লালুকসোলা বৰফুকন
আহোম সাম্ৰাজ্যৰ বৰফুকন / From Wikipedia, the free encyclopedia
লালুকসোলা বৰফুকন (পদবীত থকা সময়ঃ ১৬৭২–৮০ চন) আহোম সাম্ৰাজ্যৰ এজন বৰফুকন আছিল। তেওঁ নিজে ৰজা হোৱাৰ আকাংক্ষাত শৰাইঘাটৰ যুদ্ধত অসমে জয় কৰা গুৱাহাটী পৰিত্যাগ কৰিছিল। ১৬৭২ চনত কনিষ্ঠ ভ্ৰাতৃ লাচিত বৰফুকনৰ দেহাৱসানৰ পিছত স্বৰ্গদেৱ চুন্যৎফা ওৰফে উদয়াদিত্য সিংহই লালুকসোলাক বৰফুকন হিচাপে নিযুক্তি দিছিল।[1] ১৬৮০ চনত ফুকন আৰু বৰুৱাসকলৰ দ্বাৰা তেওঁক হত্যা কৰা হয়।[2]
ক্ষিপ্ৰ তথ্য লালুকসোলা বৰফুকন, জন্ম ...
লালুকসোলা বৰফুকন | |
---|---|
জন্ম | আহোম ৰাজ্য |
মৃত্যু | ১৬৮০ চন মেটেকা |
বংশদ্ভূত | টাই-আহোমৰ লান ফিমা ফৈদৰ লুক খা খুন পৰিয়াল |
পেচা | নিমাতী ফুকন, নাওবৈচা ফুকন (শৰাইঘাটৰ ৰণৰ সময়ত), বৰফুকন |
পদবী | বৰফুকন (ফুকনলু'ঙ) |
পূৰ্বসূৰী | লাচিত বৰফুকন |
উত্তৰসূৰী | ভাৰধৰা বৰফুকন |
পিতৃ-মাতৃ | পিতৃঃ মোমাই তামুলী বৰবৰুৱা |
সন্তান | পুত্ৰঃ ফুপিত পানীফুকন, থুলুকা, অঙ্গৰা, জগৰা |
আত্মীয়-স্বজন | ভায়েকঃ লাচিত বৰফুকন, ভাৰধৰা বৰফুকন, লাও ডেকা, মৰঙ্গী বৰবৰুৱা, দতুকাড়ী
ভগ্নীঃ পাখৰী গাভৰু ভাগিনীঃ ৰমণী গাভৰু |
বন্ধ কৰক