![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/4/46/%25E0%25A6%25AD%25E0%25A7%2582%25E0%25A6%25AA%25E0%25A7%2587%25E0%25A6%25A8_%25E0%25A6%25B9%25E0%25A6%25BE%25E0%25A6%259C%25E0%25A7%25B0%25E0%25A6%25BF%25E0%25A6%2595%25E0%25A6%25BE%25E0%25A7%25B0_%25E0%25A6%25AD%25E0%25A6%2597%25E0%25A7%258D%25E0%25A6%25A8%25E0%25A7%2580%252C_%25E0%25A6%258F%25E0%25A6%2597%25E0%25A7%25B0%25E0%25A6%25BE%25E0%25A6%2595%25E0%25A7%2580_%25E0%25A6%2585%25E0%25A6%25B8%25E0%25A6%25AE%25E0%25A7%2580%25E0%25A6%25AF%25E0%25A6%25BC%25E0%25A6%25BE_%25E0%25A6%2595%25E0%25A6%25A3%25E0%25A7%258D%25E0%25A6%25A0%25E0%25A6%25B6%25E0%25A6%25BF%25E0%25A6%25B2%25E0%25A7%258D%25E0%25A6%25AA%25E0%25A7%2580_%25E0%25A6%25B8%25E0%25A7%2581%25E0%25A6%25A6%25E0%25A6%2595%25E0%25A7%258D%25E0%25A6%25B7%25E0%25A6%25BF%25E0%25A6%25A3%25E0%25A6%25BE_%25E0%25A6%25B6%25E0%25A7%25B0%25E0%25A7%258D%25E0%25A6%25AE%25E0%25A6%25BE%25E0%25A7%25B0_%25E0%25A6%25AA%25E0%25A7%258D%25E0%25A7%25B0%25E0%25A6%25AB%25E0%25A6%25BE%25E0%25A6%2587%25E0%25A6%25B2_%25E0%25A6%25AB%25E0%25A6%259F%25E0%25A7%258B%25E0%25A5%25A4.jpeg/640px-thumbnail.jpeg&w=640&q=50)
সুদক্ষিণা শৰ্মা
এগৰাকী অসমীয়া কণ্ঠশিল্পী। / From Wikipedia, the free encyclopedia
সুদক্ষিণা শৰ্মা ( pronunciation (সহায়·তথ্য)) (ইংৰাজী: Sudakshina Sarma; জন্ম: ৮ আগষ্ট, ১৯৩৪) অসমৰ এগৰাকী খ্যাতনামা গায়িকা।[1][2] তেওঁ অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ ভগ্নী[3] আৰু গীতিকাৰ, সুৰকাৰ আৰু সংগীতশিল্পী দিলীপ শৰ্মাৰ পত্নী। জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা। ঘৰুৱা নাম কুইন, অৰ্থাৎ কুইন হাজৰিকা। জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক নাম দিলে কুইনী হাজৰিকা।[2] প্ৰথমাৱস্থাত এই নামেৰে তেওঁ ৰেডিঅ'ত গীত গাইছিল। তেওঁৰ বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই তেওঁক ‘সুদক্ষিণা’ নামটো দিছিল।[4]শৈশৱতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰিছিল।[2] দহ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত, বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’ (কথা আৰু সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা), ‘বিশ্বৰে ছন্দে ছন্দে’, অ' মইনা[2] আদিকে ধৰি চাৰিটা গীত বাণীবন্ধন কৰিছিল। ১৯৪৭ চনত, পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীত পৰিৱেশন কৰিছিল।[5] সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
সুদক্ষিণা শৰ্মা | |
---|---|
![]() কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ প্ৰফাইল ফটো | |
জন্ম | ৮ আগষ্ট, ১৯৩৪ ভৰলুমুখ, গুৱাহাটী, অসম |
মৃত্যু | ৩ জুলাই, ২০২৩ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | নিৰুপমা হাজৰিকা, কুইন, কুইনী হাজৰিকা |
শিক্ষানুষ্ঠান | সন্দিকৈ ছোৱালী মহাবিদ্যালয় |
পেচা | কণ্ঠশিল্পী |
দাম্পত্যসঙ্গী | দিলীপ শৰ্মা (বি. ১৯৫৪; মৃ. ২০০৮) |
পিতৃ-মাতৃ |
|
সন্তান | ঋতুপৰ্ণ শৰ্মা, ঋষিৰাজ শৰ্মা, ঋজুশ্ৰী শৰ্মা |
আত্মীয়-স্বজন | ভূপেন হাজৰিকা (জেষ্ঠ ভাতৃ), জয়ন্ত হাজৰিকা (কনিষ্ঠ ভাতৃ), পৰমানন্দ মজুমদাৰ (জোঁৱাই) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সংগীত নাটক একাডেমী বঁটা (২০০২) (দিলীপ শৰ্মাৰ সৈতে যুটীয়াভাৱে), লিঅ’ এক্সপ’ সন্মান (২০০৮), চাতক সন্মান (২০১০) |
সুদক্ষিণা শৰ্মাৰ জীৱনৰ আধাৰত ঔপন্যাসিক আৰাধনা পটংগীয়া গোস্বামীয়ে আগবাৰীত ফুলিলে সোণে মোৰ চম্পা শীৰ্ষক এখন জীৱনভিত্তিক উপন্যাস লিখি উলিয়াইছে।[6] ‘আগবাৰীত ফুলিলে সোণে মোৰ চম্পা’ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি জ্যোতি সংগীত। সুদক্ষিণা শৰ্মাৰ কণ্ঠত এই গীত বাণীবন্ধন হৈছিল।