পোহৰ
From Wikipedia, the free encyclopedia
মানুহৰ চকুৰ বাবে সংবেদনশীল বিদ্যুত চুম্বকীয় বৰ্ণালীৰ দৃশ্যমান অংশক পোহৰ বা দৃশ্যমান পোহৰ বা আলোক (ইংৰাজী: Light) বোলা হয়।[1] দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিসৰ হৈছে প্ৰায় ৩৮০ বা ৪০০ নেন'মিটাৰৰ পৰা প্ৰায় ৭৬০ বা ৭৮০ নেন'মিটাৰ আৰু কম্পনাংকৰ পৰিসৰ হৈছে প্ৰায় ৪০৫ হাৰ্টজৰ পৰা ৭৯০ হাৰ্টজৰ ভিতৰত। পদাৰ্থবিজ্ঞানৰ সংজ্ঞাত পোহৰ শব্দটোৰ দ্বাৰা মানুহৰ চকুৰ বাবে অদৃশ্য অৱলোহিত (নিম্ন কম্পনাংক) আৰু অতি বেঙুনীয়া (উচ্চ কম্পনাংক) অঞ্চলৰ নিকটৱৰ্তী বিকিৰণক সামৰি লোৱা হয়।[2][3]
পোহৰৰ প্ৰাথমিক ধৰ্মবোৰ হৈছে তীব্ৰতা, পৰিভ্ৰমণৰ দিশ, কম্পনাংক বা তৰংগদৈৰ্ঘ্যৰ বৰ্ণালী আৰু ধ্ৰুৱীয়তা, শূন্যত ইয়াৰ বেগ হৈছে ২৯,৯৭,৯২,৪৫৮ মিটাৰ প্ৰতি ছেকেণ্ড। বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি ই মহাবিশ্বত যিকোনো শক্তি, পদাৰ্থ বা তথ্যই পাবপৰা সৰ্বোচ্ছ বেগ। ই পদাৰ্থবিদ্যাৰ এক অত্যন্ত প্ৰয়োজনীয় ধ্ৰুবক আৰু সাধাৰণতে ইয়াক ইংৰাজী "c" আখৰেৰে সূচিত কৰা হয়।
পোহৰ 'ফ'টন' নামৰ কিছুমান সূক্ষ্ম 'গোট' বা এককৰ জৰিয়তে বিকিৰিত আৰু অৱশোষিত হয়। পোহৰে তৰংগ আৰু কণা- এই দুই ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। এই বিশেষ ধৰ্মক তৰংগ-কণা দ্বৈত ধৰ্ম বুলি কোৱা হয়। পোহৰৰ বিষয়ে অধ্যয়নক 'আলোক বিজ্ঞান' বোলা হয় আৰু ই আধুনিক পদাৰ্থবিজ্ঞানত গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ।