পানী (১৯৯৫ চলচ্চিত্ৰ)
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো ১৯৯৫ চনত মুক্তি পোৱা অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। অক্সিজেন আৰু হাইড্ৰ'জেনৰ পৰমাণু লগলাগি গঠিত হোৱা পদাৰ্থবিধৰ বাবে পানী চাওক। ২০১৪ চনত মুক্তি পোৱা একে নামৰ চলচ্চিত্ৰখনৰ বাবে, পানী (২০১৪ চলচ্চিত্ৰ) চাওক।
পানী (ইংৰাজী: Paani) ১৯৯৫ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। নবাৰুণ ফিল্মচৰ (অসম) বেনাৰত আৰু নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল প্ৰফুল্ল শইকীয়াই। প্ৰফুল্ল শইকীয়া প্ৰথম কাৰ্বি ছবি ‘জিৰচঙ’ৰ পৰিচালক আছিল। ছবিখনৰ গীতৰ কথাংশ আৰু সঙ্গীত আছিল ভূপেন হাজৰিকাৰ। আবহ সঙ্গীত ৰচনা কৰিছিল জিতু তপনে[1][2]
ক্ষিপ্ৰ তথ্য পানী Paani, পৰিচালক ...
পানী Paani | |
---|---|
![]() পানীৰ দুটি দৃশ্যত ক্ৰমে প্ৰাঞ্জল শইকীয়া আৰু ববিতা শৰ্মা | |
পৰিচালক | প্ৰফুল্ল শইকীয়া |
কাহিনী | নিৰোদ চৌধুৰী |
প্ৰযোজক | নৰেন শৰ্মা |
অভিনয়ত | প্ৰাঞ্জল শইকীয়া ববিতা শৰ্মা |
চিত্ৰগ্ৰহণকাৰী | ইন্দুকল্প হাজৰিকা |
সম্পাদনা | বিজয় চৌধুৰী |
সংগীত পৰিচালক | ভূপেন হাজৰিকা |
মুক্তি |
৬ জানুৱাৰী ১৯৯৫ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
বন্ধ কৰক