চৈয়দ আব্দুল মালিক
অসমীয়া গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি / From Wikipedia, the free encyclopedia
চৈয়দ আব্দুল মালিক (ইংৰাজী: Syed Abdul Malik, ১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰৱন্ধকাৰ আৰু ভ্ৰমণ কাহিনী ৰাচোঁতা।[2][3]প্ৰায় পঁষষ্ঠি বছৰ ধৰি দুহেজাৰৰো অধিক গল্প লিখি তেওঁ অসমীয়া গল্প সাহিত্যলৈ এক বৃহৎ অৱদান আগবঢ়াই থৈ গৈছে[4]। তেওঁক অসমীয়া আধুনিক গল্প সাহিত্যৰ ধাৰাটোৰ প্ৰৱৰ্তক বুলি কোৱা হয়।[3] তেওঁৰ গল্প সংকলন ২৫ খনৰো অধিক। তাৰোপৰি তেওঁ প্ৰায় ৬০ খন উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট, অনুবাদ গ্ৰন্থ, ব্যংগ ৰচনা আৰু অসংখ্য প্ৰবন্ধ ৰচনা কৰিছিল।[5] তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰে।[6] তেওঁ অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা[7] লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্ব্বোচ অসামৰিক সন্মান পদ্মশ্ৰী তথা পদ্মভূষণ[8] লাভ কৰে।[9][1] অসমীয়া ভাষাৰ উপৰিও বাংলা, ফাৰ্চী[10], হিন্দী, উৰ্দু অৰু ইংৰাজী ভাষাত মালিকৰ ব্যুৎপত্তি আছিল। ইয়াৰ উপৰিও উড়িয়া, নেপালী, আৰৱী, সংস্কৃত আৰু ৰুছ ভাষাতো তেওঁৰ সম্যক দখল আছিল।[11]
চৈয়দ আব্দুল মালিক | |
---|---|
জন্ম | ১৫ জানুৱাৰী, ১৯১৯ নাহৰণি, গোলাঘাট |
মৃত্যু | ২০ ডিচেম্বৰ, ২০০০[1] |
পেচা | গল্পকাৰ, ঔপন্যাসিক, কবি, নাট্যকাৰ, জীৱনী লেখক, প্ৰৱন্ধকাৰ, ভ্ৰমণ কাহিনী ৰচোঁতা তথা অধ্যাপক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | ইংৰাজী সাহিত্যৰ স্নাতক অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ |
মাতৃশিক্ষায়তন | কটন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় |
সময় | শেষ আৱাহনৰ যুগৰ পৰা প্ৰকাশৰ যুগলৈ |
উল্লেখনীয় কৰ্মৰাজি | ধন্য নৰ তনু ভাল অঘৰী আত্মাৰ কাহিনী |
উল্লেখযোগ্য বঁটা | ছোভিয়েট দেশ নেহৰু বঁটা(১৯৬৫) সাহিত্য অকাডেমি বঁটা(১৯৭২) অসম সাহিত্য সভাৰ সভাপতি (১৯৭৭), পদ্মশ্ৰী বঁটা (১৯৮৪) পদ্মভূষণ(১৯৯২) অসম উপত্যকা সাহিত্য বঁটা(১৯৯৪) শংকৰদেৱ বঁটা(১৯৯৫) |
দাম্পত্যসংগী | চৈয়দা হাচনা মালিক |
সন্তান | চৈয়দা নিচাত চিৰিণ জিনেইদা(প্ৰথম কন্যা) ফৰ্জিনা জাহানা মচিহা(দ্বিতীয়া কন্যা) চৈয়দা মঞ্জুমা ৰাহত ইকবাল(তৃতীয়া কন্যা) চৈয়দা হাব্বা আফনান গুলচাৰা (চতুৰ্থা কন্যা) চৈয়দা মান্না কমৰ নুৰানী(পঞ্চমা আৰু কনিষ্ঠা কন্যা) চৈয়দ কামিল হায়াত এহতেছাম (পুত্ৰ) |
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ গৱেষণা আঁচনিৰ অধীনত গৱেষণা কৰি ১৯৫৮ চনত মালিকে প্ৰকাশ কৰা তেখেতৰ গৱেষণা ভিত্তিক গ্ৰন্থ ‘অসমীয়া জিকিৰ আৰু জাৰী’ অসমীয়া সাহিত্যলৈ এক অমূল্য অৱদান।[11]তেওঁৰ আন এখন গ্ৰন্থ হ’ল চুফী আৰু চুফীবাদ।
মালিকে শংকৰদেৱৰ জীৱনৰ আধাৰত ‘ধন্য নৰ তনু ভাল’ (১৯৮৭) শীৰ্ষক, ৪৩৮ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ এখন উপন্যাস ৰচনা কৰিছিল। অসমীয়া উপন্যাস সাহিত্যত ‘ধন্য নৰ তনু ভাল’ শংকৰদেৱৰ জীৱন ভিত্তিক প্ৰথমখন উপন্যাস।[2] তেওঁ মাধৱদেৱৰ বৰ্ণাঢ্য কৰ্ম আৰু জীৱনক লৈও ‘প্ৰেম অমৃতৰ নদী’ নামে এখন উপন্যাস ৰচনা কৰিছিল। ইয়াৰ উপৰিও মালিকে ৰচনা কৰা অঘৰী আত্মাৰ কাহিনী, সূৰুজমুখীৰ স্বপ্ন, আধাৰশিলা আদি অসমীয়া উপন্যাস সাহিত্যত মাইলৰ খুঁটি।[12]ৰজনীকান্ত বৰদলৈৰ পাছত ‘উপন্যাস সম্ৰাট’ অভিধা চৈয়দ আব্দুল মালিকৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়।[2]
মালিকৰ এক ৰাজনৈতিক জীৱনো আছিল। তেওঁ স্বাধীনতাৰ আগতে গঠিত হোৱা মুছলীম লীগত, ১৯৪৫-৪৬ চনত যোগদান কৰিছিল। মালিক কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় সদস্য নাছিল। তথাপি ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনত যোৰহাট-গোলাঘাট লোকসভা সমষ্টিৰ পৰা কমিউনিষ্ট পাৰ্টিৰ সমৰ্থনত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হয়। ১৯৭১ চনত তেওঁ কংগ্ৰেছ দলত যোগদান কৰে আৰু ১৯৭২ চনত গৃহ সমষ্টি দেৰগাঁৱৰ পৰা অসম বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পুনৰ পৰাজিত হয়। ১৯৭৬ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে তেওঁ অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৮২ চনত তেওঁৰ সাংসদীয় কাৰ্যকালৰ অন্ত পৰে।[12] তেওঁ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সভাপতি আছিল।[13] অসম আন্দোলনৰ সময়ত মালিকক পৰিয়াল সহিতে সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছিল।[14]বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক মতাদৰ্শ গ্ৰহণ কৰি তেওঁ বিতৰ্কৰ বলি হৈছিল।[2]
বৈচিত্ৰ্যময় সৃষ্টিশীলতা, মধুৰ ব্যক্তিত্ব, মনোৰম ৰসিক কথকতাৰ বাবে তেওঁ জীৱনকালতে সৰ্বজন প্ৰিয় এক কিংবদন্তি পৰিণত হৈছিল।[12]
অসমীয়া সাহিত্যলৈ মালিকৰ অৱদানৰ বিষয়ে সুঁৱৰি কথাশিল্পী হোমেন বৰগোহাঞিয়ে লিখিছে[11],
…‘মালিকে যি বিশাল চিত্ৰশালা সৃষ্টি কৰি থৈ গৈছে সেই চিত্ৰশালাত অসমীয়া সমাজে নিজৰ প্ৰতিচ্ছবি দেখিবলৈ পায়…এই কথা ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব যে আধুনিক যুগত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত মালিকেই হ’ ল দ্বিতীয়জন লেখক যিজনে সমগ্ৰ অসমীয়া জাতিৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হৈছে।’(‘মালিকৰ সুখ-দুখ’)…