ছিংগাপুৰ

From Wikipedia, the free encyclopedia

ছিংগাপুৰ

ছিংগাপুৰ দক্ষিণ-পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ। দেশখন মালয় উপদ্বীপৰ নিকটত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক নাম ছিংগাপুৰ প্ৰজাতন্ত্ৰ (মালয়: Republic Singapura ৰেপুব্লিক্‌ ছিংগাপুৰা; ইংৰাজী: Republic of Singapore ৰিপাব্লিক্‌ অফ্‌ ছিংগাপুৰ্; চীনা: 新加坡共和国 চিঞ্চিয়াপু গংহেগুঅ; তামিল: சிங்கப்பூர் குடியரசு চিঙ্কাপ্পূৰ্ কুদিয়াৰাচু)।

ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰভাষা (সমূহ), জাতীয়তাসূচক বিশেষণ ...
ছিংগাপুৰ প্ৰজাতন্ত্ৰ
Republic of Singapore (ইংৰাজী)
Republik Singapura (মালয় ভাষা)
新加坡共和国 (চীনা ভাষা)
சிங்கப்பூர் குடியரசு (তামিল ভাষা)
Thumb Thumb
ৰাষ্ট্ৰীয় সঙ্গীত
মাজুলাহ ছিংগাপুৰা (অসমীয়ানুবাদ : আগুৱাই যোৱা ছিংগাপুৰ)
Thumb
ছিংগাপুৰ-ৰ অৱস্থান
ৰাজধানীছিংগাপুৰ1
1°17′N 103°51′E
ৰাষ্ট্ৰভাষা (সমূহ) ইংৰাজী
মেণ্ডাৰীন(চীনা)
মালয়
তামিল
জাতীয়তাসূচক বিশেষণ ছিংগাপুৰী
চৰকাৰ সংসদীয় গণতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি টনি টেন কেং ইয়াম
 -  প্ৰধানমন্ত্ৰী লি চিয়েন লুং
স্বাধীনতা
 -  নগৰৰ মৰ্যাদা ৪ জুলাই ১৯৫১ 
 -  যুক্তৰাজ্যেৰ অধীনত স্বায়ত্তশাসন জুন ৩ ১৯৫৯[1] 
 -  স্বাধীনতা ঘোষণা ৩১ আগষ্ট ১৯৬৩ 
 -  মালয়েছিয়াৰ লগত একীভূত ১৬ ছেপ্তেম্বৰ ১৯৬৩ 
 -  মালয়েছিয়াৰ পৰা পৃথক ৯ আগষ্ট ১৯৬৫ 
মাটিকালি
 -  মুঠ ৭০৪.০ বৰ্গ কিমি (১৯০)
২৭০ বৰ্গ মাইল 
 -  জলভাগ (%) ১.৪৪৪%
জনসংখ্যা
 -  2007 আনুমানিক ৪৬,৮০,৬০০'"`UNIQ--ref-০০০০০০০১-QINU`"' (১১৭)
 -  ২০০০ লোকপিয়ল ৪১,১৭,৭০০ 
জিডিপি (পিপিপি) ২০০৬ আনুমানিক
 -  মুঠ US$১৩৭.৭৬২২ বিলিয়ন (৫৪)
 -  জনমুৰি US$৩০,৭২৩.৬১ (১৭)
মানৱ উন্নয়ন সূচক (২০০৭) ০.৯২২ (অতিউচ্চ) (২৫)
মুদ্ৰা ছিংগাপুৰী ডলাৰ (SGD)
সময় অঞ্চল ছিংগাপুৰ মান সময় (ইউটিচি+৮)
ইণ্টাৰনেট টিএলডি .sg
.新加坡
.சிங்கப்பூர்
কলিং ক'ড ++৬৫
বন্ধ কৰক

নামকৰণ

"ছিংগাপুৰ" নামটো আহিছে মালয় ভাষাৰ Singapura 'ছিংগাপুৰা'ৰ পৰা। 'ছিংগাপুৰা' শব্দটি আহিছে সংস্কৃতৰ 'सिंहपुर' পৰা যাৰ অসমীয়া অনুবাদ 'সিংহপুৰ'।

জলবায়ু

ছিংগাপুৰ বিষুৱৰেখাৰ মাত্ৰ ১ ডিগ্ৰী উত্তৰত অৱস্থিত বাবে ইয়াৰ জলবায়ু নিৰক্ষীয় প্ৰকৃতিৰ।

অৰ্থনীতি

১৯৬৫ চনত স্বাধীনতা লাভৰ পূৰ্বে ছিংগাপুৰ ব্ৰিটিছৰ অধীনত এক 'ক্ৰাউন কলনী' আছিল৷[2] এই দ্বীপ পূব এছিয়াত ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি আছিল। ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাটি থকাৰ কাৰণে ছিংগাপুৰক 'জিবৰালটাৰ অফ দা ইষ্ট' বোলা হৈছিল।[3] ১৮৬৯ চনত চুয়েজ খাল খোলাৰ পিছত ইউৰোপ আৰু এছিয়াৰ মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পায়, ঠিক তেতিয়াই ছিংগাপুৰক বিশ্বৰ প্ৰধান সমুদ্ৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হয়৷[4]

১৯৬৫ চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশেৰ জনমুৰি আয় আছিল ৫১৬ আমেৰিকান ডলাৰ। এই ৫১৬ ইউ.এচ. ডলাৰ আছিল তেতিয়া পূব এছিয়াৰ মাজত তৃতীয় সৰ্বোচ্চ। স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ অহাৰ ফলত ছিংগাপুৰৰ অৰ্থনীতি লাহে লাহে শক্তিশালী হোৱা আৰম্ভ হয়। আশীৰ দশকৰ মাজত এই দেশে উন্নত ৰাষ্ট্ৰৰ মৰ্য্যদা লাভ কৰে৷[5][6][7]

পৰ্যটন

পৰ্যটন ছিংগাপুৰৰ অন্যতম প্ৰধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে। প্ৰতি বছৰ কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমণ কৰে।

  • নৈশ চাফাৰী: ছিংগাপুৰ চিৰিয়াখানা, পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ চাফাৰী৷[8] নৈশ চাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰৰ নানান পশু-পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে।
  • মাৰলায়ন পাৰ্ক: মাৰলিন বা সিংহ-মৎস্য হৈছে ছিংগাপুৰীৰ গৌৰৱৰ প্ৰতীক, বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পূৰ্বে ছিংগাপুৰ যেতিয়া তেমাচেক বা সমূদ্ৰনগৰী নামে পৰিচিত আছিল তেতিয়া প্ৰচণ্ড এক সামূদ্ৰিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল। অধিবাসীসকলে তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল। তেতিয়াই সমুদ্ৰৰ পৰা সিংহ-মৎস্য আকৃতিৰ এক জন্তু আহি সেই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীসকলক উদ্ধাৰ কৰিছিল। মাৰলিনৰ মূৰ্তি মেৰিনা বে-এৰ মাৰলায়ন পাৰ্কত অৱস্থিত।
  • চেণ্টোচা আইলেণ্ড: সমুদ্ৰৰ মাজত সৰু এক দ্বীপত গঢ়ি তোলা বিনোদন কেন্দ্ৰ।

জনসংখ্যা

ছিংগাপুৰৰ জনসংখ্যা প্ৰায় পাঁচ মিলিয়ন।

ধৰ্মবিশ্বাস

অধিক তথ্য ছিংগাপুৰত ধৰ্মালম্বী ...
ছিংগাপুৰত ধৰ্মালম্বী
ধৰ্ম শতাংশ
বৌদ্ধ
 
৪২.৫%
মুছলমান
 
১৪.৯%
নাস্তিক
 
১৪.৮%
খ্ৰীষ্টান
 
১৪.৬%
তাও ধৰ্ম
 
৮.৫%
হিন্দু
 
৪%
অন্যান্য
 
০.৬%
বন্ধ কৰক

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.