বঙালী ভাষা
প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
"বাংলা" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, বাংলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
বঙালী, বঙলা বা বাংলা হৈছে দক্ষিণ এছিয়াৰ পূৰ্বপ্ৰান্তৰ এটা ইন্দো-আৰ্য ভাষা। সংস্কৃত, পালি আৰু প্ৰাকৃত ভাষাৰ মাজেৰে বঙালী ভাষাৰ উদ্ভৱ হৈছে। প্ৰায় ৩০ কোটি মানুহৰ ভাষা বঙালী মাতৃভাষাৰ সংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ষষ্ঠ বৃহত্তম ভাষা। বঙালী দক্ষিণ এছিয়াৰ পূৰ্বে অৱস্থিত বঙ্গ বা বাংলা নামক অঞ্চলৰ মানুহৰ মৌখিক ভাষা। বঙালী বাংলাদেশৰ প্ৰধান ভাষা আৰু একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা। ভাৰতবৰ্ষত বঙালী দ্বিতীয় সৰ্বোচ্চ কথিত ভাষা।[1][2] বঙালী হৈছে ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকাৰ চৰকাৰী ভাষা আৰু বংগোপসাগৰত অৱস্থিত আন্দামান দ্বীপপুঞ্জৰ প্ৰধান কথিত ভাষা। মধ্য প্ৰাচ্য, আমেৰিকা আৰু ইউৰোপতো যথেষ্ট সংখ্যক বঙালী ভাষী অভিবাসী আছে। বাংলাদেশৰ জাতীয় সংগীত আৰু ভাৰতৰ জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় স্তোত্ৰ বাংলা ভাষাত লিখা হৈছে।
ক্ষিপ্ৰ তথ্য বঙালী, থলুৱা অঞ্চল ...
বঙালী | |
---|---|
বাংলা | |
বঙালী–অসমীয়া লিপিত লিখিত বাংলা ভাষা শব্দ | |
থলুৱা অঞ্চল | বাংলাদেশ, ভাৰত |
অঞ্চল | দক্ষিণ এছিয়াৰ পূৰ্বাঞ্চল |
স্থানীয় ভাষিক |
আনুমানিক ৩০ কোটি |
ভাষা পৰিয়াল |
ভাৰত-ইউৰোপীয়
|
লিখন প্ৰণালী | বঙালী–অসমীয়া লিপি (বঙালী বৰ্ণমালা) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
বাংলাদেশ, ভাৰত (ভাৰতীয় ৰাজ্য পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসম ৰাজ্যৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা) |
নিয়মাধীন হয় |
বাংলা একাডেমী (বাংলাদেশ) পশ্চিমবংগ বাংলা আকাদেমি (পশ্চিমবঙ্গ) |
ভাষা সংকেত | |
ISO 639-1 | bn |
ISO 639-2 | ben |
ISO 639-3 | ben |
মাতৃভাষা হিচাপে বঙালী ভাষাৰ ভৌগোলিক বিস্তাৰ |
বন্ধ কৰক