উমাচল শিলালিপি
From Wikipedia, the free encyclopedia
উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ, সময় পঞ্চম শতিকাৰ শেষভাগ। লিপি খন ১৯৫৫ চনত উদ্ধাৰ হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোনত পোৱা গৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই লিপিখন দৃষ্টিগোচৰ হৈছিল।[1] শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম উদ্ধাৰ হোৱা শিলালেখ খনত সুৰেন্দ্ৰবৰ্মণা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল।[2] শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য।[3] যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লিখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা।[4] ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন।
উমাচল শিলালিপি | |
---|---|
উমাচল শিলালিপি | |
উপাদান | শিল |
লিখন | সংস্কৃত ভাষা |
আৱিষ্কাৰৰ ঠাই | উমাচল, গুৱাহাটী, অসম |
নিৰ্মিত | মহেন্দ্ৰ বৰ্মাৰ শাসনকাল |
সময়কাল / সংস্কৃতি | পঞ্চম শতিকা |
বৰ্তমান অৱস্থান | উমাচল |
পণ্ডিতৰ মতে গোলাঘাট জিলাৰ নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি
পুৰনি প্ৰথম শিলালিপি। এই লিপিৰ সময় আছিল পঞ্চম শতিকাৰ আদিভাগ।