![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/ff/Kamarupa_map.png/640px-Kamarupa_map.png&w=640&q=50)
কামৰূপ ৰাজ্য
From Wikipedia, the free encyclopedia
কামৰূপ (ইংৰাজী: Kamarupa বা Pragjyotisha) অসমৰ প্ৰথম ঐতিহাসিক ৰাজ্য যিখন ৩৫০ চনৰ পৰা ১১৪০ চনলৈ প্ৰায় ৮০০ বছৰ বৰ্তি আছিল। ইয়াক প্ৰাগজ্যোতিষ বুলিও কোৱা হৈছিল। এই ৰাজ্য মুঠ তিনিটা ৰাজবংশই তেওঁলোকৰ ৰাজধানী বৰ্তমানৰ গুৱাহাটী আৰু তেজপুৰৰ পৰা শাসন কৰিছিল। সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী উপত্যকা, উত্তৰ বংগ আৰু বাংলাদেশৰৰ চিলেট জিলা ইয়াৰ লগত সংলগ্ন আছিল[1]।
কামৰূপ ৰাজ্য | ||||
সাম্ৰাজ্য | ||||
| ||||
ৰাজধানী | প্ৰাগজ্যোতিষপুৰ (গুৱাহাটী) হাৰুপেশ্বৰ (তেজপুৰ) দুৰ্জয় (গুৱাহাটী) | |||
চৰকাৰ | সম্পূৰ্ণ ৰাজতন্ত্ৰ, ঐকিক ৰাজ্য | |||
কাল | ধ্ৰুপদী যুগ | |||
- স্থাপিত | ৩৫০ | |||
- পতন | ১১৪০ | |||
বৰ্তমানৰ অৱস্থিতি | ![]() ![]() | |||
Warning: Value specified for "continent" does not comply |
প্ৰাচীনকালত ইয়াৰ নাম আছিল প্ৰাগজ্যোতিষ। কালিকা পুৰাণ আৰু হিউয়েনচাংৰ মতে এই ৰাজ্যৰ পশ্চিম সীমান্তত কৰতোৱা নদী আৰু পূব দিশত শদিয়াৰ নিকটৱৰ্তী দিক্কাৰবাসিনী মন্দিৰ আছিল। দক্ষিণ সীমান্ত আছিল বৰ্তমান বাংলাদেশৰ ঢাকা আৰু মৈমনসিংহ জিলাৰ মধ্যবৰ্তী অঞ্চল। বৰ্মন, ম্লেছ আৰু পাল ৰাজবংশই ৰাজ্যখনত দ্বাদশ শতাব্দী পৰ্যন্ত শাসন কৰিছিল। কামৰূপ ৰাজ্যৰ অস্তিত্ব পাল ৰজাসকলৰ পতনৰ পিছত ধীৰে ধীৰে লোপ পাবলৈ ধৰে। দ্বাদশ শতাব্দীৰ পিছত ৰাজ্যখন সৰু সৰু ৰাজনৈতিক অঞ্চলত ভাগ ভাগ হৈ পৰে যদিও তাৰ পিছতো ঐতিহাসিকবিদসকলে কামৰূপ কামৰূপ নামেৰেই সমগ্ৰ ভূখণ্ডৰ উল্লেখ কৰিছিল।[2] ১৫শ শতিকাৰ শেষৰফালে কমতা ৰাজ্য আক্ৰমণ কৰা মুছলিম শাসক আল্লাউদ্দিন হুছেইন শ্বাহৰ মুদ্ৰাত অঞ্চলটোক কামৰূ বা কামৰূদ বুলি উল্লেখ কৰা হৈছে। এই ৰাজ্যৰ নামৰ অস্তিত্ব বৰ্তমান অসমৰ কামৰূপ জিলাৰ মাজতেই বৰ্তি আছে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/ff/Kamarupa_map.png/640px-Kamarupa_map.png)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f3/Kamarupa-inscriptions-findspots.png/640px-Kamarupa-inscriptions-findspots.png)