিত্ৰৰ বিপণন কৰিছে ৱাৰ্ণাৰ ব্ৰাদাৰ্ছ পিকচাৰ্ছে। শৃংখলাটিৰ আটাইকেইখন চলচ্চিত্ৰৰ প্ৰধান তিনিটা চৰিত্ৰ হেৰী পটাৰ, ৰন ৱিজলি আৰু হাৰমাইনি গ্ৰিঞ্জাৰৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে, ডেনিয়েল ৰেডক্লিফ, ৰুপাৰ্ট গ্ৰিণ্ট আৰু এমা ৱাটচনে। হেৰী পটাৰ শৃংখলাটি বৰ্তমানে সমগ্ৰ বিশ্বৰ শিশুসকলৰ মাজত এক আইকনত পৰিণত হৈছে তদুপৰি ইতিমধ্যেই শৃংখলাটি সৰ্বকালৰ সকলোতকৈ ব্যৱসায়িকভাবে সফল চলচ্চিত্ৰ শৃংখলা হিচাপে পৰিগণিত হৈছে। এই পৰ্যন্ত হেৰী পটাৰে প্ৰায় ৬ বিলিয়ন ডলাৰ আয় কৰিছে আৰু সৰ্বোচ্চ উপাৰ্জনকাৰী ৩০খন চলচ্চিত্ৰৰ তালিকাত শৃংখলাটিৰ প্ৰত্যেকখন ছবিয়েই অন্তৰ্ভুক্ত হৈছে।[7]
অন্তিমখন কিতাপ হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জ ৰ আধাৰত দুটা খণ্ডত চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। দ্বিতীয়খণ্ডৰ হেৰী পটাৰ এণ্ড দ্য ডেথলি হেল’জৰ মুক্তিৰে ইতিমধ্যে সমাপ্তি ঘটিছে গোটেই বিশ্বত আলোড়ন সৃষ্টি কৰা এই অতীব জনপ্ৰিয় শৃংখলাটিৰ।