মনোজ কুমাৰ পাণ্ডে
ভাৰতীয় সেনাৰ এজন বিষয়া আৰু পৰম বীৰ চক্ৰ প্ৰাপক / From Wikipedia, the free encyclopedia
কেপ্তেইন মনোজ কুমাৰ পাণ্ডে, পিভিচি (ইংৰাজী: Manoj Kumar Pandey; ২৫ জুন ১৯৭৫ – ৩ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ সাহস আৰু নেতৃত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। তেওঁ ১১ গোৰ্খা ৰাইফলছৰ (১/১১ জি আৰ) প্ৰথম বেটেলিয়নৰ বিষয়া আছিল। তেওঁ কাৰ্গিলৰ গাঁও গৰকন আৰিয়ান উপত্যকাৰ খালুবৰ পাহাৰৰ বাংকাৰ পাহাৰ প্ৰান্তত হোৱা যুদ্ধত জাতিটোৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে।[2][3]
ক্ষিপ্ৰ তথ্য কেপ্তেইনমনোজ কুমাৰ পাণ্ডে পৰম বীৰ চক্ৰ, জন্ম ...
কেপ্তেইন মনোজ কুমাৰ পাণ্ডে পৰম বীৰ চক্ৰ | |
---|---|
মনোজ কুমাৰ পাণ্ডেৰ প্ৰতিমূৰ্তি | |
জন্ম | ২৫ জুন, ১৯৭৫ সীতাপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
মৃত্যু | †০৩ জুলাই, ১৯৯৯ (২৪ বছৰ) বাংকাৰ ৰিজ, খালুবাৰ, বাটালিক ছেক্টৰ, কাৰ্গিল, লাডাখ, ভাৰত |
আনুগত্য | ভাৰত প্ৰজাতন্ত্ৰ |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৯৭–১৯৯৯ |
পদমৰ্যদা | কেপ্তেইন |
চাৰ্ভিছ নাম্বাৰ | আই.চি.-৫৬৯৫৯ডব্লিউ[1] |
ইউনিট | একাদশ গোৰ্খা ৰাইফলছ |
যুদ্ধ-বিগ্ৰহ | কাৰ্গিল যুদ্ধ Operation Vijay Battle of Kukarthan Battle of Khalubar |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
স্বাক্ষৰ |
বন্ধ কৰক