পৰম বীৰ চক্ৰ
ভাৰতৰ সৰ্বোচ্চ সামৰিক পদক / From Wikipedia, the free encyclopedia
পৰম বীৰ চক্ৰ (ইংৰাজী: Param Vir Chakra) ভাৰতৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰত শত্ৰুৰ সন্মুখীন হৈ অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়।[5][6] এই পদক মৰণোত্তৰভাৱেও প্ৰদান কৰা হয় আৰু ২১জন পদক প্ৰাপকৰ ভিতৰত ১৪জনকে মৰণোত্তৰভাৱে এই পদক প্ৰদান কৰা হৈছে।[7][8] ২১জন বঁটাপ্ৰাপকৰ ভিতৰত ২০জন ভাৰতীয় থলসেনাৰ আৰু এজন ভাৰতীয় বায়ুসেনাৰ সৈনিক। এই বঁটাৰ প্ৰথম প্ৰাপক মেজৰ সোমনাথ শৰ্মা।
পৰম বীৰ চক্ৰ | ||
| ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | সামৰিক বঁটা | |
বৰ্ণনা | বৃত্তাকাৰ পদকৰ মাজত ৰাষ্ট্ৰীয় প্ৰতীক অশোক চক্ৰ আৰু তাৰ চাৰিওফালে বজ্ৰ খোদিত থাকে। লগতে ইংৰাজী আৰু হিন্দী ভাষাত পৰম বীৰ চক্ৰ বুলি লিখা থাকে। | |
প্ৰতিষ্ঠা | ৩ নৱেম্বৰ, ১৯৪৭[টোকা 1] | |
অন্তিমবাৰ প্ৰদান | ৬ জুলাই, ১৯৯৯ | |
মুঠ প্ৰদানৰ সংখ্যা | ২১ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
প্ৰথম প্ৰাপক | সোমনাথ শৰ্মা, ১৯৪৭ | |
অন্তিম প্ৰাপক | ||
বঁটাৰ মৰ্যদা | ||
ভাৰত ৰত্ন ← পৰম বীৰ চক্ৰ → অশোক চক্ৰ[টোকা 2][3][4] |
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডেল অফ অনাৰ আৰু যুক্তৰাষ্ট্ৰৰ ভিক্টৰিয়া ক্ৰছৰ সমতুল্য পৰমবীৰ চক্ৰ[5] ১৯৫০ চনৰ ২৬ জানুৱাৰী মাহৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আৰম্ভ কৰিছিল। কিন্তু পদকৰ কাৰ্যকাল ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়। স্বাধীন ভাৰতত ই ব্ৰিটিছ ঔপনিবেশিক সামৰিক সন্মান ভিক্টৰিয়া ক্ৰছৰ পৰিৱৰ্তে আৰম্ভ হয়। ভাৰতৰ সামৰিক বাহিনীৰ যি কোনো শাখাৰ সদস্যক এই পুৰস্কাৰ দিয়া হয়। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰ পিছতেই এই পদকৰ স্থান।
এই পদকপ্ৰাপ্ত ব্যক্তিসকলে তেওঁলোকৰ নামৰ পিছত ইংৰাজী P.V.C. (Param Vir Chakra-ৰ সংক্ষেপ ৰূপ) উপাধি হিচাপে ব্যৱহাৰ কৰিব পাৰে। লেফটেনেণ্ট পদতকৈ নিম্ন পদমৰ্যাদাৰ পদকপ্ৰাপকৰ বাবে নগদ অৰ্থও প্ৰদান কৰা হয়। পদকপ্ৰাপকৰ মৃত্যু হ’লে তেওঁৰ বিধৱা পত্নীৰ মৃত্যু বা পুনৰ বিবাহ পৰ্যন্ত পেঞ্চন দিয়া হয়। ২০১৪ চনৰ আগষ্ট মাহত এই পেঞ্চনৰ পৰিমাণ ₹ ১০,০০০ আছিল। ইয়াৰ বাহিৰেও কেইবাখনো ৰাজ্য চৰকাৰে নিজাববীয়াকৈ পেঞ্চনৰ ব্যৱস্থা কৰে।