From Wikipedia, the free encyclopedia
প্ৰফুল্ল গোবিন্দ বৰুৱা ভাৰতৰ এজন সাংবাদিক তথা দ্য আছাম ট্ৰিবিউন কাকতৰ পৰিচালন সঞ্চালক। সাংবাদিকতা ক্ষেত্ৰ খনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০১৮ চনত ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে। অসমত শিক্ষা, সাহিত্য আৰু সাংবাদিকতাৰ বিকাশৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়।[1] তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্ঠাপক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ। ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন উৎসৱত প্ৰফুল্ল গোবিন্দ বৰুৱাক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[2]
প্ৰফুল্ল গোবিন্দ বৰুৱা | |
---|---|
জন্ম | অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | সাংবাদিক |
জনা যায় | দ্য আছাম ট্ৰিবিউন |
আত্মীয়-স্বজন | ৰাধাগোবিন্দ বৰুৱা (পিতৃ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০১৮) |
১৯৬৬ চনত তেওঁ দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদক পদত অধিষ্ঠিত হয়। বৰ্তমান তেওঁ আছাম ট্ৰিবিউন গ্ৰুপৰ পৰিচালন সঞ্চালক। দ্য আছাম ট্ৰিবিউন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত এখন দৈনিক ইংৰাজী বাতৰি কাকত। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত দ্য আছাম ট্ৰিবিউনয়েই হৈছে সৰ্বাধিক প্ৰচলিত দৈনিক ইংৰাজী বাতৰি কাকত। ১৯৩৯ চনৰ ৪ আগষ্ট তাৰিখে ৰাধাগোবিন্দ বৰুৱাই বাতৰি কাকতখনৰ জন্ম দিয়ে। কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।[3]
প্ৰথম অৱস্থাত কেৱল গুৱাহাটীৰ পৰা প্ৰকাশিত দ্য আছাম ট্ৰিবিউন বৰ্তমান গুৱাহাটী আৰু ডিব্ৰুগড়, এই দুই ঠাইৰ পৰা একেসময়তে প্ৰকাশিত হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই কাকতখনকেই শ্ৰেষ্ঠতম বুলি বিবেচনা কৰা হয়। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলত এই কাকতখনৰ বৃহৎসংখ্যক পঢ়ুৱৈ আছে।[4][5] তেওঁ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ লগত জড়িত হৈ আছে।[6]
অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰ খনৰ পিতামহ হিচাপে খ্যাত প্ৰফুল্ল গোবিন্দ বৰুৱা বহুতো বঁটা লাভ কৰিছে। তাৰে ভিতৰত কমলা শইকীয়া ট্ৰাষ্ট, অসম সাহিত্য সভা আদিৰ বঁটা অন্যতম। তেওঁ কৰ্কট ৰোগৰ সজাগতা সৃষ্টিৰ বাবে ড॰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানে সন্মানিত কৰিছিল।[7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.