দিতি
From Wikipedia, the free encyclopedia
দিতি (সংস্কৃত: दिति) আছিল ঋষি কাশ্যপৰ পত্নী, প্ৰজাপতি দক্ষৰ জীয়াৰী আৰু দৈত্যগণৰ মাতৃ। ইন্দ্ৰৰ নেতৃত্বত অদিতিৰ পুত্ৰ দেৱতাসকলে দৈত্যবোৰ ধ্বংস কৰিছিল। তেতিয়া দিতিয়ে ইন্দ্ৰক বধ কৰিবলৈ পুত্ৰৰ কামনা কৰিছিল। কিন্তু ইন্দ্ৰই চতুৰতাৰে শিশুটোক গৰ্ভতে কাটি টুকুৰা কৰি পেলাইছিল। এই টুকুৰাবোৰক 'মৰুত' বুলি জনা যায়।[1] পুৰাণত উল্লেখ কৰা মতে ইন্দ্ৰই অত্যধিক শক্তিশালী পুত্ৰ জন্ম দিয়াত বাধা দিবলৈ দিতিৰ ওপৰত বজ্ৰপাত নিক্ষেপ কৰাৰ পিছত দিতি দেৱীৰ ভগ্ন গৰ্ভৰ পৰা মৰুতসকলৰ জন্ম হৈছিল। দিতি দেৱীয়ে ইন্দ্ৰক বধ কৰিব পৰা পুত্ৰ জন্ম দিয়াৰ আগতে এক শতিকাৰ বাবে গৰ্ভৱতী হৈ থাকিব বিচাৰিছিল।[2]
দিতি | |
---|---|
দৈত্যৰ মাতৃ | |
সঙ্গী | কাশ্যপ |
পিতৃ-মাতৃ |
|
সহোদৰ | অদিতি, দানায়ুস, দনু, কদ্ৰু, কালিকা, ক্ৰোধা, মুনি, বিনতা আদি |
সন্তান | দৈত্য যেনে, হিৰণ্যাক্ষ, হিৰণ্যকশিপু, হোলিকা, মৰুত |
প্ৰজাপতি দক্ষ আৰু পঞ্চজানিৰ ষাঠিজনী কন্যাৰ মাজৰ এজনী আছিল দিতি।[3][4] অদিতি আৰু সতী দিতিৰ ভগ্নীসকলৰ ভিতৰত আছিল অন্যতম। তেওঁ ঋষি কাশ্যপৰ তেৰগৰাকী পত্নীৰ মাজৰ এগৰাকী আছিল। শিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ আছিল দিতিৰ দুজন বিখ্যাত পুত্ৰ, যি পূৰ্বতে বৈকুণ্ঠত ভগৱান বিষ্ণুৰ দ্বাৰপাল জয় আৰু বিজয় আছিল আৰু ধৰ্ম পালন কৰাত ব্যৰ্থ হোৱা বাবে দৈত্যৰূপে পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোক বিষ্ণুৰ অৱতাৰৰ দ্বাৰা হত্যা কৰা হৈছিল।[5] দিতিৰ হোলিকা নামৰ এজনী কণ্যাও আছিল।
দিতিক সাধাৰণতে স্বামী কাশ্যপ আৰু ভগ্নী অদিতিৰ প্ৰতি নিষ্ঠুৰ ব্যৱহাৰ কৰা বুলি দেখুওৱা হয়। তাই নিজৰ পুত্ৰ দৈত্যসকলে ক্ষমতা লাভ কৰাটো বিচাৰিছিল। তেওঁ অদিতিৰ পুত্ৰ, দেৱতাসকলক শত্ৰু জ্ঞান কৰিছিল আৰু তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ আৰু শাসন কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা কৰিছিল।