![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/0/07/%25E0%25A6%25AA%25E0%25A6%25BE%25E0%25A6%25A8%25E0%25A7%2580_%25E0%25A6%259A%25E0%25A6%25B2%25E0%25A6%259A%25E0%25A7%258D%25E0%25A6%259A%25E0%25A6%25BF%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A7%25B0_%25E0%25A6%25AA%2527%25E0%25A6%25B7%25E0%25A7%258D%25E0%25A6%259F%25E0%25A6%25BE%25E0%25A7%25B0.jpg/640px-%25E0%25A6%25AA%25E0%25A6%25BE%25E0%25A6%25A8%25E0%25A7%2580_%25E0%25A6%259A%25E0%25A6%25B2%25E0%25A6%259A%25E0%25A7%258D%25E0%25A6%259A%25E0%25A6%25BF%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A7%25B0_%25E0%25A6%25AA%2527%25E0%25A6%25B7%25E0%25A7%258D%25E0%25A6%259F%25E0%25A6%25BE%25E0%25A7%25B0.jpg&w=640&q=50)
পানী (২০১৪ চলচ্চিত্ৰ)
যদুমণি দত্ত পৰিচালিত অসমীয়া ছবি (২০১৪) / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ২০১৪ চনত মুক্তি পোৱা অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। অক্সিজেন আৰু হাইড্ৰ'জেনৰ পৰমাণু লগলাগি গঠিত হোৱা পদাৰ্থবিধৰ বাবে পানী চাওক। ১৯৯৫ চনত মুক্তি পোৱা একে নামৰ চলচ্চিত্ৰখনৰ বাবে, পানী (১৯৯৫ চলচ্চিত্ৰ) চাওক।
পানী (ইংৰাজী: Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্ছৰ বেনাৰত যদুমণি দত্তৰ। দীপক কুমাৰ গগৈৰ এখন একাংকিকা নাটকৰ আধাৰত যদুমণি দত্তৰ চিত্ৰনাট্যৰে পানী এখন সমসাময়িক সামাজিক-ৰাজনৈতিক পটভূমিত নিৰ্মিত চলচ্চিত্ৰ। ২০১৩ চনৰ নৱেম্বৰ মাহত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বোলছবিখনৰ প্ৰীমিয়াৰ হয়।[1]
ক্ষিপ্ৰ তথ্য পানী (Thirst), পৰিচালক ...
পানী (Thirst) | |
---|---|
![]() চলচ্চিত্ৰখনৰ প'ষ্টাৰ | |
পৰিচালক | যদুমণি দত্ত |
চিত্ৰনাট্য | যদুমণি দত্ত |
কাহিনী | দীপক কুমাৰ গগৈ |
প্ৰযোজক | যদুমণি দত্ত (জে পি ফিল্ম্ছ) অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) |
অভিনয়ত | বিষ্ণু খাৰঘৰীয়া আইমী বৰুৱা হিমাংশু প্ৰসাদ দাস আশা বৰদলৈ |
চিত্ৰগ্ৰহণকাৰী | সুমন দুৱৰা |
সম্পাদনা | ৰূপম কলিতা |
সংগীত পৰিচালক | অনিৰুদ্ধ বৰুৱা |
মুক্তি |
১২ ছেপ্টেম্বৰ, ২০১৪ |
দেশ | ![]() |
ভাষা | অসমীয়া |
বন্ধ কৰক