হাইলাকান্দি জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
হাইলাকান্দি অসমৰ বৰাক উপত্যকাৰ এখন জিলা। ই অসমৰ একেবাৰে দক্ষিণ চুকত অৱস্থিত। ইয়াৰ সদৰ ঠাই হাইলাকান্দি নগৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ পৰা ৩৫০ কি.মি. নিলগত। জিলাখনৰ অৱস্থিতি বৰাক উপত্যকাৰ মাজমজিয়াত। ইয়াৰ উত্তৰ আৰু উত্তৰ-পূব দিশ বৰাক নদী আৰু কাছাৰ জিলাই আগুৰি আছে। দক্ষিণ আৰু দক্ষিণ-পূবত মিজোৰাম ৰাজ্য। পশ্চিমে কৰিমগঞ্জ জিলা। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[1][2][3]
ক্ষিপ্ৰ তথ্য হাইলাকান্দি জিলা, দেশ ...
হাইলাকান্দি জিলা | |
---|---|
— জিলা — | |
অসমৰ মানচিত্ৰত হাইলাকান্দি জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | হাইলাকান্দি |
মাটিকালি | |
- মুঠ | ১,৩২৬.১০ কি.মি.২ (৫১২ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৬,৫৯,২৬০ জন |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | www.hailakandi.nic.in |
বন্ধ কৰক
১৯৮৯ চনত অসম চৰকাৰে ইয়াক জিলা ঘোষণা কৰে। ইয়াৰ আগতে ই অসমৰ কাছাৰ জিলাৰ এটা মহকুমা আছিল। মহকুমা হিচাপে ই অসমৰ অন্যতম পুৰণি মহকুমা। ১৮৬৯ চনতে এই মহকুমাটো গঠন কৰা হৈছিল।