লেটিন ভাষা (Latin: lingua latīna) ইন্দো-ইউৰোপীয় ভাষাৰ অন্তৰ্গত ইটালীক শাখাৰ এক শাস্ত্ৰীয় ভাষা। লেটিন বৰ্ণমালা ইষ্ট্ৰোস্কেন আৰু গ্ৰীক বৰ্ণমালাৰ পৰা উদ্ভৱ হৈছে।

ক্ষিপ্ৰ তথ্য লেটিন ভাষা, থলুৱা অঞ্চল ...
লেটিন ভাষা
lingua latīna
Thumb
ইটালীৰোমক'ল'ছিয়ামত লেটিন লিপি
থলুৱা অঞ্চল
  • লেটিয়াম
  • ৰোমান সম্ৰাজ্য / গণতন্ত্ৰ / সম্ৰাজ্য
    • প্ৰাক আধুনিক ইউৰোপ
  • ছিলিছিয়াৰ আৰ্মেনিয়ান সম্ৰাজ্য (সংযোগী ভাষা)
  •  ভেটিকান চিটি
জাতীয়তা লেটিন
যুগ খ্ৰীষ্টীয় ষষ্ঠৰ পৰা নৱম খ্ৰীষ্টাব্দৰ সময়ছোৱাত বিৰূপ লেটিন পিছলৈ ৰোমাঞ্চ ভাষালৈ বিকশিত হৈছিল; বিশুদ্ধ ভাষা মধ্য ইউৰোপ আৰু কেথলিক দেশ সমূহৰ বিদ্বান লেখনি আৰু কেথলিক গীৰ্জা সমূহৰ পৱিত্ৰ ভাষাৰূপে ব্যৱহাৰ হৈছিল
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয় ভাষা
  • ইটালীক
    • লেটিন' ফালিস্কান ভাষা
      • লেটিন ভাষা
লিখন প্ৰণালী লেটিন বৰ্ণমালা 
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 হলি চি
নিয়মাধীন হয়
  • প্ৰাচীন: ব্যাকৰণ আৰু অলংকাৰশাস্ত্ৰৰ ৰোমান স্কুল[1]
  • বৰ্তমান: পন্তিফিকেল একাডেমী অফ লেটিন
ভাষা সংকেত
ISO 639-1 la
ISO 639-2 lat
ISO 639-3 lat
গ্লোটোলগ impe1234[2]
lati1261[3]
লিংগোৱাস্ফেয়াৰ 51-AAB-aa to 51-AAB-ac
Thumb
১১৭ খ্ৰীষ্টাব্দৰ ৰোমান সম্ৰাজ্য আৰু লেটিন ভাষী সকলে শাসন কৰা অঞ্চল (ৰঙা)। সম্ৰাজ্যৰ ভিতৰত লেটিনৰ বাহিৰেও আন বহুতো ভাষাৰ প্ৰচলন আছিল।
Thumb
ৰোমাঞ্চ ভাষাৰ বিস্তৃতি, আধুনিক লেটিনৰ উত্তৰপুৰুষ
বন্ধ কৰক

লেটিন প্ৰথমতে ৰোম আৰু আৰু ইয়াৰ আশে-পাশে লেটিয়াম নামেৰে প্ৰচলিত আছিল।[4] ৰোমান গণতন্ত্ৰৰ শক্তি বিস্তাৰৰ লগে লগে ই এক প্ৰভাৱশালী ভাষালৈ পৰিনীত হয়। প্ৰথমে ই ইটালী আৰু পিছলৈ গোটেই ৰোমান সাম্ৰাজ্যত বিয়পি পৰে। বিৰূপীত লেটিন ভাষা ৰোমাঞ্চ ভাষালৈ বিকশিত হয়। সেই সমূহ হ'ল ইটালীয়ান ভাষা, পৰ্তুগীজ ভাষা, স্পেনীছ ভাষা, ফৰাচী ভাষা, আৰু ৰোমানিয়ান ভাষা। লেটিন, গ্ৰীক আৰু ফ্ৰেন্স ভাষাৰ বহু শব্দয়ে ইংৰাজী শব্দসম্ভাৰ টনকিয়াল কৰিছে। তাৰে ভিতৰত লেটিন আৰু গ্ৰীক শব্দ মূল সমূহ ইংৰাজী ভাষাত সূত্ৰ, জীৱবিজ্ঞান, বিজ্ঞান, ঔষধ আৰু আইনী বিষয়ত ব্যৱহাৰ হয়।

৭৫ খ্ৰীষ্টপূৰ্বত ৰোমান গণতন্ত্ৰয়ে পুৰণি লেটিনক বিধিসন্মতভাবে শাস্ত্ৰীয়কৰণ কৰে। বৰ্তমান লেটিন বিশ্বৰ বহুতো শৈক্ষিক প্ৰতিষ্ঠানত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক স্তৰত শিকোৱা হয়।[5][6] ই ৰোমান কেথলিক গীৰ্জা সমূহ আৰু হলি চিৰ চৰকাৰী ভাষা।

তথ্য উৎস

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.