গুৰু দত্ত
From Wikipedia, the free encyclopedia
বসন্ত কুমাৰ শিৱশংকৰ পাডুকন (ইংৰাজী: Vasanth Kumar Shivashankar Padukone, ৯ জুলাই ১৯২৫ – ১০ অক্টোবৰ ১৯৬৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা, নৃত্য পৰিচালক, আৰু লেখক আছিল। তেওঁ গুৰু দত্ত নামেৰে অধিক পৰিচিত। ২০১২ চনত তেওঁক চিএনএনৰ "টপ ২৫ এছিয়ান অভিনেতা"ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল।
গুৰু দত্ত | |
---|---|
জন্ম | বসন্ত কুমাৰ শিৱশংকৰ পাডুকন ০৯ জুলাই, ১৯২৫ পাডুকন, দক্ষিণ কানাড়া, মাদ্ৰাছ প্ৰেচিডেঞ্চি, বৃটিছ ভাৰত (বৰ্তমান কৰ্ণাটকত) |
মৃত্যু | ১০ অক্টোবৰ, ১৯৬৪ (৩৯ বছৰ) বোম্বে, মহাৰাষ্ট্ৰ |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৪৬-১৯৬৪ |
দাম্পত্যসঙ্গী | গীতা দত্ত (বি. ১৯৫৩–৬৪) |
সন্তান | ৩ |
আত্মীয়-স্বজন |
|
দত্ত তেওঁৰ শিল্পকৰ্মৰ বাবে যথেষ্ট প্ৰশংসিত হৈছিল, বিশেষকৈ তেওঁৰ ক্ল'জ-আপ শ্বট, পোহৰ আৰু বিষাদৰ চিত্ৰণৰ ব্যৱহাৰ উল্লেখযোগ্য।[1] তেওঁ মুঠ ৮খন হিন্দী ছবি পৰিচালনা কৰিছিল, ইয়াৰে কেইখনমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুৰাগীৰ বিশেষ সমাদাৰ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে প্যাছা (১৯৫৭), এই ছবিখনে টাইম আলোচনীৰ ১০০খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছিল। লগতে কাগজ কে ফুল (১৯৫৯), চৌধৱী কা চান্দ (১৯৬০), আৰু চাহিব বিবি ঔৰ গুলাম (১৯৬২) আদি চলচ্চিত্ৰসমূহক হিন্দী চিনেমাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত সঘনাই অন্তৰ্ভুক্ত কৰা হয়।[2][3][4][5]