আহোম জনগোষ্ঠী
উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী / From Wikipedia, the free encyclopedia
টাই আহোম (আহোম ভাষা:𑜇𑜃𑜫 𑜄𑜩 𑜒𑜡 𑜑𑜪𑜤; ফান তাঈ-আ-হ'ম, ইংৰাজী: Tai-Ahom) হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰ-পূবৰ বৃহত্তম টাই জনগোষ্ঠী। ভিন্ন সময়ত চীনদেশৰ য়ুন্নানৰ পৰা প্ৰবজন কৰা টাই-আহোমসকলৰ ফু-খাও ঠাল আদিম যুগৰে পৰা কামৰূপত বাস কৰিছিল।[1] কামৰূপৰ পতনৰ পাছত ১২২৮ত চাওলুং চ্যু-কা-ফাৰ নেতৃত্বত অহা ৯০০০ দেহং দাই লোকৰ ঠালে আহোম ৰাজ্য (মু'ঙ দুন) স্থাপন কৰি ৬০০ বছৰীয়া আহোম শাসনৰ পাতনি মেলে।[2]