![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/85/Lachit_Borphukan_and_His_Army.jpg/640px-Lachit_Borphukan_and_His_Army.jpg&w=640&q=50)
লাচিত বৰফুকন
অসমৰ আহোম সাম্ৰাজ্যৰ এজন ফুকনলুং / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো আহোম সাম্ৰাজ্যৰ সেনাপতিজনৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে লাচিত বৰফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
লাচিত বৰফুকন বুৰঞ্জীমতে লা-চিত ফু-কন লুং (আহোম: 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫, ইংৰাজী: Lachit Borphukan) আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।[4] শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
ক্ষিপ্ৰ তথ্য লাচিত বৰফুকন 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫 (লা-চিত ফু-কন লুং), জন্ম ...
লাচিত বৰফুকন 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫 (লা-চিত ফু-কন লুং) | |
---|---|
![]() | |
জন্ম | লা-চিত ২৪ নৱেম্বৰ, ১৬২২ |
মৃত্যু | ২৫ এপ্ৰিল, ১৬৭২ কলিয়াবৰ |
সমাধিস্থল | হোলোঙাপাৰ, যোৰহাট, অসম |
স্মৃতিচিহ্ন | লাচিত বৰফুকন সহিতে আহোম সৈন্যৰ প্ৰতিমূৰ্তি |
বাসগৃহ | গড়গাঁও, গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | অসমীয়া |
বংশদ্ভূত | টাই আহোম |
পেচা | বৰফুকন (ফু-কন লুং) |
সক্ৰিয় হৈ থকা সময় | ১৬৬৭-১৬৭২ চন |
সংস্থা | আহোম সেনা |
জনা যায় | শৰাইঘাটৰ যুদ্ধ |
উল্লেখযোগ্য কৰ্ম | ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ বৰফুকনৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল |
গৃহস্থান | গড়গাঁও |
পদবী | বৰফুকন |
পূৰ্বসূৰী | ঘোঁৰাকোঁৱৰ |
উত্তৰসূৰী | লালুকসোলা বৰফুকন |
ৰাজনৈতিক আন্দোলন | আলাবৈৰ ৰণ, শৰাইঘাটৰ ৰণ |
Opponent(s) | মোগল সাম্ৰাজ্য |
ধৰ্ম | আহোম ধৰ্ম |
পিতৃ-মাতৃ | মোমাই তামুলী বৰবৰুৱা (ফুকে লুং লান-ফিমা)[1] [note 1] নাঙ লা চেঙ আইদেউ[2] |
আত্মীয়-স্বজন | ভাতৃ: লালুকসোলা বৰফুকন ভাৰধৰা বৰফুকন মৰঙ্গী বৰবৰুৱা লাও ডেকা দতুকাড়ী ভগ্নী: পাখৰী গাভৰু ককা বা প'-থাও: লান টাই লুঙ [3] |
বন্ধ কৰক