চকু
From Wikipedia, the free encyclopedia
চকু (ইংৰাজী:Eyes) হৈছে দৰ্শন অংগ। চকুৱে পোহৰক নিউৰণত বিদ্যুৎ-ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ কৰে। চকুৰ আইৰিছে চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে লেন্স মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেতৰূপে স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে। মগজুত এই সংকেতৰ বিশ্লেষণ হয় আৰু জীৱই দেখা পাবলৈ সক্ষম হয়। প্ৰায় ৯৬% প্ৰাণী প্ৰজাতিৰ জটিল দৰ্শন তন্ত্ৰ আছে।[1] ম'লাস্কা, ক'ৰডাটা আৰু সন্ধিপদীবোৰৰ ইমেজ-ৰিছল্ভিং চকু থাকে।[2]
ক্ষিপ্ৰ তথ্য চকু, সবিশেষ ...
চকু | |
---|---|
চকুৰ বিভিন্ন অংশবোৰ | |
সবিশেষ | |
চিনাক্তকাৰক | |
লেটিন | অকুলাছ |
TA98 | A15.2.00.001 A01.1.00.007 |
TA2 | 113, 6734 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
সূক্ষ্মজীৱ বোৰৰ চকুৰ গঠন অতি সৰল, কেৱল আন্ধাৰ আৰু পোহৰহে চিনাক্ত কৰিব পাৰে।