প্ৰকাশ (আলোচনী)
From Wikipedia, the free encyclopedia
প্ৰকাশ হৈছে অসমীয়া ভাষাত প্ৰকাশিত হোৱা এখন মাহেকীয়া সাহিত্য আলোচনী। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈ আহিছে। প্ৰকাশৰ প্ৰচ্ছদ আঁকিছিল অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। [1] আলোচনীখনৰ বৰ্তমান মূল্য ত্ৰিশ টকা।
ক্ষিপ্ৰ তথ্য সম্পাদক, প্ৰকাশনৰ হাৰ ...
প্ৰকাশৰ ল'গ' | |
সম্পাদক | মিহিৰ দেউৰী |
---|---|
প্ৰকাশনৰ হাৰ | মাহেকীয়া |
প্ৰকাশক | প্ৰমোদ কলিতা, সচিব, অসম প্ৰকাশন পৰিষদ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বন্ধ কৰক
১৯৭৫ চনত প্ৰথম প্ৰকাশ হোৱা এই আলোচনীখন আৰ্থিক সমস্যাৰ বাবে প্ৰায় বহুবছৰ অপ্ৰকাশিত হৈ আছিল। ২০১২ চনৰ ৭ মেত গুৱাহাটীস্থিত অসম ৰাজ্যিক যাদুঘৰৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত তেতিয়াৰ অসমৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰকাশিত সংখ্যাটো উদ্বোধন কৰে। প্ৰকাশৰ সেই সংখ্যাটোৰ সম্পাদক আছিল অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি ৰংবং তেৰাং।[2][3]