অসমৰ চলচ্চিত্ৰ
অসমৰ চলচ্চিত্ৰ উদ্যোগ / From Wikipedia, the free encyclopedia
অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজায় যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি, মিচিং, ৰাভা, ডিমাচা আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ[1] জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে[2]। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ নাম উল্লেখযোগ্য।[3]
অসমৰ চলচ্চিত্ৰ | |
---|---|
মূখ্য পৰিবেশক | ASFFDC AM Television Dolphin Films Pvt. Ltd |
মুঠ | ২০১৭ বৰ্ষত ১৬ খন |
মুঠ | ₹১০ কোটি (১.৪ মিলিয়ন ডলাৰ) |
যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলৈ আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জড়িত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তদুপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্থানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে।[4]
অসমৰ চলচ্চিত্ৰ উদ্যোগতোক জলিউড[5] বুলিও জনা যায়।