শৰাইঘাটৰ যুদ্ধ
মোগল সাম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত সংঘটিত হোৱা যুদ্ধ / From Wikipedia, the free encyclopedia
শৰাইঘাটৰ যুদ্ধ (ইংৰাজী: Battle of Saraighat) ১৬৭১ চনত সংঘটিত হৈছিল মোগল সাম্ৰাজ্য ( Kachwaha ৰজা, ৰাজা ৰামসিংহৰ নেতৃত্বত), আৰু আহোম ৰাজ্যৰ (লাচিত বৰফুকনৰ নেতৃত্বত) মাজত। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত (বৰ্তমানৰ গুৱাহাটীত) হৈছিল। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল, psychological warfare, কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি আহোম সৈন্যই মোগল সৈন্যক পৰাস্ত কৰে। মোগলৰ নৌ-সেনা দুৰ্বল আছিল আৰু আহোম সৈন্যই ইয়াৰ বহুত সুবিধা গ্ৰহণ কৰিছিল।
ক্ষিপ্ৰ তথ্য শৰাইঘাটৰ যুদ্ধ, তাৰিখ ...
শৰাইঘাটৰ যুদ্ধ | |||||||
---|---|---|---|---|---|---|---|
আহোম-মোগলৰ সংঘৰ্ষৰ অংশ | |||||||
|
|||||||
যুজাৰু | |||||||
আহোম ৰাজ্য | মোগল সাম্ৰাজ্য | ||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
লাচিত বৰফুকন, চক্ৰধ্বজ সিংহ, আতন বুঢ়াগোহাঁই, জয়ন্তীয়া ৰজা, ডিমাচা ৰজা | ৰামসিংহ, মুন্নাৱৰ খান আৰু শেষ্টা খান | ||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||
সঠিককৈ জনা নাযায় | ৪০০০ সৈন্য, ৩জন আমিৰ |
বন্ধ কৰক
শৰাইঘাটৰ যুদ্ধৰ ঘটনাৱলী
1662 —
–
1663 —
–
1664 —
–
1665 —
–
1666 —
–
1667 —
–
1668 —
–
1669 —
–
1670 —
–
1671 —
–
1672 —
–
1673 —
–
1674 —
–
1675 —
–
1676 —
–
1677 —
←
মীৰ জুমলাৰ আক্ৰমণ
←
গুৱাহাটী পুনৰ দখল লাচিতৰ
←
ৰাম সিংহই দিল্লী এৰে
←
শৰাইঘাটৰ যুদ্ধ
←
আলাবৈৰ যুদ্ধ
←
ৰাম সিংহৰ দিল্লীলৈ প্ৰত্যাৱৰ্তন
←
মানাহত আহোম-মোগলৰ সংঘৰ্ষ
←
গুৱাহাটীলৈ আহোমৰ যাত্ৰা
শৰাইঘাট যুদ্ধৰ সময়ৰ ঘটনাৱলী
এই যুদ্ধৰ দ্বাৰাই মোগলে অন্তিমবাৰৰ বাবে অসমলৈকে নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰিছিল। পিছলৈ মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও ১৬৮২ চনত আহোমে গুৱাহাটীখন নিজৰ অধীনলৈ আনে। তাৰ পিছৰ পৰাই অসমত আহোমৰ ৰাজত্ব শেষ হোৱালৈকে নিজৰ অধীনত ৰাখে।