গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Gauhati Medical College and Hospital) গুৱাহাটীৰ নৰকাসুৰ পাহাৰত অৱস্থিত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। ১৯৬০ চনত অসম চৰকাৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত। জন্মলগ্নৰে পৰা ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ তথা বিশেষজ্ঞ পৰ্যায়ৰ শিক্ষা আগবঢ়োৱা এইখন মহাবিদ্যালয় সমগ্ৰ ভাৰততে বিখ্যাত।

ক্ষিপ্ৰ তথ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় Gauhati Medical College and Hospital, স্থাপিত ...
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
Gauhati Medical College and Hospital
Thumb
স্থাপিত ১৯৬০
অধীক্ষক ডাঃ অভিজিত শৰ্মা, এম.এছ. (শল্য চিকিৎসা)
অধ্যক্ষ অধ্যাপক (ডাঃ) অচ্যুত চন্দ্ৰ বৈশ্য, এম.ডি. (কমিউনিটি মেডিচিন)
স্থান ভঙাগড়, ডাকঘৰ: ইন্দ্ৰপুৰ, পিন: ৭৮১০৩২ গুৱাহাটী, অসম, ভাৰত
চমু নাম জি এম চি
ভুক্তি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৱেবছাইট gmchassam.gov.in
বন্ধ কৰক

ইতিহাস

অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰৱৰ্তী সময়ছোৱাত স্বাস্থ্যসেৱা আৰু স্বাস্থ্য শিক্ষাৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা আহি পৰে। ১৯৫৯ চনত অসম চৰকাৰৰ নেতৃত্বত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা, তেতিয়াৰ বিত্তমন্ত্ৰী ফখৰুদ্দিন আলী আহমেদ আৰু অসমৰ তদানীন্তন চিকিৎসা মন্ত্ৰী ৰূপম ব্ৰহ্মই অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লয়। ১৯৫৯ চনৰ ৭ নৱেম্বৰত ৰাজ্য চৰকাৰে বিষয়টোৰ ওপৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰে।

সেই অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে জালুকবাৰীত শুভাৰম্ভ কৰা হয়। বৰ্তমানৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভৱনটো ১৯৬৮ চনত অসমৰ তদানীন্তন ৰাজ্যপাল বি.কে. নেহৰুৱে উদ্বোধন কৰিছিল। ১৯৮০ চনত চিকিৎসালয়খন আৰু ১৯৮৪ চনৰ ভিতৰত চিকিৎসালয়খনৰ অন্যান্য অংশ নতুন ভৱনটোলৈ স্থানান্তৰিত কৰা হৈছিল।

পাঠ্যক্ৰম

মহাবিদ্যালয় খনে ৫বছৰ আৰু ছয়মহীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী আৰু দুবছৰীয়া ডিপ্লোমাও আগবঢ়ায়। লগতে ডক্টৰ অফ মেডিচিন আৰু ডক্টৰ অফ চাৰ্জাৰী পাঠ্যক্ৰমো ইয়াত আছে। তদুপৰি মহাবিদ্যালয়খনৰ লগতে ইনষ্টিটিউট অফ ফাৰ্মাচি আৰু নাৰ্ছিং আছে। ইয়াত ফাৰ্মাচিৰ ডিপ্লোমা আৰু নাৰ্ছিংৰ স্নাতক পাঠ্যক্ৰম আছে। বিভিন্ন ধৰণৰ পেৰামেডিকেল পাঠ্যক্ৰমো ইয়াত উপলব্ধ।

এই সকলোবোৰ পাঠ্যক্ৰমত নামভৰ্তি বিভিন্ন সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা কৰা হয়।

অধিক তথ্য পাঠ্যক্ৰম, সময় ...
পাঠ্যক্ৰমসময়আসন
স্নাতক (এম বি বি এচ)৫ বছৰ ৬ মাহ২০০
স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম৩ বছৰ২০২
স্নাতকোত্তৰ ডিপ্ল'মাৰ পাঠ্যক্ৰম
অতি বিশেষ পাঠ্যক্ৰম৩৭
বন্ধ কৰক

বিভিন্ন বিভাগ

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১২টা Super Speciality বিভাগকে ধৰি মুঠ ৩৩টা বিভাগ আছে। ইয়াৰে কিছুমান বিভাগ এনেধৰণৰ -

  • এনাস্থেচিয়ালজি ( Anaesthesiology )
  • শৰীৰবিজ্ঞান ( Anatomy )
  • জৈৱ ৰসায়ন বিজ্ঞান ( Biochemistry )
  • ইউৰ’লজী ( Urology )
  • হৃদৰোগ বিভাগ ( Cardiology )
  • চৰ্ম ৰোগ বিভাগ ( Dermatology )
  • ই.এন.টি. ( E.N.T. )
  • জৰুৰীকালীন চিকিৎসা ( Emergency Medicine )
  • এণ্ডক্ৰাইন’লজী ( Endocrinology )
  • ফৰেনছিক মেডিচিন ( Forensic Medicine )
  • গেষ্ট্ৰ’এণ্টেৰ’লজী ( Gastroenterology )
  • ৰক্তবিজ্ঞান ( Haematology )
  • মেডিচিন ( Medicine )
  • অণুজীৱবিজ্ঞান ( Microbiology )
  • নেফ্ৰ’লজী ( Nephrology )
  • স্নায়ুবিজ্ঞান ( Neurology )
  • স্নায়ু অস্ত্ৰোপচাৰ ( Neurosurgery )
  • কৰ্কটৰোগ বিজ্ঞান ( Oncology )
  • চকুৰ ৰোগ ( Ophthalmology )
  • শিশু চিকিৎসা ( Paediatrics )
  • ৰোগবিজ্ঞান ( Pathology )
  • ঔষধ বিজ্ঞান ( Pharmacology )
  • শৰীৰবিজ্ঞান ( Physiology )
  • প্লাষ্টিক চাৰ্জাৰী ( Plastic Surgery )
  • মনোৰোগ চিকিৎসা ( Psychiatry )
  • ৰেডিঅ’লজি ( Radiology )
  • অস্ত্ৰোপচাৰ ( Surgery )
  • হৃদ ৰোগ আৰু বক্ষৰ অস্ত্ৰোপচাৰ ( Cardiothoracic Surgery )
  • সামূহিক চিকিৎসা ( Community Medicine )
  • প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞান ( Obstetrics & Gynaecology )
  • অস্থিৰোগ অস্ত্ৰোপচাৰ ( Orthopaedic Surgery )
  • শিশুৰ অস্ত্ৰোপচাৰ ( Paediatric Surgery )
  • গেষ্ট্ৰ’এণ্টেৰ’লজী অস্ত্ৰোপচাৰ ( Surgical Gastroenterology )
  • হাওঁফাওঁৰ চিকিৎসা ( যক্ষ্মা আৰু বক্ষ ) ( Pulmonary Medicine ( TB and Chest ) )

উল্লেখনীয় প্ৰাক্তন ছাত্ৰ

  • ৰমেশ চন্দ্ৰ ডেকা, প্ৰাক্তন সঞ্চালক, এইমছ,নতুন দিল্লী
  • নোমল চন্দ্ৰ বৰা, প্ৰতিষ্ঠাপক, জিএনআৰচি হাস্পতাল
  • মতিউৰ ৰহমান মণ্ডল, ৰাজনীতিবিদ
  • ৰণোজ পেগু, ৰাজনীতিবিদ

আৰু বহুতো...

তথ্য উৎস

বহিঃসংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.