কাৰ্বি ভাষা
অসমৰ কাৰ্বি আংলং জিলাৰ মুখ্য ভাষা / From Wikipedia, the free encyclopedia
কাৰ্বি ভাষা উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পূব বাংলাদেশৰ কাৰ্বি লোকসকলে (মিকিৰ বা আৰ্লেং) কোৱা ভাষা। ই চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত কিন্তু ইয়াৰ স্থান স্পষ্ট নহয়। শ্বাফাৰ (১৯৭৪) আৰু ব্ৰেডলীয়ে (১৯৯৭) মিকিৰ ভাষাক এক পথচ্যুত (aberrant) কুকি-চিন ভাষা বুলি শ্ৰেণীকৰণ কৰিছে, আনহাতে থাৰগুডে (২০০৩) ইয়াক শ্ৰেণীকৰণ নকৰি চীনা-তিব্বতীয়ৰ মাজত ৰাখিছে। ব্লেঞ্চ আৰু প'ষ্টে (২০১৩) ইয়াক গোটেই ভাষা পৰিয়ালটোৰ সকলোতকৈ গুৰি ভাষাৰ এটা বুলিছে।
ক্ষিপ্ৰ তথ্য কাৰ্বি, অঞ্চল ...
কাৰ্বি | |
---|---|
আৰ্লেং (Arleng) | |
অঞ্চল | অসম, মেঘালয়, অৰুণাচল প্ৰদেশ |
জাতীয়তা | কাৰ্বি |
স্থানীয় ভাষিক |
5,28,503 (2011)[1] |
ভাষা পৰিয়াল |
Sino-Tibetan
|
ভাষা সংকেত | |
ISO 639-3 | Either: mjw – কাৰ্বি ajz – কাৰ্বি ভৈয়াম (আমৰি) |
গ্লোটোলগ | karb1240 [2] |
বন্ধ কৰক
ধুমুৰালী / কামৰূপ কাৰ্বিৰ বাহিৰে কথিত ভাষাটোৰ স্থানবিশেষে বিশেষ পাৰ্থক্য নাই। মান্য ভাষাৰূপে সাধাৰণতে ডিফু অঞ্চলৰ কথিত ভাষাটোকে ধৰা হয়।[3]