সোমনাথ শৰ্মা
From Wikipedia, the free encyclopedia
সোমনাথ শৰ্মা এগৰাকী ভাৰতীয় সেনাৰ বিষয়া আছিল। তেওঁকেই প্ৰথম ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল।[2] ১৯৪২ চনত শৰ্মাক ১৯ নং হায়দৰাবাদ ৰেজিমেণ্টৰ অষ্টম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল।[3] দ্বিতীয় বিশ্বযুদ্ধত আৰাকান অভিযানত তেওঁ বাৰ্মাত সেৱা আগবঢ়াইছিল, যাৰবাবে তেওঁৰ নাম ডেচপেচত উল্লেখ কৰা হৈছিল। ১৯৪৭-১৯৪৮ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত তেওঁ কৰ্তব্য পালন কৰি থকা সময়তে; ১৯৪৭ চনৰ ৩ নৱেম্বৰত শ্ৰীনগৰ বিমান বন্দৰৰ ওচৰত পাকিস্তানী অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ সময়তে তেওঁ নিহত হয়। বদগাম যুদ্ধৰ সময়ত তেওঁৰ বীৰত্ব আৰু ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে “পৰমবীৰ চক্ৰ’’ৰে সন্মানিত কৰা হয়।
ক্ষিপ্ৰ তথ্য মেজৰসোমনাথ শৰ্মা পৰমবীৰ চক্ৰ, জন্ম ...
মেজৰ সোমনাথ শৰ্মা পৰমবীৰ চক্ৰ | |
---|---|
২০০৩ চনৰ ভাৰতৰ ডাক টিকটত মেজৰ শৰ্মা | |
জন্ম | ৩১ জানুৱাৰী, ১৯২৩ দাধ, কংৰা জিলা, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ৰাজ (বৰ্তমানৰ হিমাচল প্ৰদেশ, ভাৰত) |
মৃত্যু | ৩ নৱেম্বৰ, ১৯৪৭ (২৪ বছৰ) ২৪) বদগাম, জম্মু আৰু কাশ্মীৰ, ভাৰত অধিৰাজ্য |
আনুগত্য | ভাৰত ভাৰত |
চাকৰি/শাখা | British Indian Army ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৪২—১৯৪৭ |
পদমৰ্যদা | মেজৰ |
চাৰ্ভিছ নাম্বাৰ | IC-521[1] |
ইউনিট | ৪ নং বেটেলিয়ন, কুমাওন ৰেজিমেণ্ট |
যুদ্ধ-বিগ্ৰহ | দ্বিতীয় বিশ্বযুদ্ধ
১৯৪৭ৰ ভাৰত-পাকিস্তানী যুদ্ধ |
পুৰস্কাৰ |
|
সম্পৰ্কীয় | জেনেৰেল বিশ্বনাথ শৰ্মা (ভাতৃ) |
বন্ধ কৰক