![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b8/Hiranyakasipu_About_to_Decapitate_Prahlada%252C_Folio_from_a_Bhagavata_Purana_%2528Ancient_Stories_of_the_Lord%2529_LACMA_M.88.227.jpg/640px-Hiranyakasipu_About_to_Decapitate_Prahlada%252C_Folio_from_a_Bhagavata_Purana_%2528Ancient_Stories_of_the_Lord%2529_LACMA_M.88.227.jpg&w=640&q=50)
হিৰণ্যকশিপু
From Wikipedia, the free encyclopedia
হিৰণ্যকশিপু (ইংৰাজী: Hiranyakashipu, হিৰণ্যকাশ্যপ বুলিও জনা যায়) হিন্দু ধৰ্মগ্ৰন্থৰ মতে, এক মহাপ্ৰতাপী অসুৰ ৰজা আছিল। তেওঁ ঋষি কাশ্যপ আৰু দিতিৰ পুত্ৰ আছিল আৰু বিষ্ণুভক্ত প্ৰহ্লাদৰ পিতৃ আছিল৷ হিৰণ্যাক্ষ তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু হোলিকা ভনী আছিল।
এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াত শেহতীয়াভাৱে ৱিকিপিডিয়াৰ অধীনস্থ অন্য কোনো ভাষা বা অন্য ৱেবছাইটৰ পৰা অসমীয়া ভাষালৈ ভাঙনি কৰি লিখা হৈছে। ভাঙনি কাৰ্য শেষ কৰা পাছতো হয়তো এই প্ৰবন্ধটোত কিছুমান আসোঁৱাহ ৰৈ যাব পাৰে। তেনেক্ষেত্ৰত আপুনি অন্য ভাষাৰ অনুৰূপ প্ৰবন্ধৰ সন্ধান কৰি অথবা প্ৰবন্ধটোৰ অনুবাদ নকৰা অংশ অনুবাদ কৰি ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
হিৰণ্যকশিপু | |
---|---|
![]() ১৮শ শতিকাৰ চিত্ৰকলাত সিংহাসনত হিৰণ্যকশিপুক দেখুওৱা হৈছে, তেওঁৰ পুত্ৰ প্ৰহলাদক হত্যা কৰিবলৈ চেষ্টা কৰি আছে। | |
সম্পৰ্ক | অসুৰ |
অস্ত্ৰ | গদা |
সঙ্গী | কয়াধু |
সহোদৰ | হিৰণ্যাক্ষ (ভাতৃ), হোলিকা (ভনী) |
সন্তান | প্ৰহ্লাদ, সহ্লাদ, আহ্লাদ, শিৱী, বাশকল, (পুত্ৰগণ) সিংহিকা (কন্যা) |
হিৰণ্যকশিপুৰ জ্যেষ্ঠ ভাতৃ হিৰণ্যাক্ষক ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰে প্ৰহাৰ কৰিছিল। ইয়াৰ দ্বাৰা ক্ষোভিত হৈ, হিৰণ্যকশিপুৱে ঘোৰ তপস্বী কৰি ভগৱান ব্ৰহ্মাৰ পৰা বৰ প্ৰাপ্ত কৰিবলৈ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰে তেওঁক হত্যা কৰে।[1]
কিংবদন্তি মতে, হিৰণ্যকশিপুয়ে ব্ৰহ্মাৰ পৰা এক বৰদান লাভ কৰি অতিশয় পৰাক্ৰমী হৈ উঠিছিল।
হিৰণ্যকশিপুৰ কাহিনীটো তিনিটা ভাগত আছে। প্ৰথমটো হ’ল- জয় আৰু বিজয় নামেৰে শ্ৰীবিষ্ণুৰ বৈকুণ্ঠৰ দুজন দ্বাৰপাল বা দুৱৰী আছিল আৰু চাৰি কুমাৰে অভিশাপ দিয়াৰ ফলত তেওঁলোক অসুৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ হিচাপে জন্ম গ্ৰহণ কৰিছিল। দ্বিতীয় অংশত হিৰণ্যকশিপুৱে ব্ৰহ্মাক তপস্যা কৰি বৰ লোৱাৰ কথা কৈছে। অন্তিম অংশত তেওঁৰ পুত্ৰ প্ৰহ্লাদক (বিষ্ণুৰ এজন ভক্ত) হত্যা কৰাৰ প্ৰচেষ্টা কৰাৰ কথা আৰু পৰৱৰ্তী সময়ত নৰসিংহৰ হাতত মৃত্যু হোৱাৰ কথা কোৱা হৈছে।