কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী From Wikipedia, the free encyclopedia
চৰাইৰ (ইংৰাজী: Bird) বৈজ্ঞানিক সংজ্ঞা হ’ল “কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০টা প্ৰজাতি, পৃথিৱীৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা এণ্টাৰ্কটিকালৈক, বসবাস কৰা দেখা যায়। চৰাই জাতিৰ আকাৰ ২ ইঞ্চিৰ “হামিং বাৰ্ড” ৰ পৰা প্ৰায় ৯ ফুটৰ ঊট পক্ষীলৈকে হ'ব পাৰে।
চৰাই সাময়িক পৰিসৰ: Late Jurassic–Recent, ১৫০–০ নিযুত বছৰ প্ৰিকে
কেম
অ
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
| |
---|---|
The diversity of modern birds. | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
অধিজগৎ: | সংকোষকেন্দ্ৰী |
ৰাজ্য: | প্ৰাণী |
ক্লেড: | Avialae |
শ্ৰেণী: | Aves Linnaeus, 1758[1] |
Subclasses | |
And see text |
আধুনিক চৰাই সমূহৰ প্ৰধান বৈশিষ্ট্য হ’ল, ডেউকা, ঠোঁট, টান-খোলাৰ কণী পৰা, চাৰি-কোঠালিৰ হৃদযন্ত্ৰ তথা উচ্চ পাচন-হাৰ (metabolic rate)। চৰাইৰ সকলো প্ৰজাতিৰে ডেউকা আছে। চৰাইৰ ডেউকা প্ৰকৃততে ইয়াৰ আগঠেঙৰ ৰূপান্তৰিত ৰূপ। উৰিব নোৱাৰা চৰাইৰ উদাহৰণ হ’ল, ৰেটিটছ (ratites), পেংগুইন (penguins) আৰু নানা দ্বীপবাসী চৰাই সমূহ। চৰাইৰ পাচন-যন্ত্ৰ তথা শ্বাসযন্ত্ৰও উৰিবৰ বাবে বিশষভাৱে ৰূপান্তৰিত হৈছে। চৰাইৰ বহুতো প্ৰাজাতিয়ে বহু দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি পৰিভ্ৰমণ কৰে। চৰাই সামাজিক জীৱ। নানা ধৰণৰ সংকেত তথা মাতেৰে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে।
জীৱাশ্ম আৰু জৈৱ প্ৰমাণ সমূহৰ আধাৰত বিজ্ঞানীসকলে প্ৰাচীন জুৰাচিক যুগৰ থেৰ’পড ( Theropod) ডাইন’ছৰৰ পৰাই ক্ৰমান্বয়ে ৱিৱৰ্তন ঘটি চৰাইৰ উৎপত্তি হৈছে বুলি গণ্য কৰে। চৰাইৰ উৎপত্তি আজিৰ পৰা ১৫০-২০০ মিলিয়ন বছৰ আগতে হৈছে বুলি ঠাৱৰ কৰা হৈছে।
ফ্ৰান্সিছ উইলোগবী ( Francis Willughby) আৰু জন ৰে ( John Ray) নামৰ বিজ্ঞানী দুগৰাকীয়ে পোনপ্ৰথমে ১৬৭৬ চনত “অৰ্নিথ’লজী’’(Ornithologiae) ত চৰাইৰ বৈজ্ঞানিক শ্ৰেণীবিভাজন আগবঢ়াইছিল[2] কেৰ’লাছ লিনিয়াছ ( Carolus Linnaeus) এ ১৭৫৮ চনত এই শ্ৰেণীবিভাজন সংশোধিত ৰূপত প্ৰকাশ কৰে।
আধনিক চৰাইসমূহ মূলত নিঅৰনিথিছ ( Neornithes) বিভাগটোৰ আন্তৰ্ভুক্ত, ইয়াৰে দুটা বিভাজন আছে। পেলিঅগনেথি ( Palaeognathae), য’ত উৰিব নোৱাৰা চৰাইৰ প্ৰজাতি সমূহ অন্তৰ্ভুক্ত কৰা হৈছে , যেনে- ৰেটিটছ আৰু নিঅ'গনেথি ( Neognathae), য’ত অন্য সকলো চৰাইক সামৰা হৈছে।
পৃথিৱীৰ সকলো ঠাইতে পক্ষী বা চৰাই দেখিবলৈ পোৱা যায়। প্ৰাচীন যুগৰ প্ৰাণীবোৰৰ তুলনাত্মক শাৰীৰবিজ্ঞান আৰু জীৱাশ্মবোৰ অধ্যয়ন কৰি প্ৰাণীবিদসকলে পক্ষীবোৰ সৰীসৃপৰ পৰা উৎপত্তি হৈছে বুলি একমত হৈছে। চৰাই আৰু সৰীসৃপবোৰে বহুক্ষেত্ৰতে সাদৃশ্য দেখুৱাই বাবে হাক্স্লেই ইহঁতক কশেৰুকী প্ৰাণীৰ অন্তৰ্গত চৌৰ’পছিডা (sauropsida) নামৰ অতিগোত্ৰত (Superclass) অন্তৰ্ভুক্ত কৰিছিল। তদুপৰি হাক্সলেই পক্ষীবোৰক মহামান্বিত সৰীসৃপ বুলি অভিহিত কৰিছিল। চৰাইবোৰ হ’ল দ্বিপদী তথা পাখিযুক্ত প্ৰাণী। ইহঁতবোৰ মেছ’য’ইক যুগৰ অৰনিথিছিয়া বৰ্গৰ সৰীসৃপৰ পৰা উৎপত্তি হৈ বৰ্তমান যুগৰ পক্ষীবোৰলৈ ক্ৰ’ম’বিকশিত হৈছে। ক্ৰম’বিকাশৰ ধাৰাত চৰাইবোৰ সৰীসৃপতকৈ উচ্চখাপৰ আৰু স্তন্যপায়ী প্ৰাণীতকৈ নিম্নখাপৰ। দেখা গৈছে যে আধুনিক যুগৰ চৰাইবোৰ প্ৰকৃততে ক্ৰিটেছিয়াছ যুগৰ প্ৰাৰম্ভিক সময়তহে আৱিৰ্ভাব হৈছিল। সৰীসৃপৰ ক্ৰ’মবিকাশ হওঁতে বহু সময়ৰ প্ৰয়োজন হৈছিল; যিহেতু এই পৰিৱৰ্তনে দেহৰ আৰু দেহক্ৰিয়াৰ প্ৰায় সকলোখিনি স্পৰ্শ কৰিছে। এই ক্ৰম’বিকাশৰ ধাৰাত শীতলৰক্তী সৰীসৃপৰ উষ্ণৰক্তী চৰাইলৈ পৰিৱৰ্তন, লাওঁখোলাৰ হাড়সমূহৰ সংযোজন, পুচ্ছাংশৰ দেহাংশলৈ পৰিৱৰ্তন, বাতিল হাড়ৰ (Pneumatic bone) উৎপত্তি, কশেৰুকাৰ সংযোজনৰ ফলত ছিনছেক্ৰাম নামৰ হাড়ৰ সৃষ্টি আদিয়েই প্ৰধান পৰিৱৰ্তন। উষ্ণৰক্তী, দ্বিপদী, অগ্ৰপদখন উৰণ কাৰ্যত সহায় কৰিবলৈ ডেউকালৈ ৰূপান্তৰণ, গ্ৰন্থিবিহীন ছাল আৰু পাখিৰে আবৃত শৰীৰযুক্ত প্ৰাণীবোৰকে চৰাই বোলা হয়। IUCN ৰ তথ্য মতে বৰ্তমান পৃথিৱীত 10,400 তকৈও অধিক প্ৰজাতিৰ চৰাই আছে।
উপশ্ৰেণী (Subclass) নিঅৰনিথিছৰ বিভিন্ন ভাগ সমূহ তলত দিয়াৰ দৰে--.
উপশ্ৰেণী নিঅৰনিথিৰ দুটা মূল উচ্চবৰ্গ (Superorder)–
উচ্চবৰ্গ পেলিঅগনেথি : এই উচ্চবৰ্গৰ অধীনত দুটা বৰ্গ আছে য’ত মুঠতে ৪৯ বিধ প্ৰজাতি অন্তৰ্ভুক্ত। বৰ্গ দুটা হ'ল -
উচ্চবৰ্গ নিঅগনেথি: এই উচ্চবৰ্গত ২৭টা বৰ্গ আৰু সৰ্বমুঠ দহহাজাৰ প্ৰজাতি অন্তৰ্ভুক্ত কৰা হৈছে। এই বৰ্গসমূহ হ’ল-
চৰাই বিশ্বৰ আটাইকেইখন মহাদেশতে পোৱা যায় যদিও আটাইতকৈ বেছি বৈচিত্ৰতা দেখা যায় বিষুৱীয় (tropical ) অঞ্চল সমূহত।[3]
পূৰ্বতে ধাৰণা কৰা হৈছিল যে বিষুৱীয় অঞ্চলত এই বৈচিত্ৰতাৰ কাৰণ হ'ল তুলনামূলক ভাৱে বেছি speciation হাৰ: অৱশ্যে শেহতীয়া তথ্যই দেখুৱাইছে যে বিষুৱীয় অঞ্চলৰ উচ্চ অক্ষাংশৰ লগে লগে নতুন প্ৰজাতিৰ সৃষ্টিও বৃদ্ধি পায় আৰু সেয়ে বিলুপ্তিকৰণ ( extinction) ৰ হাৰেও বৈচিত্ৰতাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব নোৱাৰে।[5] এক বুজনসংখ্যক চৰায়ে সাগৰতো বসবাসৰ বাবে নিজকে অভিযোজিত কৰি ল'ব পাৰিছে। আনকি কিছুমান সাগৰীয় চৰাইৰ প্ৰজাতি কেৱল প্ৰজননৰ বাবেহে পাৰলৈ আহে বুলি জনা যায়।[6]
মানুহে সংস্থাপন (introduce) কৰা অনেক ঠাইতো নতুন প্ৰজাতি সমূহে প্ৰজনন কৰি আবাদী গঠন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে কিছুমান উদ্দেশ্যপূৰ্ণভাৱে কৰা হৈছে, যেনে - Ring-necked Pheasant', নামৰ চৰাইৰ প্ৰজাতিটৌ সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত game bird হিচাপে সংস্থাপন কৰা হৈছে। .[7] অন্যান্য কিছুমান সংস্থাপন আকস্মিক ঘটনাক্ৰমেও (accidental)হয়, যেনে গড়ালৰ পৰা মুক্ত হৈ উত্তৰ আমেৰিকাৰ কেইবাখনো চহৰত সংস্থাপিত হোৱা বন্য Monk Parakeet,[8]কেইবাখনো ঠাইলৈ বিস্তাৰিত হোৱা Cattle Egret,[9] Yellow-headed Caracara,[10] আৰু Galah ইত্যাদি[11]চৰাইৰ প্ৰজাতিয়ে মূল বিস্তৃতিতকৈ বহু বেছি প্ৰসাৰতা লাভ কৰিছে।
চৰাই দুই লিংগৰ হয়ঃ পুৰুষ আৰু স্ত্ৰী। চৰাইৰ লিংগ নিৰ্ধাৰণ হয় Z আৰু W ক্ৰম'জমৰ আধাৰত, আনহাতে স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ হয় XY ক্ৰম'জ'মৰ দ্বাৰা। পুৰুষ চৰাইৰ দুডালকৈ Z ক্ৰম'জ'ম থাকে (ZZ), আনহাতে স্ত্ৰী চৰাইৰ এডাল W ক্ৰম'জ'ম আৰু এডাল Z ক্ৰম'জ'ম থাকে (WZ)।[12]
প্ৰায় সকলো চৰাইৰ ক্ষেত্ৰতে, চৰাইটোৰ লিংগ নিৰ্ধাৰণ হয় নিষেচনৰ (ferilization) সময়ত। শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাৰ মতে অষ্ট্ৰেলিয়াৰ ব্ৰাছ টাৰ্কী (Australian Brush Turkey) চৰাইৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ উমনি দিয়া সময়ৰ তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। এইবিধ চৰাইৰ ক্ষেত্ৰত অধিক উষ্ণতাত স্ত্ৰী-পুৰুষ লিংগীয় অনুপাত বাঢ়ি যোৱা পৰিলক্ষিত হয়।[13]
ডেউকা চৰাইৰ এটা প্ৰধান বৈশিষ্ট্য। ই চৰাইক উৰাত সহায় কৰে। তদুপৰি ডেউকাই চৰাইক প্ৰজনন কালত প্ৰদৰ্শন (display),পৰিৱেশত মিলি পৰাত (camouflage) আৰু যোগাযোগ (signaling) ত সহায় কৰে। [12] বেলেগ বেলেগ কাৰ্য্ডেয সমাধা কৰাৰ উদেশ্যে ডেউকাও ভিন্ন প্ৰকাৰৰ হোৱা দেখা যায়। ডেউকা প্ৰকৃততে ছালৰে এটা বৃদ্ধি (epidermal growth) আৰু সেয়ে ই ছালৰ লগত লাগি থাকে। পাখিসমূহৰ বাহ্যিক গঠন আৰু বিন্যাস (arrangement) ক plumage বুলি কোৱা হয়। ই প্ৰজাতি আৰু লিংগ ভেদে বেলেগ বেলেগ হয়। [14][15]
চৰাইৰ প্লুমেজ অৰ্থাৎ পাখিৰ ৰং, বিন্যাস (arrangement) আৰু সজ্জা (pattern) নিয়মীয়াকৈ সলনি (moult) কৰে। প্ৰজননৰ পিছত চৰাইৰ প্লুমেজ সলনি হ'লে ইয়াক 'non-breeding" plumage বুলি কোৱা হয়।[16] সাধাৰণতে প্ৰয়ভাগ চৰাইৰ ক্ষেত্ৰত 'Moulting' বছৰেকত এবাৰ হয়। অৱশ্যে কিছুমান প্ৰজাতিৰ ক্ষেত্ৰত ই বছৰত দুবাৰ আৰু ডাঙৰ আকাৰৰ মাংসভোজী চৰাই (birds of prey)ৰ ক্ষেত্ৰত ই কেইবাবছৰৰ মূৰত এবাৰকৈ হয়। 'Moulting' ৰ প্ৰক্ৰিয়া প্ৰজাতি ভেদে ভিন্ন হয়। পেচ্ছেৰাইন (passerine) অৰ্থাৎ পেচ্ছেৰিফৰমিছ (Passeriformes) বৰ্গৰ অন্তৰ্গত চৰাই সমূহৰ ডেউকাৰ পাখি সমূহ (flight feather) ভিতৰৰ পৰা এডাল এডালকৈ সৰিবলৈ আৰম্ভ কৰে। [17] হাঁহজাতীয় অন্য কিছুমান চৰায়ে আকৌ একেবাৰতে ডেউকাৰ গোটেইবোৰ পাখি সৰায় আৰু কিছুসময়ৰ বাবে উৰিব নোৱাৰা হৈ পৰে। [18]
বাহ সজাৰ আগে আগে প্ৰায়ভাগ মাইকী চৰায়ে পেটৰ পাখিবোৰ সৰাই বুকুত এটা অঞ্চল পাখিবিহীন কৰি তোলে, এই অংশটোক 'brood patch' বুলি কোৱা হয়। সেই অংশত তেজ চলাচলৰ বাবে ষথেষ্ট ধমনী থাকে আৰু ই চৰাইজনীক উমনি দিয়াত সহায় কৰে। [19]
চৰাইৰ পাখিসমূহক যত্নৰ প্ৰয়োজন। সেয়ে চৰায়ে নিয়মীয়াকৈ দিনৰ প্ৰায় ৯% সময় পাখি সমূহ চাফা কৰাত ব্যয় কৰে। [20] ইহঁতে ঠোঁটৰ সহায়ত পাখিত লাগি থকা ধূলি বা বস্তু আঁতৰায়। তদুপৰি 'uropygial gland' এ নিঃসৰণ কৰা আঠাজাতীয় ৰস (waxy secretion)ৰ ব্যৱহাৰ কৰি পাখিৰ নমনীয়তা (fexibility) অটুট ৰাখে আৰু অন্যান্য ক্ষতিকৰ অনুজীৱসমূহৰ পৰা প্ৰতিৰক্ষা দিয়ে। [21]
অন্যান্য মেৰুদণ্ডী প্ৰাণী সমূহৰ পৰা ব্যতিক্ৰমী বৈশিষ্ট্য হ'ল প্ৰায়ভাগ চৰায়ৈ উৰিব পাৰে। উৰণ ক্ষমতা প্ৰজনন, খাদ্য আহৰণ (feeding) আৰু ভক্ষক (predator)ৰ পৰা ৰক্ষা পোৱাৰ বাবে ব্যৱহৃত হয়। [12] ডেউকাৰ আকাৰ আৰু আকৃতিয়ে চৰাইৰ উৰাৰ ধৰণ নিৰ্ণয় কৰে।
প্ৰায়ভাগ চৰায়ে দিবাচৰ (diurnal), কিন্তু ইয়াৰ ব্যতিক্ৰমো নোহোৱা নহয়। উদাহৰণস্বৰূপে ফেঁচা ( owl) নাইটঝাৰ (nightjar) আদি নিশাচৰ আৰু সাগৰীয় চৰাই যেনে ৱেডাৰ (wader) জাতীয় চৰায়ে দিন-ৰাতিৰ বিচাৰ নকৰাকৈ জোৱাৰ (tide)ৰ সময়ৰ লগত মিলাই খাদ্য খায়। [22]
চৰায়ে বিভিন্ন খাদ্য খায়। ইয়াৰ ভিতৰত উল্লেখযোগ্য খাদ্যসমূহ হ'ল, ফুলৰ ৰস (nectar), ফল-মূল (fruit),উদ্ভিদ (plant), গছৰ গুটি (seeds) আৰু অন্য প্ৰজাতিৰ চৰাইকে ধৰি বিভিন্ন সৰু সৰু জীৱ-জন্তু। [12] চৰাইৰ দাঁত নাই বাবে ইয়াৰ পাচকতন্ত্ৰ গিলি থোৱা খাদ্যৰ পাচন ঘটৌৱাত বিশেষভাৱে অভিযোজিত।
যিবোৰ চৰায়ে খাদ্য আহৰণৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰে আৰু বহুতো প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰে সেইবোৰক generalist বুলি কোৱা হয়। অন্যহাতে বাকী কিছূমান চৰায়ে বিশেষ কিছুমান খাদ্যহে খায় আৰু এটা প্ৰক্ৰিয়াৰেই সেই খাদ্য আহৰণ কৰে , তেনে চৰাইক specialist বুলি আখ্যা দিয়া হয়। [12] খোৱাৰ প্ৰক্ৰিয়াও প্ৰজাতিভেদে বেলেগ বেলেগ হয়। কিছুমান চৰায়ে অলপ অলপকৈ (glean) পোকপতংগ, অমেৰুদণ্ডী প্ৰাণী, ফল-মূল বা গুটি আদি সংগ্ৰহ কৰে। কিছুমানে পোক-পতংগক আকস্মিকভাৱে আক্ৰমণ কৰে। ফুলৰ ৰস চুহি খোৱা চৰাই যেনে হামিংবাৰ্ড (hummingbird), মৌ-পিয়া (sunbird) ইত্যাদিৰ ঠোঁট আৰু জিভা চুহিবৰ বাবে বিশেষভাৱে অভিযোজিত হয়। [23] কিৱি (Kiwi) আৰু সাগৰীয় চৰাই সমূহৰ দীঘল ঠোঁট অমেৰুদণ্ডী প্ৰাণী চিকাৰ কৰাৰ উদেশ্যে ব্যৱহৃত হয়। [12][24]।
কিছুমান চৰাই যেনে ফ্ৰিগেটবাৰ্ড (frigatebird), গাল ( gull)[25] আৰু স্কুৱা ( skua),[26] আদিয়ে অন্য চৰাইৰ পৰা খাদ্য চুৰি কৰি আনে। এই বিশেষ আচৰণটোক ক্লেপ্ট'পৰজীৱিতা (kleptoparasitism) বুলি আখ্যা দিয়া হয়। [27] অন্য কিছুমান চৰই মৃতভোজী, যেনে- শগুণ (scavenger)। [28]
চৰাইৰ বৰ্জনীয় পদাৰ্থ বিসৰ্জনৰ বিশেষ প্ৰক্ৰিয়া (excretion) আৰু ঘৰ্মগ্ৰন্থি (sweat gland) নথকাৰ বাবে শৰীৰত পানীৰ প্ৰয়োজন কম। অৱশ্যে অন্য বহুতো কামত চৰাইক পানীৰ প্ৰয়োজন একেবাৰেই নথকা নহয়। [29] মৰুভূমিৰ বহুতো চৰায়ে খাদ্যত থকা পানীৰেই এই প্ৰয়োজন পূৰাৱ পাৰে। [30]তেনেদৰে সাগৰীয় চৰাই সমূহে সাগৰৰ লোণীয়া পানী খায়ে জীৱন ধাৰণ কৰিব পাৰে। ইয়াৰ বাবে ইহঁতৰ মূৰত লোণ গ্ৰন্থি (salt gland) যি নাকৰ পৰা অনাৱশ্যকীয় লোণখিনি বৰ্জন কৰিব পাৰে। [31]
প্ৰায়ভাগ চৰায়ে ঠোঁটত পানী লৈ পানীখিনি ডিঙিলৈ বৈ যাব পৰাকৈ মূৰটো ওপৰলৈ কৰি দিয়ে। অৱশ্যে অন্য কিছুমান চৰাই যেনে শুকান ঠাইৰ পাৰ (pigeon), ফিন্স (finch), মাউছবাৰ্ড (mousebird), বাটন-ক্কুৱেইল (button-quail) বাষ্টাৰ্ড (bustard) ইত্যাদিয়ে মূৰটৌ বেঁকা নকৰাকৈয়ে পানী শুহি ল'ব পাৰে। [32] মৰুভূমি অঞ্চলৰ কিছুমান চৰায়ে নিয়মীয়াকৈ সেয়ে পানীৰ উৎসত জুম পাতি থাকে। চেন্দগ্ৰাউজ (sandgrouse) আৰু প্লভাৰ (Plover) ৰ দৰে চৰায়ে পেটৰ পাখি সমূহ তিয়াই পোৱালিলৈ পানী কঢ়িয়াই নিয়ে।[33]
চৰায়ে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে পাখিবোৰ তিয়াই গা-ধুৱে।
চৰায়ে দেহৰ বৰণ আৰু পাখিসমূহ অক্ষত ৰাখিবৰ বাবেই প্ৰধানকৈ গা ধুৱে। ধূলিয়ে অপ্ৰয়োজনীয় তৈল পদাৰ্থ শুহি লয় আৰু মৰা ছাল বা বৰ্জনীয়া সামগ্ৰী আঁতৰোৱাত সহায় কৰে। তদুপৰি ধূলিয়ে পৰজীৱী প্ৰাণীকো আঁতৰায় বুলি ধাৰণা কৰা হয়। [34]
বিশ্বৰ বিভিন্ন ঠাইত ঋতু অনুযায়ী হোৱা উষ্ণতাৰ পৰিৱৰ্তনৰ সুবিধা লৈ চৰায়ে খাদ্য আৰু প্ৰজননৰ ঠাইৰ সন্ধানত প্ৰব্ৰজন কৰে। চৰাইৰ প্ৰজাতি ভেদে এনে প্ৰব্ৰজননৰ ধৰণো বেলেগ বেলেগ হয়। বহুতো স্থলচৰ পক্ষী, সাগৰীয় আৰূ জলাশয় সমূহৰ চৰাই আদিয়ে বছৰেকত এবাৰ দীঘলীয়া দুৰত্ব অতিক্ৰম কৰি প্ৰব্ৰজন কৰে। এই প্ৰক্ৰিয়া সাধাৰণতে দিনৰ দৈৰ্ঘ্য (length of daylight) আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে। এই চৰাইসমূহে প্ৰজননৰ সময়খিনি temperate বা উত্তৰ নাইবা দক্ষিণ গোলাৰ্ধ (arctic/ antarctic)ত কটায় বাকী সময়ছোৱা বিষুৱীয় অঞ্চল (tropical)ত অতিবাহিত কৰে। প্ৰব্ৰজনৰ আগে আগে চৰায়ে দেহৰ চৰ্বী (body fat) বৃদ্ধি কৰে আৰু কিছুমান অংগৰ আকাৰ হ্ৰাস কৰি তোলে। [35][36] চৰায়ে অকণো জিৰণি নোলোৱাকৈ মৰুভূমি-সাগৰ সকলো পাৰ হৈ যাব লাগে বাবে প্ৰব্ৰজননৰ সময়ত যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। স্থলচৰ চৰায়ে সাধাৰণতে ২৫০০ কি:মি: পৰ্যন্ত আৰু সাগৰীয় চৰায়ে ৪০০০ কি:মি: পৰ্যন্ত প্ৰব্ৰজন কৰিব পাৰে। [37]। অৱশ্যে Bar-tailed Godwit নামৰ চৰাইবিধে একেৰাহে ১০২০০ কি:মি: পৰ্যন্ত প্ৰব্ৰজন কৰাত সক্ষম। [38] সাগৰীয় চৰাই সমূহৰ ভিতৰত শ্বুটি শ্বিয়েৰৱাটাৰ (Sooty Shearwater) নামৰ চৰাইবিধে সৰ্বাধিক দুৰত্ব অতিক্ৰম কৰে। ই নিউজিলেণ্ড আৰু চিলি (Chile) ত বাহ সাজি পোৱালিজগায় আৰু গ্ৰীষ্মকালটো জাপান, আলাস্কা আৰু কেলিফৰ্ণিয়াত অতিবাহিত কৰে। এনেদৰে বছৰেকত ই প্ৰায় ৬৪০০০ কি: মি: পৰ্যন্ত প্ৰব্ৰজন কৰে। [39]
কিছূমান চৰায়ে কেৱল বেয়া বতৰ বা খাদ্যৰ অভাৱ পূৰাব পৰাকৈ প্ৰয়োজন হোৱা দুৰত্বহে অতিক্ৰম কৰে। উদাহৰণ স্বৰূপে ফিন্স ([[:en:Finch| Finch) জাতীয় চৰায়ে খাদ্যৰ সন্ধানত বেলেগ ঠাইলৈ প্ৰব্ৰজন কৰে। [40]কিছূমান চৰায়ে ইয়াৰ বিতৰণ (range) পৰিসৰতে চমূকৈ প্ৰব্ৰজন কৰে। অন্য কিছুমান চৰাইৰ ক্সত্ৰত আংশিক প্ৰব্ৰজনো দেখা যায়। অৰ্থাৎ কেৱল মাইকী আৰু তলতীয়া মতা (subdominant male) চৰায়ে প্ৰব্ৰজন কৰে। [41] আকৌ সাগৰ-পৃষঠৰ পৰা উচ্চতাৰ ভিত্তিতো চৰায়ে প্ৰব্ৰজন কৰে। এইক্ষেত্ৰত চৰায়ে সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা বেছি উচ্চতাত প্ৰজনন কৰে আৰু তাৰ পিছত তললৈ নামি আহে। এইধৰণৰ প্ৰব্ৰজন সাধাৰণতে উষ্ণতাৰ পৰিৱৰ্তন আৰু খাদ্যৰ উপলভ্যতাৰ ভিত্তিত হয়।[42]
চৰায়ে প্ৰব্ৰজনৰ পিছত পুনৰ একেখন ঠাইলৈকে উভতি অহাৰ ক্ষমতা পৰীক্ষা কৰিবলৈ১৯৫০ চনত বষ্টনত Manx Shearwater নামৰ চৰাইবিধ মুকলি কৰি দিয়া হৈছিল। ১৩ দিনৰ ভিতৰতে ইহঁতে ৫১৫০ কি: মি: অতিক্ৰম কৰি পূৰ্বৰ বাসস্থান ৱেলছ (Wales) লৈ উভতি আহে। [43] বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে প্ৰব্ৰজননৰ সময়ত চৰায়ে দিক নিৰ্ণয় (Navigation) কৰে। দিনৰ ভাগত কৰা প্ৰব্ৰজননত সূৰ্যক ব্যৱহাৰ কৰি প্ৰায়ভাগ চৰায়ে দিক-নিৰ্ণয় কৰে। ৰাতিৰ সময়ত stellar compass ৰ সহায় লয়। [12][44]
চৰায়ে মুখ্যত: visual and auditory সংকেত (signal)ৰ সহায়ত ইটোৱে সিটোৰ স'তে যোগাযোগ কৰে। ই বেলেগ বেলেগ প্ৰজাতিৰ মাজত (intraspecific-within species) বা নিজৰ প্ৰজাতিৰ ভিতৰত (interspecific -between species) হ'ব পাৰে। কেতিয়াবা চৰায়ে সামাজিক ভাৱে নিজৰ প্ৰভুত্ব (dominance) দেখুৱাবলৈ গাৰ বৰণ অৰ্থাৎ প্লুমেজও বৰৱহাৰ কৰা দেখা যায়। [45][46] প্ৰজননৰ সময়ত চৰাইৰ আটাইতকৈ দীঘলীয়া আৰু নান্দনিক প্ৰদৰ্ষণ (display) দেখা যায়। ইয়াক নাচ বুলি কোৱা হয় যি প্ৰকৃততে বিভিন্ন জটিল দেহ সঞ্চালনৰ সমষ্টি হয়। [47] মতা চৰাইৰ প্ৰজননৰ সাফল্য এনে প্ৰদৰ্শনৰ ওপৰতো বহু নিৰ্ভৰ কৰে। [48]
চৰায়ে বিভিন্ন ধৰণৰ মাত (calls and songs)ৰ সহায়তো ভাৱ বিনিময় কৰে। [49][12]। চৰায়ে মাতৰ যোগেদি সাম্ভাৱ্য লগৰীয়া (potential mates) বাছনি,[50]নিজৰ অধিকাৰ ক্ষেত্ৰ (claiming and maintenance of territories) ৰ ঘোষণা আৰু পৰিচালনা[12] অন্য চৰাইৰ চিনাক্তকৰণ,[51]আৰু গোটৰ চৰাইসমূহক ভক্ষক (predator)ৰ আগমণৰ বিষয়ে সকিয়নি দিয়া[52] আদি কাৰ্য্য সমাপন কৰে।
কিছুমান চৰায়ে নিজৰ অধিকাৰ ক্ষেত্ৰ অৰ্থাৎ টেৰিট'ৰী (territory) বজাই সৰু পৰিয়ালত বাস কৰে, অন্যহাতে আন কিছুমান চৰায়ে আকৌ বৃহৎ গোট গঠন কৰি বসবাস কৰে। বৃহৎ গোট গঠন কৰি একেলগে থকাৰ প্ৰধান সুবিধাবোৰ হ'ল, ভক্ষকৰ পৰা প্ৰতিৰক্ষা আৰু খাদ্য আহৰণৰ সুবিধা। [12] বিশেষকৈ ঘন বনাঞ্চলৰ দৰে পৰিৱেশত ভক্ষক প্ৰাণীৰ পৰা বেছি সাৱধান হোৱাৰ প্ৰয়োজন কাৰণ এনে বাসস্থানত চোপ লৈ কৰা আক্ৰমণৰ সম্ভাৱনাও বেছী হয়। সেয়ে বৃহৎ গোটৰ সমূহীয়া সতৰ্ক দৃষ্টিয়ে চৰাইসমূহক সময় মতে সকিয়াই দিবলৈ সক্ষম হয়। সেইবাবেই বনাঞ্চল সমূহত বেলগ বেলগ প্ৰজাতিৰ চৰায়ে একোটা বৃহৎ গোট গঠন কৰি একেলগে চৰা দেখা যায়। অৱশ্যে এই ব্যৱস্থাই খাদ্যৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰো সৃষ্টি কৰে। [54][55]
চৰায়ে কেতিয়াবা অন্য কিছুমান জীৱজন্তুৰ সৈতেও সহযোগিতা (associations) কৰি চলা দেখা যায়। যেনে- সাগৰীয় চৰায়ে মাছ ধৰোঁতে ডলফিন ( dolphin) আৰু টুনা (tuna)ই সাগৰপৃষ্ঠলৈ মাছ ঠেলি দি সহায় কৰে। [56] তেনেদৰে ধনেশ চৰাই আৰু ডোৱাৰ্ফ মংগুজ (Dwarf Mongoose) একেলগে খাদ্য আহৰণ কৰে আৰু ইটোৱে সিটোক কোনো ভক্ষকৰ আগমণত সতৰ্ক কৰি দিয়ে।[57]
চৰায়ে শুওতেও আধা জাগি থাকে আৰু মাজে মাজে ঘপকৈ চকু মেলি আকৌ মুদি দিয়ে। ইয়াক সতৰ্ক শুৱন (vigilant sleep) বুলি কোৱা হয়। ই চৰাইক হঠাতে অহা বিপদৰ পৰা বচাই ৰাখে। [58] বহুতো চৰায়ে টপনি যাওঁতে মূৰটো পিছলৈ কৰি ঠোঁটটো পিছফালৰ ডেউকাত সুমুৱাই থোৱা দেখা যায়। অন্য কিছুমানে অৱঢ়্যে বুকুৰ পাখিতহে মূৰটো লুকুৱাই টোপনি যায়। কিছূমান চৰায়ে এটা ঠেঙৰ ওপৰত ভৰ দি জিৰণি লয়। পেচ্ছেৰাইন Perching birds বৰ্গৰ চৰাই সমূহৰ দেহত থকা বিশেষ অভিযোজন (tendon locking mechanism)ৰ বাবে টোপনি যোৱাৰ সময়তো গছৰ ডালত ঠেঙেৰে খোপনি পুতি ৰাখিব পাৰে। কিছুমান ভাটৌৰ প্ৰজাতিয়ে গছৰ ডালত ওলোটাকৈ ওলমি থাকি শোৱে। [59]
চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত ৯৫% চৰায়ে একগামী (monogamous)। প্ৰজাতি ভেদে চৰায়ে প্ৰায়ে প্ৰজনন কালছোৱা, কেতিয়াবা কেইবাবছৰলৈ আৰু কোনো কোনো ক্ষেত্ৰত মৃত্যু পৰ্যন্ত যোৰা পাতি থাকে। [61] একগামীতাই মাক-দেউতাকৰ যত্নৰ নিশ্চিতি দিয়ে।[62]
অন্যান্য বংশবৃদ্ধিৰ প্ৰক্ৰিয়া (mating systems) সমূহ হ'ল, পলিগাইনি (polygyny), পলিএণ্ড্ৰি (polyandry), পলিগেমী (polygamy), পলিগাইনেণ্ড্ৰি (polygynandry) আৰু promiscuity ইত্যাদি। [12]
প্ৰজননৰ সময়ত প্ৰধানকৈ মতা চৰাইটোৱে বিভিন্ন ধৰণৰ প্ৰদৰ্ষণ (courtship display) কৰে। [63] প্ৰায়বোৰ এনে প্ৰদৰ্শন সাধাৰণতে চৰাইৰ গান বা বিশেষ মাত , নাচোন, উৰন্ত অৱস্থাত কৰা ডেউকাৰ কৌশল আদিৰ মাধ্যমত হয়। মাইকী চৰায়ে এনে প্ৰদৰ্শন সমূহৰ ভিত্তিত পছন্দৰ মতা চৰাইটো নিজৰ লগৰীয়া হিচাপে বাছনি কৰে। [64][65] [
প্ৰয়ভাগ চৰায়ে প্ৰজনন কালত নিজৰ অধিকাৰ ক্ষেত্ৰ বা টেৰিট'ৰী (territory) আন চৰাই সমূহৰ পৰা সক্ৰিয়ভাৱে ৰক্ষা কৰি চলে। আনহাতে যিবিলাক চৰায়ে নিজৰ টেৰিট'ৰী ৰক্ষা কৰিব নোৱেৰে যেনে- সাগৰীয় চৰাই সমূহে কল'নি বা বৃহৎ গোট গঠন কৰি বাস কৰে যাতে ভক্ষকৰ পৰা বাচি থাকিব পাৰে। এনেকৈ কল'নি গঠন কৰি বাস কৰা চৰাই সমূহে নিজৰ নিজৰ বাহ সজা ঠাইখন কেৱল আন চৰাইৰ পৰা ৰক্ষা কৰি চলে। [66]
সকলো চৰায়ে কেলছিয়াম কাৰ্বনেট (calcium carbonate)এৰে গঠিত টান খোলা (hard shells) ৰে আবৃত এমনিয়টিক কণী ( amniotic egg) পাৰে। [12] গছৰ খোৰোং বা গাতত কণী পৰা চৰাইৰ কণীবোৰ সাধাৰণতে বগা বা শেঁতা বৰণৰ আৰু মুকলি ঠাইত বাহ সাজি কণী পৰা চৰাইৰ কণীবোৰ চৌদিশৰ পৰিৱেশৰ লগত মিলি থকা (camouflage) বৰণৰ হয়। [67]
চৰায়ে সাধাৰণতে নিজৰ বাহত কণী পাৰে। বেছিভাগ চৰায়ে নিজৰ প্ৰয়োজনৰ জোখাৰে বিভিন্ন আকৃতিৰ বাহ সাজি লয়। [68][69] চৰায়ে পাখিৰে বাহটো উমাল কৰি ৰাখে। [68] কিছুমান চৰাইৰ বাহ নাথাকে। উদাহৰণস্বৰূপে শিলাময় পাহাৰত বাস কৰা (cliff-nesting) Common Guillemot নামৰ চৰাইটোৱে শিলতে কণী পাৰে। তেনেদৰে এম্পাৰৰ পেংগুইনৰ মাইকীয়ে কণী পাৰে আৰু মতা চৰাইটোৱে নিজৰ ঠেঙৰ মাজতে কণীটো ভৰাই থয়।
ক) চৰাইৰ ঠোঁট (Beaks in Birds): চৰাইৰ ঠোঁটটো উৰ্ধ আৰু নিম্ন হনুৰ দ্বাৰা গঠিত। ঠোঁটটো শিঙৰ দৰে টান পদাৰ্থৰ আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখনক ৰেম্ফ’থিকা (Rhamphotheca) বোলা হয়।
খ) চৰাইৰ হাকোটাযুক্ত পদাঞ্চলৰ প্ৰকাৰ (Types of clawed feet in birds): চৰাইৰ ঠেঙৰ পদাঞ্চল খোজ কঢ়াৰ উপৰিও অন্যান্য বহুতো কামৰ বাবে ব্যৱহৃত হয়। অন্যান্য কামবোৰ হ’ল – বস্তু আদি সংগ্ৰহ, বাঁহ সজা, আক্ৰমণ কৰা, প্ৰতিৰক্ষা ইত্যাদি। চৰাইৰ ঠেঙৰ পদাঞ্চল আঙুলিযুক্ত আৰু এই আঙুলিবোৰত নখ বা হাকোটা থাকে। কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি চৰাইৰ ঠেঙক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।
চৰাইৰ উমনি দিয়া কাৰ্য্যই পোৱালিৰ গঠন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় উষ্ণতা প্ৰদান কৰে।[12] একগামী চৰাইৰ ক্ষেত্ৰত মতা-মাইকী দুয়ো মিলি উমনি দিয়ে।[12]
কণী ফুটি ওলোৱাৰ সময়ত চৰাইৰ প্ৰজাতি ভেদে পোৱালিবোৰ অসহায় বা আত্মনিৰ্ভৰশীল হ'ব পাৰে। একেবাৰে অসহায় আৰু মাক-দেউতাকৰ ওপৰত নিৰ্ভৰশীল পোৱালিক এল্ট্ৰিছিয়েল (altricial)। এনে ধৰণৰ চৰাইৰ পোৱালিবোৰ আকাৰত সৰু, অন্ধ, পাখিবিহীন আৰু লৰচৰ কৰিব নোৱাৰা বিধৰ হয়। অন্যহাতে যিবিলাক পোৱালি জন্মতে চলিব পৰা আৰু নোমেৰে আবৃত হৈ থাকে সিহঁতক প্ৰিক'ছিয়েল (precocial) হয়। এলট্ৰিছিয়েল পোৱালিক প্ৰিক'ছিয়েল পোৱালিতকৈ বেছি যত্নৰ প্ৰয়োজন হয়।
চৰাইৰ বিভিন্ন প্ৰজাতি সমূহৰ ভিতৰত মাক-দেউতাকৰ পোৱালিৰ প্ৰতি যত্ন (parental care) পৰিমাণৰ তাৰতম্য ঘটা দেখা যায়। চূড়ান্ত পৰ্য্যায়ত মেগাপড (megapode)নামৰ চৰাইৰ ক্ষেত্ৰত কণী ফুটি পোৱালি জগিলেই মাক-দেউতাকৰ দায়িত্ব শেষ হয়। তাৰপিছত পোৱালিয়ে নিজে মাটিৰে বনোৱা বাহৰ পৰা মাটি খান্দি ওলাই আহে আৰু নিজৰ আহাৰ নিজে যোগাৰ কৰি লয়। [70] আনহাতে বহুতো সাগৰীয় চৰাইৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি এখন দেখা যায়। উদাহৰণস্বৰূপে ফ্ৰিগেটবাৰ্ড (Great Frigatebird) নামৰ চৰাইবিধৰ পোৱালিৰ পাখি সম্পূৰ্ণকৈ গঁজিবলৈ প্ৰায় ছমাহ সময় লয় আৰু তাৰ পাছতো প্ৰায় ১৪ মাহ পৰ্যন্ত মাক-দেউতাকে পোৱালিক খাদ্য যোগাৰ কৰি দিয়ে। [71]
কিছুমান চৰাইৰ প্ৰজাতিৰ ক্ষেত্ৰত মাক-দেউতাক দুয়ো মিলি পোৱালিৰ যত্ন লয়। অন্য কিছুমান প্ৰজাতিত আকৌ কেৱল মাক বা দেউতাকে অকলে পোৱালি ডাঙৰ কৰে। কিছুমান বিশেষ প্ৰজাতিত আকৌ পোৱালিৰ ওচৰ সম্পৰ্কীয় (যেনে-পূৰ্বৰ গোটত জন্মা একে মাক-দেউতাকৰ ডাঙৰ হোৱা পোৱালি) চৰায়ে মাক-দেউতাকক সহায় কৰে। [72]কাউৰী (crows), অষ্ট্ৰেলিয়ান মেগপাই (en:Australian Magpie:Australian Magpie), পখৰা মাছোৰোকা () আদি চৰাইৰ ক্ষেত্ৰত এনেদৰে ওচৰ সম্পৰ্কীয় চৰয়ে সহায় কৰা দেখা যায়। [73] প্ৰয়ভাগ জীৱ-জন্তুৰ ক্ষেত্ৰতে দেউতাকে পোৱালিৰ যত্ন লোৱা খুউব কমেই দেখা যায়। কিন্তু চৰাইৰ ক্ষেত্ৰত ই তুলনামূল ভাৱে সহজলভ্য। [12][74]
উমনি পৰজীৱিতা (Brood parasitism) নামৰ পৰিঘটনাতো যথেষ্ট সংখ্যক চৰাইৰ ক্ষেত্ৰত দেখা যায়। এনে চৰায়ে আন প্ৰজাতিৰ চৰাইৰ বাহত কণী পাৰে আৰু আনৰ হতুৱাই পোৱালিক ডাঙৰ কৰোৱায়। [75] যাৰ বাহত উমনী পৰজীৱীয়ে কণী পাৰে সেই চৰাইটোৱে কণীটো চিনিব নোৱাৰি নিজৰ আনবোৰ কণীৰ দৰেই উমনি দিয়ে। উমনি পৰজীৱীতা দেখা পোৱাৰ প্ৰধান কাৰণ বোৰৰ ভিতৰত নিজে বাহ সাজি কণী উমনি দিয়াত অক্ষমতা, আনৰ বাহতো পোৱালি জগাই প্ৰজনন অধিক সফল কৰাৰ উদেশ্য হ'ব পাৰে। [76] উমনী পৰজীৱীসমূহৰ ভিতৰত কুলি চৰায়ে আটাইতকৈ বেছি জনাজাত যদিও এনে এশৰো অধিক প্ৰজাতি পোৱা যায়। [75]
পাৰিপাৰ্শ্বিকতাৰ কথা বাদ দিলেও, মানৱ সমাজত চৰাইৰ গুৰুত্ত অপৰিসীম। পৃথিৱীৰ প্ৰায় সকলোবোৰ লোককৃষ্টিত চৰাইৰ উপস্থিত লক্ষ্য কৰিবলগীয়া। সৌন্দৰ্যৰ প্ৰতীক হিচাপে মানৱ সভ্যতাত চৰাইৰ এক বিশেষ স্থান আছে। তদুপৰি চৰাইৰ অৰ্থনৈতিক দিশতো অনেক অৱদান আছে, বিভিন্ন চৰাইৰ মাংস, বিভিন্ন খাদ্য প্ৰণালীৰ অবিচ্ছেদ্য অংগ।
চৰাই সততে দেখা পোৱা যায় বাবে মানুহৰ লগত চৰাইৰ সম্বন্ধ মানৱজাতিৰ জন্মলগ্নৰপৰাই চলি আহিছে।[77] কেতিয়াবা এনে সম্বন্ধ 'পৰস্পৰ সহজীৱি' (mutualistic), যেনে 'মৌ-বিচৰা চৰাই'ৰ (honeyguide) লগত আফ্ৰিকাৰ 'ব'ৰানা' (Borana) সম্প্ৰদায়ৰ মানুহৰ।[78] আন ক্ষেত্ৰত, যেনে ঘৰচিৰিকাৰ লগত মানুহৰ সম্বন্ধ 'সহভোজী' প্ৰকাৰৰ (commensal), য'ত মানুহৰ দৈনন্দিন কাম-কাজৰপৰা ঘৰচিৰিকাই খাদ্যবস্তু লাভ কৰে।[79] কেবাবিধ চৰাইৰ প্ৰজাতি শস্য-বিনস্তকাৰী,[80], আৰু কিছুমান ক্ষেত্ৰত চৰাইৰ দ্বাৰা 'পক্ষী-সংকট' (aviation hazard) হোৱাৰো সম্ভাৱনা থাকে।[81] মানুহৰ কৰ্ম-কাণ্ডৰপৰাই চৰাইৰ ক্ষতি হ'ব পাৰে, আৰু মানুহৰ বিভিন্ন কাৰ্য, যেনে চিকাৰ, পক্ষী-সীহ-বিষৰ প্ৰয়োগ, কীটনাশক দ্ৰৱ্যৰ প্ৰয়োগ, বাহনৰ খুন্দা, অন্য পোহনীয়া জন্তৰ দ্বাৰা হত্যা আদিৰে কেবাবিধ চৰাইৰ বিলুপ্ত হৈছে বা বিলুপ্ত হোৱাৰ উপক্ৰম ঘটিছে।
চৰাই কিছুমান ৰোগৰ বীজাণু বিয়পোৱা মাধ্যমো হ'ব পাৰে, যেনে ছিটাক'ছিছ (psittacosis), ছালম'নেল'ছিছ (salmonellosis), কেম্পাইল'বেক্টৰিঅ'ছিছ (campylobacteriosis), মাইক'বেক্টেৰিঅ'ছিছ (পক্ষী যক্ষ্মা), পক্ষী জ্বৰ, জিয়াৰডিয়েছিছ (en:giardiasis) আৰু ক্ৰিপ্ট'স্প'ৰিডিঅ'ছিছ (en:cryptosporidiosis)। ইয়াৰোপৰি জীৱ-জন্তুৰ শৰীৰৰপৰা কিছুমান ৰোগ পক্ষীয়ে বৃহৎ দূৰত্বত থকা মানৱ-দেহলৈ বিয়পাব পাৰে।[82]
ঘৰচীয়া চৰায়ে মানুহক মাংস আৰু কণী যোগান ধৰে যি মানূহৰ বাবে প্ৰটিনৰ আটাইতকৈ ডাঙৰ উৎস। এক তথ্য অনুসৰি ২০০৩ চনত সমগ্ৰ বিশ্বযুৰি ৭৬ মিলিয়ন টন ঘৰচীয়া চৰাইৰ মাংস আৰু ৬১ মিলিয়ন টন কণী উৎপাদন হৈছিল। [83] মাংসৰ বাবে বহুটো চৰাই চিকাৰো কৰা হয়। উত্তৰ আৰু দক্ষিণ আমেৰিকাত খাদ্যৰ বাবে চিকাৰ কৰা চৰাইসমূহৰ ভিতৰত জলচৰ চৰাই (waterfowl), কুকুৰা-জাতীয় চৰাই (pheasant), কপৌ, ক্কুৱেইল (quail), পাৰট্ৰিজ (partridge), গ্ৰাউজ (grouse) আদি উল্লেখযোগ্য।[84] যদিও কিছুমান বিশেষ চৰাইৰ চিকাৰ বহনক্ষম (sustainable), চিকাৰে প্ৰায়ভাগ চৰাইৰ প্ৰজাতিৰে জনসংখ্যাত বিৰূপ প্ৰভাৱ পেলাইছে আৰু ইহঁতক বিলুপ্তিৰ পথলৈ থেলি দিছে। [85]
চৰাইৰ পৰা পোৱা বাণিজ্যিকভাৱে মূল্যৱান পদাৰ্থ হৈছে কাপোৰ আৰু শুৱাৰ বিভিন্ন সামগ্ৰীত ব্যৱহৃত পাখি (বিশেষকৈ হাঁহজাতীয় চৰাইৰ পাখি), ফছফৰাছ আৰু নাইট্ৰজেনৰ মূল্যৱান উৎস হিচাপে সাগৰীয় চৰাইৰ মল ইত্যাদি। [86]
বাণিজ্যিক লাভৰ বাবে বহুতো চৰাইক মানুহে পোহে। ৰঙীন চৰাই যেনে ভাটৌ (Parrot) আদি মানুহে পোহাৰ বাবে বাহিৰৰ পৰা বেআইনী ভাৱে চোৰাংকৈ ইয়াক অনা হয়।[87] চৰাইৰ প্ৰতি মানুহৰ আকৰ্ষণো যথেষ্ট। সেইবাবেই অপেচাদাৰী পক্ষী নিৰীক্ষকৰ সংখ্যাও সমগ্ৰ বিশ্বত প্ৰতিদিনে বৃদ্ধি পাই গৈছে। [88]
চৰায়ে লোকগাঁথা (folklore), ধৰ্ম, আৰু লোক-সংস্কৃতি (popular culture)ত ভিন্ন ভিন্ন ৰূপত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ধৰ্মৰ ক্ষেত্ৰত চৰায়ে বাৰ্তাবাহক ৰূপে ভূমিকা লোৱাৰ কথা বিভিন্ন আখ্যানৰ পৰা জানিব পৰা যায়।[89] প্ৰাগ-ঐতিহাসিক যুগৰ পৰাই চৰায়ে কলা-কৃষ্টিত বিভিন্ন ভূমিকা পালন কৰি আহিছে। পোন-প্ৰথম চৰাইৰ এনে ভূমিকাৰ কথা গুহা চিত্ৰ সমূহৰ পৰা গম পোৱা যায়। [90] পিছলৈ চৰাইক ধৰ্মীয় বা কলা সম্পৰ্কীয় কাম কাজত উচ্চাত্মক চিহ্ন হিচাপে ব্যৱহাৰ কৰা হৈছিল। উদাহৰণ স্বৰূপে মোগলৰ অধপতি সকলৰ মুকুটত ময়ূৰ চৰাইৰ পাখি সজাই লোৱা হৈছিল।[91] চৰাইৰ ওপৰত বৈজ্ঞানিক জ্ঞান বৃদ্ধিৰ স্পৃহা বঢ়াৰ লগে লগে চৰাইৰ চিত্ৰ অঁকাও উল্লেখযোগ্য ভাৱে বৃদ্ধি পালে। এনেকৈ চৰাইৰ প্ৰতিচ্ছি অঁকা বিশ্ব-বিশ্ৰুত চিত্ৰকাৰ কেইজনৰ ভিতৰত John James Audubon অন্যতম। তেওঁৰ উত্তৰ আমেৰিকাৰ চৰাইসমূহৰ চিত্ৰই সমগ্ৰ ইউৰোপত বিশেষ সমাদৰ লাভ কৰিছিল। [92] কবিতাটো চৰাইৰ উল্লেখ প্ৰায়েই দেখা যায়। উদাহৰণস্বৰূপে হ'মাৰে ওডিছি মহাকাব্যত নাইটিংগল চৰাইক অন্তৰ্ভুক্ত কৰিছে। [93]
বিভিন্ন লোক সংস্কৃতিৰ মাজত চৰাইৰ ভূমিকাও ভিন্ন। উদাহৰণ স্বৰূপে আফ্ৰিকাৰ বিভিন্ন অঞ্চলত ফেঁচাক দুৰ্ভাগ্য, ডাইনী আৰু মৃত্যুৰ স'তে জড়িত কৰা হয়[94] কিন্তু ইউৰোপৰ প্ৰায়ভাগ অঞ্চলত ইয়াক আকৌ জ্ঞানী বুলি গণ্য কৰা হয়।[95]। তেনেদৰে কাকৈশিৰাক প্ৰাচীন ইজিপ্টত পবিত্ৰ বুলি গণ্য কৰা হৈছিল কিন্তু ইউৰোপত ইয়াক চোৰৰ শাৰীত ৰখা হৈছিল।[96]
দুখৰ বিষয়, ১৭শ শতিকাৰ পৰা বৰ্তমানলৈকে, মানুহৰ অবিবেচক কাৰ্য্যৰ পৰিণতিত প্ৰায় ১২০-১৩০ বিধ মান চৰাই পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ গ’ল। বৰ্তমানো প্ৰায় ১২০০টা মান প্ৰজাতিৰ চৰাইৰ অবস্থা সংকটজনক বুলি গম পোৱা গৈছে।
যদিও মানুহৰ কাৰ্য্যকলাপে চৰাইৰ কিছুমান প্ৰজাতিৰ যেনে 'Barn Swallow' আৰু 'European Starling' আদিৰ বিস্তৃতিত সহায় কৰিছে, তাতোকৈ বহু বেছি পৰিমাণে প্ৰজাতিৰ বিলুপ্তিকৰণত অধিক প্ৰভাৱিত কৰিছে। ঐতিহাসিকভাৱে এশৰো অধিক চৰাইৰ প্ৰজাতি বিলুপ্ত হোৱাৰ তথ্য পোৱা যায়[97]যদিও শেহতীয়াকৈ প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূহত মানুহৰ আবাদী আৰম্ভ হোৱাৰ সময়ত মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপৰ বলি হৈ নাটকীয় ভাৱে ৭৫০-১৮০০টা চৰাইৰ প্ৰজাতি বিলুপ্ত হৈ গৈছিল। [98] বৰ্তমান সমগ্ৰ বিশ্বতে এক বুজন পৰিমাণৰ চৰাইৰ প্ৰজাতি বিলুপ্তিৰ পথত আগবাঢ়িছে। ইয়াৰে ১,২২৭টা প্ৰজাতি ২০০৯ চনত আই. ইউ. চি. এনৰ ৰেড লিষ্টত সংকটপূৰ্ণ (threatened) অৱস্থাত থকা প্ৰজাতি বুলি চিনাক্ত কৰা হৈছে। [99][100]
চৰাইৰ বিলুপ্ত হোৱাৰ আটাইতকৈ আলোচিত কাৰণটো হ'ল মানুহে কৰা পৰিৱেশ বিনষ্টিকৰণ আৰু তাৰ ফলত হোৱা বাসস্থান ধ্বংসৰ প্ৰক্ৰিয়া (Habitat loss)।[101] অন্যান্য কাৰণ সমূহ হ'ল, চোৰাং-চিকাৰ, প্ৰয়োজনাধিক মাছ মৰা,[102] পৰিৱেশ প্ৰদুষণ, কীটনাশকৰ ব্যৱহাৰ[103], নতুনকৈ সংস্থাপিত হোৱা বহিৰাগত প্ৰজাতি (nonnative invasive species)ৰ স'তে হোৱা প্ৰতিযোগিতা,[104] আৰু গোলকীয় বতৰ পৰিৱৰ্তন (Climate change) ইত্যাদি।
চৰকাৰ তথা পৰিৱেশ সংৰক্ষণৰ কৰ্মী সকলে উপযুক্ত আইনৰ সহায় লৈ আৰু পৰিৱেশ restoration (ecological restoration) ৰে চৰাইৰ বাসস্থানৰ প্ৰতিৰক্ষা দিয়ে বা প্ৰয়োজন সাপেক্ষে captive breeding আৰু পুনৰ সংস্থাপন (reintroduction)ৰ বাবেও পদক্ষেপ হাতত লোৱা দেখা যায়। এনে পদক্ষেপসমূহ আংশিক ভাৱে হ'লেও সফল হৈছে বুলি কব পাৰি। এটা গৱাষণাত গম পোৱা গৈছিল যে এনেধৰণৰ পসক্ষেপ সমূহে ১৯৯৪ ৰ পৰা ২০০৪ ৰ ভিতৰত অতি কমেও ১৬ বিধ চৰাইৰ প্ৰজাতি বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিছে।[105]
উৰণ পেশী: চৰাইবোৰে ডেউকা দুখন ওপৰ তলকৈ কোৱাই বতাহত উৰিব পাৰে। চৰাইৰ আগ ঠেং দুখন ৰূপান্তৰিত হৈ ডেউকাৰ সৃষ্টি হৈছে। উৰণ কাৰ্যৰ বাবে চৰাইৰ কিছুমান শক্তিশালী উৰন পেশী থাকে। এই পেশীবোৰ উৰোস্থি (Sternum) আৰু উৰোস্থিৰ তলত থকা তৰীদলৰ (Keel) লগত সংযুক্ত হৈ থাকে। উৰণ পেশীবোৰ যথেষ্ট ডাঙৰ। এই উৰণ পেশীবোৰ তলত দিয়া ধৰণৰ।
১. বক্ষ পেশী (Pecoral muscles): উৰণ কাৰ্যত সহায় কৰিবলৈ অতি প্ৰয়োজনীয় পেশী হ’ল বক্ষ পেশী। ই দুই প্ৰকাৰৰ, যেনে – বৃহৎ বক্ষ পেশী (Pectoralis major) আৰু লঘু বক্ষ পেশী (Pectoralis minor)। এই পেশীবোৰৰ কাম হ’ল ডেউকা দুখনক টানি আৰু এৰি দি ডেউকা দুখনক তল- ওপৰ কৰোৱা। এই পেশী দুটা উৰোস্থিৰ তৰীদল আৰু ডেউকাত লাগি থাকে।
২. সহায়ক পেশী (Accessory muscles): চৰাইৰ উৰণ ক্ৰিয়াত সহায় কৰিবলৈ বক্ষ পেশীৰ উপৰিও আন কিছুমান সহায়ক পেশীও থাকে। বক্ষ পেশীৰ ঠিক তলতে ত্ৰিভুজ আকৃতিৰ কৰাক’ব্ৰেকিয়েলিছ লংগাছ (Coraco brachialis longus) নামৰ আন এটুকুৰা পেশী থাকে। এই পেশীটো কোৰাককিড আৰু উৰোস্থিৰ পৰ্শুকী বা কষ্টেল প্ৰবৰ্ধৰ (Costal process) পৰা ওলায় আৰু ইয়াৰ ঠেক কণ্ডৰা অংশ প্ৰগণ্ডিআস্থি মুণ্ডৰ পিছফালে লাগি থাকে। এই প্ৰশীয়ে ডেউকাখনত তললৈ নমোৱাত সহায় কৰে। ইয়াৰ উপৰিও কৰাক’ব্ৰেকিয়েলিছ লংগাছৰ (Coraco brachialis longus) সম্মুখৰ পিনে কৰাক’ ব্ৰেকিয়েলিছ ব্ৰিভিছ (Coraco brachialis brevis) নামৰ আন এটুকুৰা সৰু ঠেক পেশীয়েও উৰণত সহায় কৰে।
৩. আভ্যন্তৰিক পেশী (Intrensic muscles): আভ্যন্তৰিক পেশীবোৰো উৰণৰ বাবে আতি লাগতিয়াল। ইয়াৰে ভিতৰত বাহুৰ বাইচেপ (Biceps) আৰু ট্ৰাইচেপ (Triceps) পেশী উল্লেখযোগ্য। এই পেশী দুটাই উৰণৰ সময়ত কিলাকুটিটো ঘূৰোৱাত সহায় কৰে। পূৰ্ব-বাহুৰ (Fore arm) এক্সটেনছৰ কাৰ্পি ৰেডিয়েলিছ (Extensor carpi radialis) আৰু এক্সটেনছৰ কাৰ্পি আলনেৰিছ (Exensor carpi ulnaris) নামৰ পেশী দুটাই ডেউকাখন জপোৱা আৰু মেলাত সহায় কৰে। আকৌ দুডাল ব্ৰেকিঅ’ ৰেডিয়েলিছ (Brachio-radialis) পেশীয়ে ৰেডিয়াছ (Radius) অস্থিডালক ঘূৰোৱাত সহায় কৰে। অতিশয় হ্ৰাসপ্ৰাপ্ত ডিজিটেল পেশীবোৰে (Digital muscles) উৰণৰ সময়ত পৃথক অংশসমূহ আনকি পাখিবিলাককো ঘুৰা মেলাত সহায় কৰে। আন এটুকুৰা পলিছিছ পেশীয়ে প্ৰথম আঙুলিত লাগি থকা এলুলা বা বাষ্টাৰ্ড ডেউকাখনক (Alula or bastard wing) স্বাধীন ভাবে লৰাচৰা কৰাত সহায় কৰে।
৪. তানিকা পেশী (Tensor muscles): উৰণৰ সময়ত চৰাইটোৱে ডেউকাখন মেলাৰ সময়ত টেন্সৰ লংগাছ (Tensor longus), টেন্সৰ ব্ৰিভিছ (Tensor brevis) আৰু টেন্সৰ এক্সেছৰিয়াছ (Tensor accessorius) নামৰ তিনিবিধ তানিকা পেশীয়ে প্ৰি-পেটাজিয়ামখন (Pre-patagium) সম্পূৰ্ণকে মেলি ৰাখে। এনে ধৰণৰ আন এটুকুৰা টেন্সৰ পষ্টিৰিয়াছ (Tensor posterius) নামৰ পেশীয়ে উৰণৰ সময়ত পেটাজিয়ামখনক (Patagium) বহলকৈ মেলি ৰাখে।
উৰণ ক্ৰিয়াবিধি (Mechanism of Flight): চৰাইৰ আকৃতি অনুসৰি উৰণৰ আৰম্ভণি ক্ৰিয়াবিধিও বেলেগ হয়। সৰু চৰাইবোৰে উৰাৰ আগে আগে ঠেং দুখনৰ সহায়ত এটা জাপ মাৰে। এই জাপটোৱে উৰিবৰ বাবে চৰাইটোক শক্তি যোগায়। ডাঙৰ আকৃতিৰ চৰাইৰ ক্ষেত্ৰত উৰণ কাৰ্যৰ আৰম্ভণিৰ বাবে যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। সেয়েহে শক্তি গোটাবৰ বাবে চৰাইটোৱে প্ৰথমতে কিছুদূৰ জোৰেৰে দৌৰ মাৰে নাইবা সাঁতোৰে যাতে মাটি এৰি বতাহত যাবলৈ পৰ্যাপ্ত পৰিমাণে বল আৰু উল্লাস পায়। উৰাৰ আৰম্ভণিত চৰাইটোৱে ডেউকাখন তলমুৱাকৈ আৰু পিছৰ ফালে কোৱাবলৈ ধৰে যাৰ ফলত প্ৰকৃত উৰণ আৰম্ভ হয়। আকৌ নামিবৰ সময়ত ডেউকা দুখন ওপৰলৈ আৰু আগলৈ কোৱাই কোৱাই চৰাইটো মাটিলৈ বা নিৰ্দিষ্ট স্থানলৈ নামি আহে। চৰাইৰ প্ৰকৃত উৰণ পেশী হ’ল বৃহৎ বক্ষ পেশী। বৃহৎ বক্ষ পেশীৰ সংকোচনে ডেউকাখনক তলৰপিনে কোবাবলৈ শক্তি যোগায় যাৰ ফলত চৰাইটো ওপৰলৈ উঠে। ডেউকা দুখন তললৈ কোবোৱাৰ ফলত উত্তোলন বলৰ (Lift force) সৃষ্টি হয় আৰু চৰাইটো ওপৰলৈ উঠিবলৈ ধৰে। আকৌ বতাহৰ সোঁত ডেউকাৰ ওপৰেদি যোৱাৰ ফলত ওপৰৰ বায়ু চাপ কম হয় আৰু ইও চৰাইটোক কিছু ওপৰলৈ উঠাত সহায় কৰে। লঘু বক্ষ পেশীৰ সংকোচনে ডেউকা দুখনক ওপৰলৈ কোবোৱাত সহায় কৰে। ওপৰ ফালে কোবোৱাৰ ফলত ডেউকা দুখন আংশিক ভাবে জাপ খায় আৰু ডেউকাৰ মাজেৰে বায়ু পাৰ হৈ যাব পাৰে। ইয়াৰ ফলত চৰাইটো লাহে লাহে তললৈ নামি আহিবলৈ ধৰে। চৰাইৰ পুচ্ছ পাখিসমূহে বঠাৰ দৰে কাম কৰে। পুচ্ছ পাখিসমূহ ওপৰলৈ ডাঙি ধৰিলে চৰাইটো ওপৰমূৰা হয় আৰু তলফালে নমাই দিলে চৰাইটো তলমূৱা হয়। নামিবৰ সময়ত চৰাইটোৱে পুচ্ছ পাখিবোৰ তললৈ নমাই দি বিছনীৰ দৰে কোবাৱাৰ ফলত ব্ৰেকৰ কাম কৰে আৰু লগে লগে ই ঠেং দুখন তললৈ নমাই দি গছৰ ডালত বা আন কোনো ঠাইত নামি পৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.