From Wikipedia, the free encyclopedia
ফুটুকী টুনি, (ইংৰাজী: Scaly-breasted Munia বা Spotted Munia , বৈজ্ঞানিক নাম-Lonchura punctulata) এটা ঘনচিৰিকাৰ আকাৰৰ চৰাইৰ প্ৰজাতি। ই এছিয়াৰ স্থানীয় চৰাই। ইয়াৰ বুকু আৰু পেট অংশত থকা ফুটুকীয়া ৰঙৰ বাবেই ইয়াক ফুটুকী টুনি বুলি কোৱা হয়। এই প্ৰজাতিৰ এঘাৰটা উপ-প্ৰজাতি থকা বুলি জনা যায়।
ফুটুকী টুনি (Scaly-breasted Munia) | |
---|---|
Adult L. p. punctulata in Kolkata, India | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Estrildidae |
গণ: | Lonchura |
প্ৰজাতি: | L. punctulata |
বৈজ্ঞানিক নাম | |
Lonchura punctulata (Linnaeus, 1758) | |
Map showing the breeding areas in Asia and Oceania | |
সমাৰ্থক | |
Loxia punctulata |
ফুটুকী টুনিৰ প্ৰথম বৰ্ণনা ১৭৫৮ চনত প্ৰকাশিত কেৰ'লাছ লিনিয়াছ (Carl Linnaeus)ৰ 'চিষ্টেমা নেচুৰী(Systema Naturae)' নামৰ গ্ৰন্থখনত পোৱা যায়। এই গ্ৰন্থখনিত ফুটুকী টুনিৰ বৈজ্ঞানিক নাম-Loxia punctulata বুলি উল্লেখ কৰা হৈছিল। [2]
বৰ্ত্তমানলৈকে ফুটুকী টুনিৰ মুঠ এঘাৰ (১১)টা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-
ফুটুকী টুনিৰ দেহৰ দৈৰ্ঘ্য সাধাৰণতে ১১-১২ ছে:মি: আৰু ওজন ১২-১৬ গ্ৰাম হয়। পূৰ্ণবয়স্ক ফুটুকী টুনিৰ ঠোঁটটো চুটি আৰু জোঙা হয়। ইয়াৰ দেহৰ ওপৰৰ অংশ মটিয়া আৰু মূৰটো গাঢ় মটীয়া হোৱা দেখা যায়। ইয়াৰ বুকু অংশত ডাঠ আঁচেৰে ফুটুকীয়া হয়। মতা-মাইকী উভয়ে দেখাত প্ৰায় একে। অৱশ্যে মতা ফুটুকী টুনিৰ ডিঙি আৰু বুকু অংশৰ আঁচবোৰ মাইকীজনীতকৈ বেছি ডাঠ ৰঙৰ হয়।[3]
পোৱালি ফুটুকী টুনিৰ দেহৰ ওপৰৰ অংশ পাতল মটিয়া ৰঙৰ হয়। ইহঁতৰ মূৰ অংশ পূৰ্ণবয়স্ক চৰাইৰ দৰে গাঢ় ৰঙৰ হয়।[3][4] অৱশ্যে ঠাইভেদে ইয়াৰ দেহৰ ৰঙ তথা সজ্জাৰো কিছু পৰিৱৰ্ত্তন হোৱা দেখা পোৱা যায়।
ফুটুকী টুনি বহু ধৰণৰ বাসস্থানতে পোৱা যায় যদিও ইয়াক প্ৰধানকৈ জলাশয়ৰ দাঁতিকাষৰীয়া তথা ঘাঁহনি অঞ্চলত অধিক দেখা পোৱা যায়। ভাৰতবৰ্ষত ইয়াক ঘাইকৈ খেতি-পথাৰত ধান খোৱাৰ বাবে অপবাদ দিয়া হয়। এই চৰাইবিধ সমতল ভূমিত অধিক দেখা যায় যদিও হিমালয়ৰ পাদদেশতো ই সমানেই বিস্তৃত। এনে অঞ্চলসমূহৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ২,৫০০ মিটাৰ পৰ্যন্ত হ'ব পাৰে।
ফুটুকি টুনিয়ে শতাধিক চৰাইৰ বৃহৎ জাকত বাস কৰে। ইয়াৰ মাতটো চুটি হুইছেলৰ দৰে,কিটি-কিটি-কিটি যেন শুনা যায়। অৱশ্যে ইহঁতে বিপদৰ সংকেত (alarm) দিবৰ সময়ত কিচিৰ মিচিৰ কৈ তীক্ষ্ণ মাত এটা উলিয়ায়।[4][6]
ফুটুকি টুনিয়ে সাধাৰণতে গুটি খায়। অৱশ্যে গুটিৰ উপৰিও ই সৰু বেৰীজাতীয় ফল যেনে Lantana [7] আদিও খোৱা দেখা যায়।
ফুটুকি টুনিয়ে গ্ৰীষ্মকালত প্ৰজনন কৰে। ইয়াৰ প্ৰজননকাল বাৰিষাকালত অৰ্থাৎ জুনৰ পৰা আগষ্টৰ ভিতৰত আৰম্ভ হয়। অৱশ্যে ঠাইভেদে ইয়াৰ পৰিৱৰ্ত্তন হোৱাও দেখা যায়। ইয়াৰ বাহটো ঘাঁ-পাতেৰে বনোৱা আৰু ঘূৰণীয়া আকাৰৰ হয়। ইহঁতে সাধাৰণতে গছ বা ঘৰৰ মুধচৰ সুৰুঙাত বাঁহ সাজে।[8]
ফুটুকি টুনিয়ে সাধাৰণতে ৪-৬ টাকৈ কণী পাৰে। বাহ সজা আৰু উমনি দিয়া আদি কামত মতা-মাইকী দুয়ো অংশ লয়। কণী পৰাৰ ১০-১৬ দিনৰ উমনিৰ পিছত পোৱালি জগে।[9][10] তিনি সপ্তাহমানৰ ভিতৰত পোৱালিৰ পাখি গজে। ইহঁতে জন্মৰ সাতমাহৰ পিছতে পূৰ্ণবয়স্ক অৱস্থা পায়।[11][12]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.